অসমআন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষসাক্ষাৎকাৰ

তিনিখন ৰাজ্যৰ মাজত সমন্বয়ৰ সেতু কল্পনা পাটোৱাৰী কিয় নিজৰ বাবেও সাঁথৰ?

জীৱনক অন্যধৰণে মূল্যায়ন কৰিব বিচাৰে কল্পনা পাটোৱাৰীয়ে। বৰপেটাৰপৰা গৈ তিনিখন ৰাজ্যক তেওঁ প্ৰতিনিধিত্ব কৰিছে। যিদৰে অসমে তেওঁক পাহৰিব নোৱাৰে, সেইদৰে বিহাৰেও সদায় মনত ৰাখিব লাগিব। ভোজপুৰী সংগীতক নতুন মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত কল্পনা পাটোৱাৰীক পাহৰিলে হ’বনে? ভাল খবৰৰ হৈ সেইগৰাকী শিল্পীৰ কিছু কথা জানিবলৈ প্ৰয়াস কৰিছিলো আমি…

সৰুৰেপৰা গায়িকা হ’ব বুলি ভাবিছিল নে পাছত গানক কেৰিয়াৰ হিচাপে বাচি ল’লে?

দুয়োটাই হৈছে। কিন্তু মই হেনো আঢ়ৈ বছৰ বয়সতে গুণগুনাবলৈ লৈছিলো। হ’ব পাৰে দেউতা বিবিধ পাটোৱাৰী, তেখেত লোকশিল্পী হয়। অল ইণ্ডিয়া ৰেডিঅ’ৰ আৰ্টিষ্ট আছিল তেওঁ। আইতাই  শীতলা নাম গাইছিল, খুড়া-জেঠা থিয়েটাৰৰ শিল্পী আছিল। গতিকে সংগীত মই জন্মৰপৰাই পাইছোঁ। মই নিজেই আচৰিত হওঁ যে মই চাৰি বছৰ বয়সত মই দেউতাৰ লগত পাব্লিক পাৰফৰ্মেন্স কৰোঁ। বহুত সৰুতে গাবলৈ ল’লোঁ। মই বাচি লোৱা নাছিলোঁ। এইটো নেচাৰিলী হৈ গ’ল। কিন্তু কটনৰপৰা ডিগ্ৰী কৰাৰ পাছত মোৰ সন্মুখত কেৰিয়াৰ নিৰ্ণয়ৰ কথাটো আহি পৰে। তেতিয়াই সংগীতক কেৰিয়াৰ অপচন হিচাপে বাচি ললোঁ।

গানৰ আনুষ্ঠানিক শিক্ষা লৈছিল নেকি?

শিকিছোঁ। তানপূৰা বা ক্লাছিকেল মিউজিক পাছত আহে মোৰ জীৱনলৈ। দেউতাৰ লগত দোতাৰা আৰু ডগৰত লোকগীত মঞ্চই মঞ্চই গাইছিলো। গতিকে দোতাৰাখনৰ লগত সম্পৰ্ক প্ৰথমে হয় মোৰ। লোকগীত বা লোকসংগীতক লৈ সেই চাৰি বছৰ বয়সৰপৰাই দুৰ্বলতা আছিল। তাৰ পাছত ডঃ ভূপেন হাজৰিকাৰ গান শিকোঁ।  ভূপেন হাজৰিকা নিজেই এখন স্কুলৰ দৰে। তেওঁৰ জ্ঞানৰ ভঁৰাল ইমান ডাঙৰ যে শিকিবলগীয়া বহুত আছে। গীত গোৱাৰ আগত বহুত কথাই শিকিবলগীয়া থাকে। আজি মোৰ গীতৰ শব্দবোৰ কি? সমাজখনক মই কিদৰে পৰ্যবেক্ষণ কৰিছোঁ? কোনবোৰ গীত গাইছোঁ। সেইবোৰ খুব দৰকাৰী। আমাৰ পাছৰ প্ৰজন্মৰ বাবেও দৰকাৰী। ইণ্ডিয়ান ক্লাছিকেল মিউজিক মই শিকোঁ প্ৰথমে বিবেকানন্দ শৰ্মা, প্ৰয়াত নৰেন দাস, শিখা দত্ত বাইদেউৰপৰা। কিন্তু খুব বেছি প্ৰভাৱিত হৈছো দ্বীপেন ৰয়ৰপৰা। তেওঁ এতিয়াও আছে। লক্ষৌৰ ভাদখাণ্ডেৰ পাঁচ বছৰীয়া পাঠ্যক্ৰমটো কৰিছোঁ। মুম্বাইলৈ যোৱাৰ পাছত ওস্তাদ গোলাম মুস্তাফা খানৰ ওচৰত বহুখিনি টেকনিকেলিটিজ শিকোঁ। তাৰ বাহিৰেও শিক্ষা কেতিয়াও শেষ নহয়। শুনি শুনি বহুত শিকোঁ। পাশ্চাত্যৰ ক্লাছিকেল সংগীতৰ ক্ষেত্ৰত মাৰায়া কেৰেক খুব শুনোঁ। মোৰ গুৰু বুলিলে বহু কেইজন গুৰুৰ কথাই ক’ব লাগিব। বিহাৰ, উত্তৰ প্ৰদেশ বা  ঝাৰখণ্ড গোটেইকেইখন ঠায়ে ভাৰতবৰ্ষৰ হাৰ্টলেণ্ড। মহাভাৰত, ৰামায়ণ, সীতা, কৃষ্ণ, ৰাম বা আধ্যাত্মিক-পৌৰাণিক তত্ত্ব থকা সেই ঠাইত মই প্ৰেক্টিকেলী বা ভোজপুৰী ভূমিত মোৰ মাইক্ৰ’ফোনৰ আগত মই থিয় হৈ যি শিকোঁ, এৰপৰা জেডলৈ শিকোঁ। যিহেতু মোৰ কোনো সম্বন্ধ নাই বিহাৰৰ লগত। গতিকে সেইটো এটা অসাধাৰণ কথা বুলি ভাবে। আজি যদি মই বেলেগলৈও লক্ষ্য কৰো সেইটো এটা অসাধাৰণ কথা বুলি ভাবোঁ মই। বেলেগে মোক সোধে যদিও মই নিজকে সোধো কেনেকৈ সম্ভৱ হ’ল? ভোজপুৰী মাটিৰ শিল্পী বুলি মোৰ পৰিচয় যদিও সেই মাটিৰ লগতেই মোৰ সম্বন্ধ নাই।

ভোজপুৰী গানৰ লগত কেতিয়াৰ পৰা কেনেকৈ জড়িত হ’ল?

২০০২ৰ পৰা। অধ্যয়ন কৰাৰ হেঁপাহ মোৰ বহু আছে। মুম্বাইলৈ যোৱাৰ পাছত বিভিন্ন ভাষাৰ গান গোৱাৰ প্ৰস্তাৱ আহে। তেতিয়া মই অধ্যয়ন কৰোঁ। তেনেকৈ মই ভোজপুৰীও গাবলৈ ল’লোঁ। আৰু তেতিয়া ভোজপুৰী ছুপাৰহিট লৈ গ’ল।

ভোজপুৰী ৰাণী বুলি ক’লে কেনেকুৱা অনুভৱ হয়?

এইটো বহুত ডাঙৰ দায়িত্ববোধ বুলি ভাবোঁ। ৰাণী হবলৈ হঠাৎ দুটা গান গালোঁ আৰু হিট হ’ল তেনে নহয়। মই অসমৰ ভূমিৰ লগত জড়িত। বেলেগ এটা প্ৰান্তলৈ গৈ তাৰ গাঁও অঞ্চলৰ অশিক্ষিত নাৰী বা ককা-আইতাসকলৰ অন্তৰত গৈ বহাতো সাধাৰণ কথা নহয়। মই জানোঁ যে বহু ক্ষেত্ৰত নেদেখাজনৰ হাত থাকে। শিৱৰ আশীৰ্বাদ বুলি মই ভাবোঁ। কাৰণ প্ৰথমে মই ঝাৰখণ্ডৰ বাবা দেৱনাথ ধামৰ ওপৰত গান গাওঁ। ভোলানাথৰ ১২টা জ্যোতিলিংগৰ এটা। সেই গানটোৱে মোক ভোজপুৰী গায়িকা কৰি তোলে।

অসমৰ লোকসংগীতক বাহিৰলৈ উলিয়াই নিয়াৰ বাবে কিবা পদক্ষেপ লৈছে নেকি?

অসমীয়া লোকসংগীতৰ প্ৰচাৰ হোৱা নাই। দুটা গান ফিউজন হৈ গ’লেই লোকসংগীত প্ৰচাৰ হোৱা বুলি নুবুজায়। অসমৰ লোকসংগীত মানে কেৱল বিহু নহয়। বিহুতেই বহুত ভাগ আছে। বিষু, ঐনিতম আদি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন গীত আছে বিহুক লৈ। কেইদিনমান আগতে এই প্ৰশ্ন উত্থাপিত হৈছিল যে অসমীয়া কোন? চুতীয়া, বড়ো, আহোম সকলোৰে অতীত আছে আৰু সংস্কৃতিও আছে।

তাৰ আগলৈ যদি ৫-১০ হেজাৰ বছৰ আগলৈ বা যিমানলৈ যাব পাৰোঁ তেতিয়াৰ লোকসংগীত বৰ্তমান অসমৰ লোকসংগীততকৈ পৃথক নহয়। মই ভাবোঁ যে অসমীয়া লোকসংগীত বুলিলে অকল কামৰূপী বা গোৱালপৰীয়া লোকগীত নহয়। কাৰণ বড়ো-দেউৰী ভাষাৰ লোকসংগীতখিনি ক’লৈ যাব? বৰ্তমান মই বড়োসকলৰ বাথৌ পূজাৰ ওপৰত ভিত্তি কৰি ১৫টা গানৰ কাম কৰি আছোঁ। এইখিনিয়ে শেষ নহয়। অসমত বহুত কৰিবলগীয়া আছে। মই অলপ অলপকৈ চেষ্টা চলাই আছোঁ। হয়তো মোক দেখি আন কোনোবাই প্ৰেৰণা পাব। কাৰণ এইটো এজনে কৰিব পৰা কাম নহয়। নিশ্চয়কৈ বহুতে এইক্ষেত্ৰত পদক্ষেপ লৈছে। মই ভাবোঁ ফিউজনতকৈ বেছি কৰিবলগীয়া আছে। মোৰ লক্ষ্য ফিউজন নহয়, থলুৱা শিল্পী হিচাপে কাম কৰিব খোজোঁ।

বৰপেটাৰপৰা বিহাৰ নাইবা বলিউডলৈ যি যাত্ৰা  তাত কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি?

প্ৰত্যাহ্বান মই ভালপাওঁ। মোৰ মতে সকলোৱে প্ৰত্যাহ্বান ভাল পাব লাগে। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ, দিনটো পাৰ কৰিলোঁ, পৰচৰ্চা কৰিলোঁ, ৰাতি হ’ল খাই লৈ শুই থাকিলোঁ। তেনেকৈ দিনৰ পাছত দিন পাৰ হৈ গৈ থাকে। সেইটো লাইফ নহয়। জীৱনৰ মূল্যবান সময়বোৰ এনেকৈ শেষ হৈ যায়। সেইবোৰ কৰিবলৈ আহিছিলো নেকি? সেইটো নহয়, সকলো কামৰ পেছন থাকে। তুমি যি কৰিছা তাক ভালপোৱা। মনেৰে যিটো বিচাৰা তাকেহে কৰা। তেতিয়া জীৱনটো উপভোগ কৰিব পাৰিবা। গতিকে মই ভাবোঁ প্ৰত্যাহ্বান খুবেই দৰকাৰী। অসুবিধা সকলোৰে থাকে।

মই আজি মাতৃ। দুটা ল’ৰা মোৰ। একেসময়ত মই গায়িকাও, সংগীতো মোৰ এটা সন্তান। বহুতে কয় নাৰীৰ পৰিয়ালৰ সমস্যাৰ কথা, কিন্তু মই ভাবোঁ যে পৰিয়ালৰ কথা সমস্যা হ’ব নোৱাৰে। সমস্যাবোৰক নাৰীকেন্দ্ৰীক দৃষ্টিভংগীৰে চাব নালাগে। নিজকে আগুৱাই নিয়াৰ ক্ষেত্ৰত নিজৰ সাহসৰ খুবেই দৰকাৰ।

আপুনি ৩০ তাৰো অধিক ভাষাত গান গাইছে সেয়া কেনেকৈ সম্ভৱ হ’ল?

হয়। মই বহু ভাষাত গান গাইছোঁ। মই গান গোৱাৰ আগত ভাষাটোৰ ওপৰত ষ্টাডী কৰোঁ। তেওঁলোকৰ সামাজিক দৃষ্টিভংগী কেনেকুৱা লক্ষ্য কৰোঁ। তেওঁলোকৰ সমাজখনক আঁকোৱালি ল’ব চেষ্টা কৰোঁ। তেনেকৈয়ে ভাষাটো আয়ত্ত্ব কৰি লওঁ। ইন্টাৰনেচনেল ভাষাত মই বেছি গোৱা নাই। ইংৰাজীত গাইছোঁ। আৰবী গাইছোঁ, নেপালী গাইছো, বাংলা গাইছোঁ। মই বিচাৰোঁ মই যি ঠাইলৈ যাওঁ তাৰপৰা থলুৱা সংগীতৰ আভাষ লৈ অহাটো। দৰকাৰ হ’লে গানৰ এটা কলিয়ে হওঁক। মই য’লৈ যাওঁ  সেই ঠাইৰ পৰম্পৰাগত সাজ-পোছাকো আনিবলৈ চেষ্টা কৰোঁ।

আপুনি থলুৱা বা পৰম্পৰাগত পোছাক প্ৰায়ে পৰিধান কৰে। ইয়াৰ কাৰণ কি?

মই পৰিধান কৰা পোছাকজোৰে সমাজলৈ এটা বাৰ্তা কঢ়িয়ায়। যেনেকৈ মই লোকসংগীত শিল্পী, লোকসংগীতত বহু বাৰ্তা থাকে, তেনেকৈ মই মোৰ  পোছাকজোৰেৰেও বাৰ্তা দিব খোজোঁ। পৃথিৱীৰ বিভিন্ন পাৰম্পৰিক পোছাক মই পৰিধান কৰোঁ। বড়োসকলৰ দখনাই গোটেই গাটো ঢাকি ৰাখে, সেয়ে ভাল লাগে। চাদৰ-মেখেলাও বিৰাটেই ভাল।সকলো পিন্ধোঁ। মই এইটো ক’ব খোজোঁ যে মই অকল গাইছোঁ সেইটোৱে কথা নহয়, কি পিন্ধিছোঁ সেইটোৱেও পাৰ্ফমেঞ্চৰ সময়ত গুৰুত্ব পায়।

ক’ক ষ্টুডিঅৰ অভিজ্ঞতাৰ বিষয়ে ক’ব?

ক’ক ষ্টুডিঅ’ মোৰ মতে এটা স্তম্ভ। পৃথিৱীৰ সকলো আৰ্টিষ্টৰ কাৰণে। ক’ক ষ্টুডিঅ’ পৃথিৱীত প্ৰথম ব্ৰাজিলত স্থাপিত হয়। পাকিস্তানত খুব বেছি জনপ্ৰিয় হয়। মোৰ পাকিস্তানত পাৰফৰ্ম কৰাৰ বহুত ইচ্ছা আছে। ভাৰতত মই দুবাৰ কৰিছোঁ। দুয়োবাৰে মোৰ এইটো ভাল লাগিলে যে এইটো ট্ৰু ফিউজন বুলি ক’ব খোজোঁ। মই সৰুতে দেউতাৰ লগত চাইকেলত উঠি উঠি মঞ্চই মঞ্চই ঘূৰি দেউতাৰ সৈতে দেখা গাঁওৰ অৰিজিনেল কামৰূপীয়া লোকগীতৰ যিটো চেহেৰা আৰু পৰিধান তাতো দেখিবা যে সদায় সংঘৰ্ষ কৰা এজন মানুহ যি ৰাস্তাই ৰাস্তাই ঘূৰি আছে সেই মানুহজন। যেতিয়া এজন বিখ্যাত মানুহৰ সংস্পৰ্শলৈ আহি যায় য’ত তোমাৰ আৰু মোৰ সামাজিক প্ৰাৰ্থক্য কি অৰ্থনৈতিক ব্যৱধান কি নোহোৱা হৈ যায় সেইটো হৈছে ক’ক ষ্টুডিঅ’। মোৰ লগত ৰাজস্থানৰ মন্দিৰত বজোৱা লোকশিল্পীয়ে বজাইছে। সেই মঞ্চতে ইণ্টাৰনেটচনেল আৰ্টিষ্টো আহিছে। সেইটো বহুত ডাঙৰ কথা।প্ৰথমবাৰ মই ৰাজস্থানী ভাষাত গাইছোঁ আৰু বৰপেটীয়া হলি গান গাইছোঁ। দ্বিতীয়বাৰ মই ভোজপুৰী ভাষাত গাইছোঁ। সেইদিনাহে মোৰ নিজকে ভোজপুৰী ৰাণী যেন অনুভৱ হৈছে। ময়েই প্ৰথম আৰ্টিষ্ট ভোজপুৰী জগতৰ যিয়ে ভোজপুৰী সংগীতক ক’ক ষ্টুডিঅলৈ লৈ গ’ল। এয়া মোৰ বাবে এক বৃহৎ এচিভমেণ্ট। তাৰ উপৰি মই এগৰাকী নাৰী। বহুত কথা আছে। বহু সময়ত আমাৰ ছোৱালীবিলাকৰ জেলাছটো বেছি হয়। ২০১৫ যেতিয়া মই খাৰী বিহাৰ নামৰ ফ’ক ছংটো গাইছিলো পাগুৰি পিন্ধি, তেতিয়া মোৰ সেইসময়ত বহুত চেলেঞ্জ আহিছিল। তেতিয়া মই এনেকুৱা ভাবিছিলো যেন মই গোটেই পৃথিৱীখন জয় কৰিব পাৰিছোঁ। গতিকে ক’ক ষ্টুডিঅৰ অনুভৱ মোৰ কাৰণে সিমান ডাঙৰ।

আপোনাক এটা ৰিয়েলিটি শ্ব’ত অনু কাপুৰে ত্ৰিবেনী বুলি কৈছিলে আপোনাৰ তেতিয়া কেনেকুৱা লাগিছিলে?

আচলতে ত্ৰিবেনী মানে গংগা, যমুনা, সৰস্বতী য’ত একলগ হয়। ত্ৰিবেনী সংগম এলাহাবাদত। তেওঁ কৈছিল যে কল্পনা তুমি অসমক ৰিপ্ৰেজেণ্ট কৰি আছা। লগতে উত্তৰ প্ৰদেশ আৰু বিহাৰ এই তিনিখন ৰাজ্য একেলগে ৰিপ্ৰেজেণ্ট কৰাটো এটা ডাঙৰ কথা। সেয়ে মই ত্ৰিবেণী নাম দিছোঁ। হয়তো তেওঁ এনে কৈ দিছিলে। পাছত যেতিয়া মই ৰিয়েলাইজ কৰোঁ মোৰ বাবে সেয়া বহুত ডাঙৰ কথা। কেতিয়াবা কোনোবাই তেনেকুৱা এটা এটা লাইন কৈ যায়। সেইটোৱে বহুত এটা ডাঙৰ মিনিং হৈ যায়। সেইটো মোৰ বাবে এটা আভুষণ, অলংকাৰ। বহুত কম আৰ্টিষ্টৰ এইটো অভিজ্ঞতা থাকে যিয়ে বেলেগ বেলেগ ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰিব পাৰে। সেয়া মই পজিটিভলী লওঁ।

ভোজপুৰী লোকশিল্পী ভিক্ষাৰী ঠাকুৰৰ বিষয়ে আমাক জনাওক?

অসমত যেনেকৈ ভূপেন হাজৰিকা, মই অসমৰ বাহিৰত গ’লে ভূপেন হাজৰিকাৰ গান লৈ যাওঁ। বোম্বেত গৈ ভোজপুৰী লোকসংগীত আৰু চিনেমা সংগীত গোটেইখিনি মোৰ সন্মুখলৈ আহে। গাই গাই যেতিয়া সকলোখিনি পাওঁ তেতিয়া অন্তৰৰপৰা এটা মাত আহে ভোজপুৰী গানৰ অন্তৰালত কি আছে, ইয়াৰ সাহিত্য ৰচনাৰ অন্তৰালত কি আছে। ভোজপুৰী গান কোনে ৰচনা কৰিছিল। আজিলৈকে মই সেইবোৰ গান গাই আছিলো যিবোৰ গান বেলেগৰপৰা আনি মোৰ দ্বাৰা গোৱায়। মই নিজে একো গোৱা নাই। তাৰ ভিতৰত যিবিলাক অশ্লীল বুলি কোৱা হয় তেনেকুৱা গানো গাইছোঁ। মই বহুত সময় বুজি পোৱা নাছিলোঁ তাৰ পাছত যেতিয়া মই লাহে লাহে বুজি পোৱা হওঁ তেতিয়া ভূপেন হাজৰিকাক মই ভোজপুৰী মাটিত বিচাৰিবলৈ আৰম্ভ কৰোঁ। ভিক্ষাৰী ঠাকুৰৰ ওচৰলৈ তেনেদৰেই গৈ পাওঁ। চাৰি বছৰ মই ৰিছৰ্চ কৰোঁ, তেওঁ কোন হয়। মই আচৰিত হওঁ নিৰক্ষৰ ব্যক্তি এগৰাকী, যিয়ে অআকখ নাজানে নাপিত জাতিৰ যিয়ে বিহাৰৰ চাপ্ৰাৰ কুটুকপুৰ গাঁৱৰপৰা ওলাই যায় কলিকতালৈ পেটৰ কাৰণে পইচা ইনকাম কৰিবলৈ। তাত গৈ দেখে যে স্বামী বিবেকানন্দ, ৰাজা ৰামমোহন ৰায় নৱজাগৰণৰ যিটো ঢৌ ভাৰতবৰ্ষত বৈ আছিল। তেতিয়া তেওঁৰ নিজৰ গাঁওখনত যিবোৰ কুংস্কাৰ প্ৰচলিত হৈ আছিলে সেইবোৰ বন্ধ কৰিবলৈ তেওঁ ভাবিবলৈ আৰম্ভ কৰিলে। কিন্তু তেওঁ এজন নিৰক্ষৰ ব্যক্তি আছিলে। জ্ঞানী আৰু নিৰক্ষৰৰ মাজত বহুত পাৰ্থক্য আছে। ভিক্ষাৰী ঠাকুৰ তাৰ এটা ডাঙৰ প্ৰমাণ। সেই নিৰক্ষৰ মানুহজনে পাছত সাহিত্য ৰচনা কৰিলে। এক বিৰল ব্যক্তিত্ব সম্পন্ন ব্যক্তি। এইসকল ব্যক্তিক এতিয়ালৈকে ভাৰত চৰকাৰে পদ্মশ্ৰী বা এনেকুৱা ধৰণৰ উপাধি প্ৰদান কৰা নাই। এইবাৰ বিজেপি চৰকাৰে বহুতখিনি পদক্ষেপ লৈছে। তথাপি এইসকল ব্যক্তি মৰণোত্তৰভাৱে হ’লেও প্ৰদান কৰিব লাগে। তেওঁলোকে ক’ৰ পৰা ক’লৈ গৈছে। মই লণ্ডনলৈ গৈছোঁ, ছেক্সপীয়েৰৰ বাসগৃহলৈ গৈছোঁ। ছেক্সপীয়েৰ এজন আভিজাত্য সম্পন্ন ঘৰৰ লোক। তেনেদৰে ভিক্ষাৰী ঠাকুৰৰ গাঁওলৈ গৈছোঁ। সেই সময়ত তেওঁ চাকিৰ পোহৰত সাহিত্য ৰচনা কৰিছিল। বহুত পাৰ্থক্য আছে তেওঁলোকৰ মাজত।

মোৰ মতে ছেক্সপীয়েৰতকৈ বহুত মহান ভিক্ষাৰী ঠাকুৰ। ছেক্সপীয়েৰে ইংৰাজী ভাষাত লিখি গৈছিলে আৰু ভিক্ষাৰী ঠাকুৰে ভোজপুৰীত। ইংৰাজী ভাষা মহান আৰু ভোজপুৰী ভাষা সৰু হ’ব নোৱাৰে। সংবিধানত সকলো ভাষাৰ সমান মৰ্যাদা আছে। গতিকে ভিক্ষাৰী ঠাকুৰৰ সাহিত্যকো সন্মান কৰোঁ।

উত্তৰ প্ৰদেশ বিহাৰত জাত-পাতৰ প্ৰভাৱ বহুত বেছি যিটো এটা বেয়া কথা। জাত-পাতৰ ওপৰত ৰাজনীতিও কৰে বহুতে। হ’ব পাৰে ভিক্ষাৰী ঠাকুৰ সৰু জাতিৰ বুলি বেছি প্ৰাধ্যান্য নাপালে খুব বেয়া লাগে। যদি তেওঁ ব্ৰাহ্মণ হ’লহেঁতেন তেওঁ খুব সোনকালে পদ্মশ্ৰী পালেহেঁতেন। খুব বেয়া লাগে যে পদ্মশ্ৰীৰ কাৰণে এপ্লাই কৰিব লাগে। এগৰাকী শিল্পীয়ে এপ্লাই কৰিব টান পায়। ময়ো যদি কেতিয়াবা নিজেই এপ্লাই কৰিব লগা হয়, মই ভাল নাপাওঁ এইবিলাক। যিটো মেনেজমেণ্ট হয় দিল্লীত। সেইটোৰপৰা অলপ মুক্ত হ’লে বেছি ভাল হ’ব আৰ্টিষ্টবোৰৰ কাৰণে। ভূপেন হাজৰিকা, ভিক্ষাৰী ঠাকুৰ মোৰ কাৰণে একে। ‘দ্যা লিগেছি অব ভিক্ষাৰী ঠাকুৰ’  তৈয়াৰ হয় বহুত কষ্টৰ ফলত। ৰিলিজ হয় মৰিছাছৰ মন্ত্ৰালয়ত। তেতিয়াৰ প্ৰধানমন্ত্ৰী আৰু কলা-সংস্কৃতি বিভাগৰ মন্ত্ৰীৰ উপস্থিত মৰিছাছৰ মন্ত্ৰালয়ত আমি এই প্ৰজেক্টো ৰিলিজ কৰোঁ। এই প্ৰজেক্টৰ কাৰণে মই ভাৰত চৰকাৰৰ তৰফৰপৰা ৱেষ্ট ইণ্ডিজলৈ যাবলৈ সুবিধা পাওঁ। এই কানেকচনটো খুব আমোদজনক। কাৰণ মৰিছাছৰ প্ৰায়বোৰ লোকেই বিহাৰ বা উত্তৰপ্ৰদেশৰ পুৰণি বৃটিছ চৰকাৰে আজিৰপৰা প্ৰায় ডেৰশ বছৰ আগতে কাম কৰিবলৈ লৈ গৈছিল। তেওঁলোকক এনেকুৱা শাস্তি দিয়া হৈছিলে যে নিজৰ মানুহৰ পৰাও বিচ্ছিন্ন কৰি তেওঁলোকক এৰি থৈ আহিছিল। তেওঁলোক আহিব নোৱাৰিলে কোনো। ৱেষ্ট ইণ্ডিজত, ছাউথ আমেৰিকাত বিহাৰৰ মানুহ বহুত আছে। তেওঁলোকে এতিয়াও ভাৰতৰ মানুহ বুলি কয়। তেওঁলোকে উভতি আহিব নোৱাৰিলে। কেনেকৈ উভতি আহিব! দুখীয়া মানুহ তেওঁলোক। কিন্তু কিবা এটা ৰাজনীতি আছে। আজি মৰিছাছৰ চৰকাৰখনত সৰহ সংখ্যকে বিহাৰৰ মানুহ। তেওঁলোকে নিজেই প্ৰমাণ কৰিছে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ।

মুম্বাইত আপোনাৰ নিজৰ ষ্টুডিঅ’ আছে মিউজিক বক্স নামেৰে। কেতিয়া ষ্টুডিঅ’টো প্ৰতিষ্ঠা কৰিলে আৰু কিদৰে পৰিকল্পনা কৰিছিল?

মিউজিক বক্স নামটো আহে মাৰায়া কেৰেৰ এটা প্ৰজেক্টৰপৰা। যেতিয়া কলেজত পঢ়িছিলো মাৰায়া কেৰেৰ খুব গান শুনিছিলো। মাৰায়া কেৰেৰ এটা প্ৰজেক্ট আছিলে মিউজিক বক্স আৰু সেই নামটোৰ পৰাই মিউজিক বক্স নামেৰে ষ্টুডিঅ’টো আৰম্ভ কৰিলোঁ। ষ্টুডিঅটো প্ৰতিষ্ঠা হয় ২০০৯ত। মিউজিক বক্সৰ জৰিয়তে বহুখিনি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। যেনেকৈ মোৰ পৰিধান এটা ষ্টেটমেণ্ট। মিউজিক বক্সো মোৰ তেনেকুৱা এটাই ষ্টেটমেণ্ট।

জীৱনত কেতিয়াবা ভুল গীত গোৱা বুলি অনুভৱ কৰে নেকি?

অ, কেতিয়াবা অনুভৱ কৰোঁ যে এইটো গান গাব নালাগিছিল।কিন্তু দাঠি ক’ব নোৱাৰোঁ কোনখিনিত ভুল হ’ল। আজিৰ পৰা ১৫ বছৰ আগত মোৰ বয়স বহুত কম। সেই সময়ত মই যেনেকুৱা চঞ্চল আজি মই সেইটো নহয়। সেই বয়সত বুজি পোৱা নাছিলো বহু কথা। নজনাকৈ ভুল হ’বও পাৰে। মই কেনেকৈ ক’ম। আজিৰপৰা ১৫ বছৰ আগতে কৰা চঞ্চলামিখিনি মোৰ ভুল আছিল। সেইটো বয়সৰ সেইটো এটা বিউটী। তাৰ মাজতে কেতিয়াবা পিছলো খাব পাৰো। মই ভাবোঁ অতীতৰ কথাবোৰ আমাৰ কাৰণে শিক্ষা হ’ব পাৰে। ভুল হ’ব নোৱাৰে। আজি মই কিছুমান ঠাইত গান গাই আহিছোঁ, যিটোৰ ভাষা মই ভালকৈ বুজিব পৰা নাছিলো। এতিয়া মোৰ কাৰণে সেইটো এটা বিষয়। মই সেইটো পজিটিভলী ল’ব লাগিব। কিছুদিন আগতেও মই গাইছিলো কিন্তু বৰ্তমান গাবলৈ বন্ধ কৰিছোঁ। কিছুমান আইটেম ছং মই নকওঁ ১৫ বছৰীয়া ছোৱালীজনীক নাগাবলৈ। কিন্তু মই এতিয়া এই বয়সত নোগোৱাৰ সিদ্ধান্ত লৈছোঁ।

ষ্টুডিঅ’ত গান গোৱা আৰু মঞ্চত গোৱাৰ মাজত কি পাৰ্থক্য আছে বুলি ভাবে আৰু আপোনাৰ কোনটো বেছি প্ৰিয়?

দুয়োটাৰে এটা নিজস্ব স্থান আছে। ষ্টেজত সংগীত নিজৰ কাৰণে নহয়। তাত দৰ্শকৰ মনৰ কথা গুৰুত্ব দিব লাগে। বিভিন্ন বয়সৰ লোক মঞ্চৰ সন্মুখত বহি থাকে। তাত মই ভূপেন হাজিৰকাৰ কথাও ক’ব লাগে আৰু খুহুতীয়া কথাও ক’ব লাগে।গতিকে ২-৩ ঘণ্টাৰ এটা অনুষ্ঠানত সকলো ধৰণৰ গীতে পৰিৱেশন কৰিবলগীয়া হয়। কিন্তু গীত এটা গোৱাৰ লগে লগে মই একাত্ম হৈ যাওঁ গীতটোৰ লগত। গাই গাই মোৰ মঞ্চতে চকুপানীও ওলাইছে। আনফালে মিউজিক বক্সত গান গাৱাটোও মোৰ দৰে মন্দিৰৰ পূজাৰ সমান। কিন্তু মই ষ্টুডিঅত গাই বেছি ভালপাওঁ। মঞ্চই বহু কথা শিকাই থৈ যায়। লগে লগে গম পাই যাওঁ, কোনটো ভাল পাইছে কোনটো বেয়া পাইছে। এইবাৰ বিহুত মই বহুত অভিজ্ঞতা লাভ কৰিলোঁ। এনেকুৱা বহু ঘটনা মোৰ লগত ঘটিছিল। বহু মানুহ লগ পালোঁ মোৰ মাৰ বয়সৰ দেউতাৰ বয়সৰ, সৰু-ডাঙৰ সকলো। তাৰ মাজতে বিভিন্নজনে আৰ্টিষ্টবোৰক কৰা বেয়া ব্যৱহাৰে দুখ দিয়ে। মই ভাল নাপাওঁ আৰ্টিষ্টক অপমান কৰাটো। দৰ্শক বা কমিটীয়ে আৰ্টিষ্টক পইচা দি কিনি লোৱা বুলি নাভাবিব। পইচাটো আৰ্টিষ্টে ডিমাণ্ড কৰে। কাৰণ সেই ডিমাণ্ডটোৰ বিপৰীতে তেওঁলোকৰ ১৫-২০ বছৰৰ কষ্ট জড়িত হৈ থাকে। খৰচটো থাকে, ১৫-২০ জনীয়া এটা দলক আৰ্টিষ্টজনে তেওঁলোকৰ প্ৰাপ্য ধন দিবলগীয়া হয়। সেইবোৰ কথা লৈ কমিটীয়ে মন কৰিব নালাগে। তাৰ মাজত বহুত ভাল মানুহো লগ পালো যিয়ে খুব ধুনীয়াকৈ কয় বাইদেউ এইটো গাৱক বাইদেউ সেইটো গাৱক। কিন্তু কিছুমানে হাঠাৎ মাজতে আহি দমত কয় বা ধমকি দি গান গাবলৈ অনুৰোধ কৰে। গতিকে মই বহুত ঠাইত মৰমত কৈছোঁ আৰু বহু ঠাইত খং কৰিও কৈছোঁ। শিক্ষা আৰু ব্যৱহাৰ দুয়োটা বেলেগ বস্তু এইখিনি কথা মই বহুত গুৰুত্ব দিওঁ। শিল্পীজনৰ জন্ম ক’ত হৈছিল সেইটো ডাঙৰ কথা নহয় তেওঁৰ কৰ্মখিনিহে ডাঙৰ। বৰ্তমান বহু মহিলাৰে চিন্তা তেওঁলোকৰ স্বামীয়ে ড্ৰিংক্স কৰে ঘৰত কাজিয়া কৰে। তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে মাক-দেউতাকৰ পৰা কি শিক্ষা ল’ব। গতিকে ব্যৱহাৰ আৰু শিক্ষা দুয়োটা বেলেগ বস্তু। কিন্তু এইবোৰ কথা মদাপি এজনক মই কৈ লাভ নাই।

এইখিনিতে চৰকাৰলৈ মোৰ অনুৰোধ মই মদ মুক্ত অসম বিচাৰোঁ। বিহাৰ মদ মুক্ত, যিসময়ত বিহাৰক বিভিন্নজনে হাঁহে সেইখন বিহাৰে মদ মুক্ত। বিহাৰক সদায় হেয় চকুৰে চায়, বিহাৰৰ মানুহক বিহাৰী বুলি হাঁহে, ভোজপুৰী গান গোৱাৰ পাছত মোকো কৈছিলে তই বিহাৰিহে গাৱ বুলি। কিন্তু  সেই বিহাৰী বা নীতিশ চৰকাৰে মদমুক্ত বা মদ বন্ধ কৰি বিহাৰলৈ এক সুনাম কঢ়িয়াই আনিছে। তেন্তে অসম চৰকাৰে কিয় নোৱাৰে। মই এই মেজেজটো চৰকাৰক  দিব বিচাৰোঁ। বিজেপি চৰকাৰখনে যিহেতু বহুত কাম কৰি আছে তাৰ মাজতে মই মদ মুক্ত অসম গঢ়িবলৈ অনুৰোধ কৰিছো সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক।

আপুনি এগৰাকী মাতৃ। আপুনি হিন্দু হৈ মুছমান ধৰ্মৰ ব্যক্তিৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে। গতিকে এইক্ষেত্ৰত পৰিয়ালৰ ফালৰ কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি সংগীত যাত্ৰাত? পৰিয়ালৰ অৰিহণা সম্পৰ্কে কি ক’ব?

তেওঁলোকৰ অৰিহণাতকৈ দৰকাৰী মই তেওঁলোকক কি দিছোঁ। প্ৰথমে সেই কথাটো আহে। ছোৱালীবোৰটো সদায় এখন ঘৰত ডাঙৰ হৈ আন এখন ঘৰলৈ যায়। ছোৱালীবোৰে একেলগে বহু কাম কৰিব পাৰে, যিটো পুৰুষসকলে নোৱাৰে। এইটো সঁচা কথা। মোৰ ক্ষেত্ৰত মই ব্যতিক্ৰম পাওঁ। বহুক্ষেত্ৰত মই ৰিচিভাৰ। মই নিজকে পানীৰ নিচিনাকৈ ৰাখোঁ। মই ধাৰ্মিকতাৰ মাজতো একতা বজাই ৰাখিবলৈ চেষ্টা কৰোঁ। নেচনেল ইণ্টিগ্ৰেচনৰ কথা আমি পঢ়োঁ। সেইটো মই প্ৰেক্টিকেলী দৈনন্দিন জীৱনত জীয়াও। কোনোবাৰ মতে পূব ফালে ভগৱান আছে। আকৌ কোনোবাৰ মতে পশ্চিমভাৱে আল্লা আছে। পূবৰ ফালে মূৰ দি শুব লাগে আকৌ কোনোবাই কয় পশ্চিমফালে মূৰ দি শুব লাগে। এই সৰু সৰু কথাবোৰতে বিবাদৰ সৃষ্টি হয়। কল্পনা পাটোৱাৰী ব্যক্তিগত জীৱনত সংগীতৰ জগতত থাকি বিহাৰ, উত্তৰপ্ৰদেশ, অসম, মুম্বাই বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো নিজকে খাপ খুৱাবলৈ আপ্ৰাণ চেষ্টা কৰোঁ। মৰমেৰে সকলোকে ধৰি ৰাখিবলৈ প্ৰয়াস কৰোঁ। মই যিহেতু মৰম দিছোঁ, মোক কোনেও বেয়া পাব নোৱাৰে। মই যিহেতু মৰম দিছোঁ মই ঘৃণাৰ পাত্ৰী নহয়। তুমি কাৰোবাক মৰম দিবা, তোমাক এবাৰ ঘৃণা কৰিব, দুবাৰ ঘৃণা কৰিব। কিন্তু তোমাৰ অস্তিত্বক কোনো নুই কৰিব নোৱাৰে। মোকো তেনেকৈ সকলোৱে খুব ছাপোৰ্ট কৰে। মোৰ মা, দেউতা বা নিজৰ মানুহখিনিতো আছেই যিয়ে মোক চিৰদিন সহায় কৰে। মোৰ শাহু মুছলমান সম্প্ৰদায়ৰ আৰু তেওঁ বহুত আধ্যাত্মিকতাৰ ওপৰত বিশ্বাসী। দিনটোৰ বহুখিনি সময় তেওঁ নামাজত থাকে বা নামাজ পঢ়ে। কিন্তু তেওঁ ইমানখিনি বহল মনৰ যে মোৰ গানৰ ভিডিঅ’বোৰত মই পিন্ধা ছুটী কাপোৰৰ বাবে তেওঁ আপত্তি নকৰে। ৰেকৰ্ডিঙৰ সময়ত তেওঁ মোৰ সন্মুখত আছিল। কিন্তু তেওঁ ইমানখিনি বুজে যে সেইটো মোৰ চৰিত্ৰটোৱে ডিমাণ্ড কৰিছে আৰু মই সেইটো পিন্ধিব লাগিব। ঘৰুৱা ক্ষেত্ৰত মই কেতিয়াও তেওঁলোকে বেয়া পোৱা কাম কৰা নাই। যদি কেতিয়াবা কৰোঁ তেওঁলোকে মোক নিজৰ বুলি ভুলটো দেখুৱাই দিয়াৰ অধিকাৰ আছে। এইবোৰ সৰু সৰু কথা এনেকুৱা হাজাৰটা কথা আছে যিবোৰত মোৰ পৰিয়ালে মোৰ ছাপোৰ্ট কৰি গৈছে।

মধুপুৰ সত্ৰক লৈ গোৱা গীতটো ছুপাৰহিট হৈছে। কেনেকৈ আপোনাৰ মনলৈ সত্ৰখনকলৈ গীত কৰাৰ কথা মনলৈ আহিলে?

মোৰ জীৱনত ভগৱানৰ সম্পূৰ্ণ আশীৰ্বাদ আছে। মই আগতেও কৈছোঁ মোৰ প্ৰথমটো হিট গান বাবা ভোলানাথক লৈ গোৱা। ভক্তিমূলক গীতৰ যিখন বজাৰ ভাৰতত সঁচাকৈয়ে লেখত ল’বলগীয়া কিন্তু অসমত কিছু পৰিমাণে কম। লাহে লাহে হ’বলৈ আৰম্ভ কৰিছে। কাম কৰিছে বহুতে লোকগীত-বৰগীত হিচাপে কাম কৰিছে। ধৰ্ম হিচাপে নহয়, তথাপি বহু কৰিবলগীয়া আছে। মই আচলতে শিলিগুৰিলৈ আহিছিলো, তাৰ পাছত মধুপুৰ সত্ৰলৈ গলোঁ। তাত গৈ গম পালোঁ যে দুয়োগৰাকী মহাপুৰুষৰ অৰ্থাৎ শংকৰ-মাধৱৰ অস্থি এতিয়াও তাত আছে। মোৰ অনুভৱ হ’ল যে সেইটো এটা কিমান ডাঙৰ কথা, এই সত্ৰখনক লৈ গান এটা কৰাৰ কথা তেতিয়াই ভাবিলোঁ।

সত্ৰখনক লৈ কৰিবলগীয়া বহুত আছে। অসমৰ মানুহে দূৰ হৈ বুলি তালৈ বেছিকৈ নাযায় বা চৰকাৰখনৰ ফালৰপৰাও অবহেলিত হৈছে বহুখিনিত। অম্বুবাচী বা কামাখ্যাকলৈ যিমান কৰা হৈছে মধুপুৰ সত্ৰখনলৈ সিমান কৰা হোৱা নাই। গতিকে সেইবোৰ কথা ভাবিয়ে মধুপুৰসত্ৰখনক লৈ গানটো কৰিলো আৰু শ্ৰোতাই ভাল পালে।

ধৰ্মক লৈ বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় আমাৰ অসমত। যিখন অসমত মা কামাখ্যাৰ যোনী অংগক পূজা কৰে সেইখন অসমতে আকৌ বৰপেটা কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ নিষেধ। এই কথাষাৰ কোৱাটো ভুল হ’ব আৰু এই কথাষাৰ বহু বিতৰ্কিত। ময়ো জানোঁ মই ক’লে কোনো লাভো নহ’ব। তথাপি মই মোৰ অনুভৱ ব্যক্ত কৰিছোঁ। কাৰণ এইটো এটা বদনাম বৰপেটা কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশ নিষেধটো এটা সাংঘাটিক বদনাম। শ্ৰীমন্ত শংকৰদেৱো কাৰোবাৰ সন্তান। গতিকে সেই মহিলাৰ তেজে কীৰ্তন ঘৰটো অপৱিত্ৰ কৰি তোলেনে? নাৰীৰ ইমান সাহস বা ক্ষমতা বৰ্তমানৰ যুগত গতিকে এই কথাবোৰ নাইকিয়া হ’ব লাগে। বেটি বাচাও যিটো আন্দোলন হৈছে সেই আন্দোলন অসমত তেতিয়াহে সাৰ্থক হ’ব, যেতিয়া বৰপেটাৰ নামঘৰত মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। বৰপেটাৰ বাকী সংস্কৃতি খুবেই ভাল, মই নিজেও বৰপেটাৰ হয় কিন্তু মই সহজভাৱে ল’ব নোৱাৰোঁ।

অসমত বৰ্তমান সংগীতৰ যি প্ৰাদুৰ্ভাৱ বা সস্তীয়া যিবোৰ গীত সেই গীতবোৰৰ বিষয়ে কি ক’ব? গ্লেমাৰৰ বাবে এনেকুৱা গীতৰ সৃষ্টি হৈছে নেকি? চেঞ্চৰ ব’ৰ্ড বিচাৰে নেকি?

এনেকুৱা ধৰণৰ অসুবিধা বিহাৰতো আছে। বিহাৰতো এলবামৰ ক্ষেত্ৰত চেঞ্চৰ ব’ৰ্ড নাই ছবিৰ ক্ষেত্ৰত আছে। অসমতকৈ আগত বিহাৰতহে বেছি দৰকাৰ। যিয়ে কমপ্লেইন কৰে বিশেষকৈ ফেচবুকত যিয়ে আন্দোলন কৰে তেনেকুৱা আন্দোলনক মই সস্তীয়া আন্দোলন বুলি কওঁ। বহুত মানুহ আছে যিয়ে কমপ্লেইন কৰিছে তেওঁ ভাল গীত ৰচনা কিয় নকৰে। কোনোবাই যদি সস্তীয়া গান কৰিছে তাক ফেৰ মাৰিবলৈ ভাল গানো ৰচনা কৰক। মণিকূট বা ভক্তিমূলক গীতবোৰ লৈ গীত ৰচনা কৰক তেতিয়া কোন হাৰে জিকে চাওঁ। এদাল আঁচক ছুটি কৰিবলৈ দীঘলকৈ আঁচ এডাল টানি দিলে হয়। গতিকে কমপ্লেইন কৰাতকৈ আমাৰ নিচিনা মানুহখিনি সচেতন হোৱা বেছি দৰকাৰ।

আপোনাক লালু প্ৰসাদ যাদবে কৈছিলে আপুনি পদ্মশ্ৰী পাব লাগে। তেতিয়া আপুনি উত্তৰ দিছিল মই পাই গ’লোঁ বুলি। তেতিয়া আকৌ তেওঁ আপোনাক কৈছিল ‘ওৰ ওপৰৱালা মিলেগা’। কেনেকুৱা লাগিছিল তেতিয়া?

মই লালুপ্ৰসাদক খুবেই ভালপাঁও। তেওঁৰ এনেকুৱা এটা  কলা আছে তেওঁ শত্ৰুকো হৰুৱাই দিব বা শত্ৰু যদি তেওঁৰ সন্মুখন বহি আছে তেওঁৰ ভাষণত হাত তালি মাৰিব এনেকুৱা তেওঁৰ এটা ব্যক্তিত্ব। যিটো কথা মই ক’ব খোজোঁ বিহাৰৰ যিখিনি তলৰ জাতি আছে বা যিখিনি আৰ্টিষ্ট দেখিছো সেই  সকলোৱে লালু প্ৰসাদক ভগৱান বুলি ভাবে। লালু যাদৱে নিজৰ কালত হ’ব পাৰে তেওঁৰ সময়ত বিহাৰত একো উন্নতি হোৱা নাই বা ৰাস্তা বেয়া, সুবিধা ক’ম, গুণ্ডাগিৰি এইবিলাক আছে, কিন্তু সৰু জাতিৰ মানুহখিনিক বা লোকশিল্পীসকলক তেওঁ চাকৰি দিছে। সকলোৰে ভাল বেয়া থাকে। তেওঁ মোক সদায় আশীৰ্বাদ দিয়ে ভালকৈ গান গাবলৈ। কিন্তু সেইদিনাখন যেতিয়া মই ভিক্ষাৰী ঠাকুৰৰ গংগাস্থান আৰু ভূপেন হাজিৰকাদেৱৰ বিস্তীৰ্ণ পাৰেৰে বুঢ়া লুইতক একেলগ কৰি  গাওঁ তেওঁ মঞ্চলৈ উঠি আহে। তেওঁ মোক মাতি আনি কথাখিনি কয়। তেওঁ যে ভাবিছে তেওঁ যে কৈছে সেয়ে মোৰ কাৰণে সৌভাগ্য।

জুবিন আৰু পাপন সম্পৰ্কে কি ক’ব?

তেওঁলোকে নিজৰ নিজৰ কাম কৰি আছে আৰু সকলোৰে নিজস্ব সৃষ্টি থাকে। তেওঁলোকে ভাল কাম কৰি আছে।মই বিচাৰোঁ তেওঁলোকৰ কামতো লোকসংগীতক প্ৰাধ্যান্য দিয়ক। ইতিমধ্যে বহুখিনি কৰিছে কিন্তু আৰু গভীৰতাৰে কামবোৰ কৰিলে ভাল লাগিব। ফিউজনত তেওঁলোক বেছি এক্টিভ। সেইটো এটা ভাল কথা। তথাপি লোকশিল্পীসকলৰ ওচৰলৈ গৈ বা আৰু গভীৰভাৱে বিষয়টোৰ ওপৰত জ্ঞান অৰ্জন কৰি গান সৃষ্টি কৰিলে ভাল লাগিব। এইখিনিতে এটা কথা ক’ব খোজো পুৰুষ প্ৰধান অসম হ’ব নালাগে। তৰালি শৰ্মাহঁতেও বহুত ভাল কাম কৰিছে সেই নামবোৰো আমি ল’ব লাগে। জুবিন, পাপন, তৰালি, কল্পনা সকলো একে। আমি শিল্পী।

গ্লেমাৰ আৰু সংগীত এতিয়া যেন এটা হ’ব ধৰিছে। নতুবা গ্লেমাৰ মানে যেন সংগীত কথাটো সঁচা নেকি?

মানুহ বুৰ্বক নহয়, অসমীয়া ৰাইজক ইমান সহজে ভুলাব পৰা নাযায়। ইমান ডাঙৰ ডাঙৰ বুদ্ধিজীৱী ইয়াত আছে গতিকে যিকোনো এটা গানেৰে গ্লেমাৰ পাব নোৱাৰি। গানটোৰ ভিতৰত কিবা এটা কনচেপ্ট থাকিব লাগিব। অলপতে হেৰী হেৰী নামৰ এটা গানৰ বিতৰ্ক শুনিছোঁ। কিন্তু গানটোৰ কথাখিনি জানো মনত ৰাখিছো নে ল’ৰাজনক মনত ৰাখিছোঁ, যিয়ে গানটো গাইছে। গানটো নচলিল। কিন্তু তাৰ মাজত এটা গান ওলাইছিল ৱাশ্বিং পাউদাৰ নিৰমা বুলি সেই গানটো কিন্তু শ্ৰোতাই আঁকোৱালি লৈছে আৰু গায়কজনকো মনত ৰাখিছে। কাৰণ গানটো অশ্লীল নাছিল, সস্তীয়া নাছিল, তেওঁ গানটো বৰ্তমান আৰু অতীতৰ তুলনা কৰি লিখিছিল। গানটোত তেওঁৰ মেছেজ আছে। গতিকে গ্লেমাৰৰ কাৰণে গান গাই লাভ নাই। ভাল গান কৰিবলৈ চেষ্টা কৰক।

ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত আপুনি গান গাইছে তাত দৰ্শকৰ বা শ্ৰোতাৰ চাপোৰ্ট কেনেকুৱা? আৰু কোন কোন ঠাইত পাৰ্ফম কৰিছে?

হয় মই বিভিন্ন প্ৰান্তত গান গাইছোঁ। মৰিছাছ, মস্ক’, ৱেষ্ট ইণ্ডিজ আদি বিভিন্ন ঠাইত গান গাইছোঁ। এইবাৰো মই নৰৱেলৈ যাম। ভোজপুৰী মিউজিকেল ৱৰ্ল্ডখন বহুত ডাঙৰ। এইখন ইণ্টাৰনেচনেল বজাৰ, সকলো ঠাইতে বিহাৰৰ মানুহ আছে। আৰু অসমৰো বহুত মানুহ বাহিৰত আছে। ভোজপুৰী মানুহ বেছি আছে। পাৰ্থক্যটো লোকসংগীতক লৈ পাওঁ। বাহিৰৰ মানুহ লোকসংগীতক লৈ খুব সচেতন।

জনসমুদ্ৰৰ মাজতে থাকিও নিজকে কেতিয়াবা অকলশৰীয়া বুলি অনুভৱ কৰে নেকি?

অকলশৰীয়া বুলি অনুভৱ নকৰোঁ। কিন্তু মই অকলেই থাকিব বিচাৰোঁ। মানুহৰ মাজত থাকি খুবেই ভাল লাগে। কিন্তু কেতিয়াবা নিজকো সময় দিব লাগে। মই বিভিন্ন ঠাইত খাপ খাই যাওঁ। অসমৰ মাটিৰ লগত বিহাৰৰ মাটি নিমিলে বা মুম্বাইৰ মাটিও নিমিলে। তথাপি মই মিলিবলৈ চেষ্টা কৰোঁ। সমাজখন বেলেগ মই য’লৈকে যাওঁ। সেই সমাজখনৰ স’তে মিলিবলৈ চেষ্টা কৰোঁ। সকলো ঠাইতে কল্পনা ফিট হৈছে। ঘামৰ গোন্ধ থকা যিবোৰ মানুহ সেই গাঁৱলীয়া মানুহখিনিৰ লগতো মই দিন কটাইছোঁ। গতিকে মই বিভিন্ন ঠাইতে ফিট। ৰুলেল ইণ্ডিয়া আৰু মেট্ৰ’ চিটীবোৰৰ মাজত বহুত পাৰ্থক্য কিন্তু মিলিব পাৰোঁ। কাৰণ দুয়োটা পৰিৱেশৰ মাজত মই এখন দলং। মোৰ বহুত দায়িত্ব আছে। মই অকলশৰীয়া হ’বলৈ সময় নাপাওঁ। কিন্তু কেতিয়াবা মই মোৰ ভিতৰত থকা প্ৰভুজনক লগ পাবলৈ খুব ইচ্ছা কৰোঁ। সুধিবলৈ মন যায় মই কেনেকৈ মই হ’লো? কিছুমান প্ৰশ্ন সুধিব বিচাৰোঁ। কিছুমান উত্তৰ পাব বিচাৰোঁ।

আমাৰ ভাল খবৰৰ হৈ দুআষাৰ?

মোৰ খুব ভাল লাগিছে, ভাল খবৰ সফল হৈছে। মোৰ ফালৰপৰা তোমালোকলৈ বহু বহু শুভকামনা আৰু আশীৰ্বাদো থাকিল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তোমালোকৰ কৰ্মই স্বীকৃতি পাওঁক। ভাল খবৰৰ জৰিয়তে মোৰ প্ৰিয়জনৰ ওচৰলৈ মোক লৈ যোৱাত সহায় কৰা বাবে বহু বহু ধন্যবাদ।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close