অসমভাল খবৰশীৰ্ষ

ঢকুৱাখনাৰ চিৰঞ্জিতাৰ সাফল্য

দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে চিৰঞ্জিতাই

নিউজ ডেস্ক, ভাল খবৰ: লখিমপুৰ জিলা ঢকুৱাখনাৰ আলোক নগৰৰ জীয়ৰী চিৰঞ্জিতা ভৰালীৰ সাফল্য।  ডুবাইত অনুষ্ঠিত আন্তজাৰ্তিক পাৰা বেডমিণ্টন চেম্পিয়নশ্বিপত চিৰঞ্জিতাই দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। দুটাকৈ ব্ৰঞ্জৰ পদক জয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা ঢকুৱাখনাৰ জিয়ৰী চিৰঞ্জিতা ভৰালীক ঢকুৱাখনাৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে অভিনন্দন জনোৱাৰ লগতে খেলুৱৈগৰাকীৰ উজ্বল ভৱিষ্যৎ কামনা কৰিছে।

ইয়াৰ পূৰ্বে চিৰঞ্জিতাই ২০১২ চনত বেংগালুৰু আৰু ২০১৩ চনত চেন্নাইত নেশ্বনেল পৰ্য্যায়ত অনুষ্ঠিত পাৰা বেডমিন্টনত সোণ, ৰূপ, আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ইয়াৰ উপৰিও খেলুৱৈগৰাকীয়ে বেইজিঙত অনুষ্ঠিত ১০১৬ চনৰ এছিয়ান পাৰা বেডমিন্টনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

চিৰঞ্জিতাই খেল-ধেমালিৰ মাজতে নিজৰ পঢ়া শুনাও সম্পূৰ্ণৰূপে চলাই গৈছিল। চিৰঞ্জিতা এনে সাফল্যত উৎফুল্লিত হৈছে গাঁৱৰ লগতে ঢকুৱাখনাৰ ক্ৰিয়া প্ৰেমীও।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close