অসমক্ৰীড়াঙ্গণবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ডোহাত খেলিব হিমাই

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ডােহা বিশ্ব এথলেটিক চেম্পিয়নশ্বিপত হিমা দাসে অংশগ্রহণ কৰিব বুলি নিশ্চয়তা প্রকাশ কৰে অসম অলিম্পিক সন্থাৰ সভাপতি লক্ষ্য কোৱৰে। গুৱাহাটীৰ ক্রীড়া সঞ্চালকৰ কাৰ্যালয়ত আজি এক সংবাদমেল অনুষ্ঠিত কৰি কোঁৱৰে কয় হিমাই ৪x৪০০ ৰীলে আৰু ৪×৪০০ ৰীলে মিড মহিলা শাখাত ডােহা এথলেটিকছ চেম্পিয়নশ্বিপত অংশ ল’ব। অৱশ্যে এই ইভেণ্টত কোনােধৰণৰ ব্যক্তিগত শাখাত অংশগ্রহণ নকৰে অসম কন্যা হিমাই। ইফালে হিমা দাসৰ এথলেটিকছ কেৰিয়াৰ সমাপ্তি সন্দৰ্ভত প্রকাশিত চর্চানুই কৰি কোৱৰে কয় ? সম্প্রতি হিমাক লৈ যিবােৰ বাতৰি বা ছ’চিয়েল মিডিয়াত যিবােৰ চৰ্চা অব্যাহত আছে। সেইবােৰ মিছা। অলিম্পিকলৈ যােৱা সম্পূর্ণ প্রতিভা আছে হিমাৰ। বর্তমান হিমাৰ বয়স মাত্র ১৯ বছৰ আঠ মাহ এদিন। তেওঁৰ কেৰিয়াৰৰ এয়া আৰম্ভণিহে মাথোঁ। সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিলে ২০৩২লৈ অলিম্পিক খেলি যাব পাৰিব। তদুপৰি হিমা প্রথমগৰাকী অসম কন্যা যিয়ে নেকি ডােহা এথলেটিকছত অংশ ল’ব।হিমাৰ প্রতিভাক আমি স্বীকাৰ কৰি তেওঁক আমি উৎসাহ জনাব লাগিব। আনহাতে সৰ্বভাৰতীয় এথলেটি কছ সন্থাৰ ভিতৰচ’ৰাত হিমা ৰাজনীতিৰ বলি হােৱাৰ বাতৰি খণ্ডন কৰি কোৱৰে কয় ঃ হিমা অসম তথা ভাৰতৰ গৌৰৱ। তেওঁক লৈ দেশৰ এথলেটিকছ ফেডাৰেচনতৰাজনীতিৰ সৃষ্টি হােৱা নাই। তেওঁৰ কেৰিয়াৰৰ লগতে মানসিক বিকাশৰ লগত সংগতি ৰাখিহে অলিম্পিকত অংশ নােলােৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে মেনেজমেন্টে। সি যি কি নহওক ডােহা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত পুনৰ পদক জয়েৰে স্বৰ্ণ কন্যা হিমা উজলি উঠিব বুলি আশাবাদী দেশৰ ক্রীড়া মহল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close