বিশেষশীৰ্ষস্বাস্থ্য

ঢেঁকীয়াৰ গুণাগুণ

সাধাৰণতে গাঁৱৰ চুকে কোণে পথৰ নাইবা বাৰীৰ পিছফালে প্রায়ে দেখা পােৱা যায় ঢেঁকীয়া। কিন্তু এই  ঢেঁকীয়া অন্য শাকৰ তুলনাত প্রায় এলাগী হৈ থকা দেখা যায়। কিন্তু এই ঢেঁকীয়াৰাে আছে বহু ঔষধি গুণ। ঢেঁকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কমপ্লে’, ভিটামিন চি, ভিটামিন ই, বিতা কেৰােটিন, এন্টিঅ’ডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পােৱা যায়। এই সম্পর্কে তলত আলােচনা কৰা হ’ল— নিৰামিষভােজীসকলৰ বাবে ই খুব উপকাৰী কাৰণ ইয়াত প্রটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদার্থ আছে। গতিকে মাংস নাখাই পুষ্টিহীনতাত ভুগিছে বুলি ভুল ধাৰণা ল’ব নালাগে। ই সহজলভ্য আৰু পুষ্টিকৰ খাদ্য। নিচিন্ত মনেৰে খাওক। কেলচিয়ান, ফছফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী। জীৱাণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হােৱা বাবে পেচাবৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্রমণ বা ইউৰিনাৰী ট্রে” ইনফেকশ্যন (UTI) ত উপকাৰী। বিতা কেৰােটিন, ভিটামিন চি থকা বাবে শৰীৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বঢ়োৱাত সহায় কৰে। ৰুচি বর্ধক, আৰু কোষ্টকাঠিন্য দূৰ কৰে। পেলুৰ সমস্যাত ঢেঁকীয়া শাক উপকাৰী।। লিভাৰৰ কার্যক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰি জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য। ডায়েবেটিছ ৰােগীৰ বাবে ঢেঁকীয়া সুপথ্য। ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close