অসমশীৰ্ষ

তামুলপুৰত অভেছাৰ বান সাহায্য সংগ্ৰহ

প্রদিপ দাস

অসমৰ সামগ্ৰিক বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰাত বানাক্ৰান্ত সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অন্ন-বস্ত্ৰ-বাসস্থানৰ অভাৱত ককবকাই আছে ৰাজ্যৰ হাজাৰ হাজাৰ বানাক্ৰান্ত। ৰাজ্যৰ এনে জটিল সন্ধিক্ষনত বানাক্ৰান্ত সকলক কিছু সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে তামুলপুৰৰ শিক্ষা- সংস্কৃতি- সাহিত্যৰ সৈতে জৰিয়ত এটি অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন “অভেছা” আৰু কেইগৰাকীমান স্থানীয় যুবক।

স্বেচ্ছাসেৱী স‌ংগঠনটোৰ কাৰ্যকৰ্তা আৰু তেওঁ লোকক সংগ দিয়া স্থানীয় যুবকৰ দল এটাই আজি হাতে হাতে দান পাত্ৰ লৈ তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচ’ককে ধৰি তামুলপুৰৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰু ব্যক্তিৰ পৰা নগদ ধন, খাদ্য সামগ্ৰী আৰু বস্ত্ৰ  সংগ্ৰহ কৰা দেখা যায়।

কোনো ইচ্ছুক ব্যক্তিয়ে বানাক্ৰান্ত সকলৰ বাবে যদি কিবা সহায় কৰিব বিচাৰে তেন্তে তামুলপুৰ ডাক ঘৰৰ ওচৰত থকা “অভেছাৰ” কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে সংগঠনটোৰ কৰ্মকৰ্তা সকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close