অসম

ঢকুৱাখনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ

ঢকুৱাখনা, ভাল খবৰ: ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে ঢকুৱাখনাতো বিভিন্ন গাঁৱৰ নামঘৰ, শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰ ইত্যাদিত পুৱাৰে পৰা বৰগীত, হৰিনামৰ ধ্বনিৰে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মোৎসৱ পালন কৰে। আজি বিশেষকৈ ঢকুৱাখনাৰ বাটচ’ৰামুখ প্ৰথমিক শাখাত আজি শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মোৎসৱ উপলক্ষে পুৱা ঊষা কীৰ্ত্তন, আইসকলৰ নামৰ পিছতে বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে খগেন বৰাই।

ইয়াৰ পিছতে সংঘৰ ধৰ্ম ধৰ্জ্বা উত্তোলন কৰে অকণি ভূঞাই। পুৱা ১০ বজাত বৰ্ণাঢ্য ভাগৱত শোভাযাত্ৰা বাহিৰ কৰা হয়। শোভাযাত্ৰা উদ্বোধন কৰে বাটচ’ৰা প্ৰাথমিকৰ গায়ন-বায়নৰ দলটিয়ে।

অন্যহাতে শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে কীৰ্ত্তন পাঠ কৰে ডিম্বেশ্বৰ বৰুৱাই। ইয়াৰ পিছতে প্ৰাথমিকৰ মহিলাসকলে থিয় নাম আৰু কিশোৰ কিশোৰীসকলে বৰগীত পৰিবেশন কৰে। নীলমণি বৰুৱাই আঁত ধৰা যুৱ সমাৰোহত প্ৰয়াত পদ্মনাথ শইকীয়া সোঁঁৱৰণী সাহিত্য প্ৰতিযোগিতাত-ধৰ্মীয় দিশৰ ভাষন, আকস্মিক বক্তৃতা, ইত্যাদি প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।

প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক প্ৰয়াত পদ্মনাথ শইকীয়াৰ পৰিয়ালৰ হৈ ধনমা শইকীয়াই পুৰস্কাৰ আগবঢ়াই। ইয়াৰ পিছতেই সমুহীয়া দিহানামেৰে দিনজোৰা কাৰ্যসূচীৰ শংকৰদেৱৰ জন্মোৎসৱৰ সামৰণি পৰে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close