অসমক্ৰীড়াঙ্গণ

তামুলপুৰত বড়োলেণ্ড ক্লাছিক বডি বিল্ডিং প্ৰতিযোগিতাৰ সফল সামৰণি 

প্ৰদীপ দাস

অসম ব’ডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ সন্থাৰ সৌজন্যত আৰু তামুলপুৰ ফিটনেছ জিমৰ উদ্যোগত  তামুলপুৰ মটঙাফুৰী পাৰ্কত ১৮ আগষ্টত  দিনজোৰা কাৰ্যসূচীৰে বডোলেণ্ড ব’ডি বিল্ডিং প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত পুৰুষ-মহিলাৰ দেহশ্ৰীৰ লগতে মেন মডেল ফিজিক আৰু মহিলা ফিটনেছ শাখাত অসমৰ ভিন্ন ঠাইৰ পৰা কেইবাগৰাকীও প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । যোৱা নিশা প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাবে উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে । বন্তি প্ৰজ্বলন কৰে সদৌ অসম বডী বিল্ডিং ফিটনেছ এছচিয়েচনৰ সাধাৰণ সম্পাদক ভৱ গোস্বামীয়ে । উদ্বোধনী অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো , তামুলপুৰ জিলা বিপিএফৰ সংখ্যালঘু কোষৰ সভাপতি , যুৱ নেতা আলাউদ্দিন আহমেদ , প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী , বিপিএফ নেতা আদিত্য সিনহা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । এই প্ৰতিযোগিতাত অসমৰ বিশিষ্ট অভিনেতা ৰবি শৰ্মাই উপস্থিত থাকি প্ৰতিযোগীসকলক উৎসাহিত কৰে । উক্ত প্ৰতিযোগিতাত দেহশ্ৰী শাখাত (মহিলা) যোৰহাটৰ ডিছা পেগুৱে প্ৰথম , নিতু শইকীয়াই দ্বিতীয় আৰু বিশ্বনাথৰ মনিকা পাকায়াই তৃতীয় স্থান দখল কৰে । মহিলা ফিটনেছ শাখাত প্ৰথম স্থান গুৱাহাটীৰ গোৰীয়া খাতুন, দ্বিতীয় স্থান যোৰহাটৰ ডিছা পেগু আৰু তৃতীয় স্থান যোৰহাটৰ নিতু শইকীয়াই লাভ কৰে । পুৰুষৰ দেহশ্ৰী প্ৰতিযোগিতাত প্ৰথম যোৰহাটৰ সুভজিৎ বৈদ্য, দ্বিতীয় যোৰহাটৰ কোচৰ আলী, আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় বৰপেটাৰ দিলীপ দেউৰীয়ে। মেন মডেল ফিজিকত নলবাৰীৰ প্ৰিতীষ্মান ডেকাই প্ৰথম , যোৰহাটৰ চানদীপ বৈদ্যই দ্বিতীয় আৰু  গুৱাহাটীৰ বিতোপন পালে তৃতীয় স্থান কৰে। ইপিনে নিশাই বিজয়ী প্ৰতিযোগীসকলক আনুষ্ঠানিকভাবে পুৰস্কৃত কৰা হয়।  উক্ত প্ৰতিযোগিতাত অসমৰ যোৰহাট, কোকৰাঝাৰ, বৰপেটা,নলবাৰী, নগাঁও, গুৱাহাটী, বিশ্বনাথ চাৰিআলিৰ লগতে বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।



Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close