কবিতাসাংস্কৃতিকসৃজন

ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কবিতা আবৃত্তি কৰ্মশালা

Dibya jyoti das

ডিমৌ শাখা কবি সন্মিলনৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৪ জুলাই পৰা অনুষ্ঠিত কবিতা আবৃত্তি কৰ্মশালাখনি ১৭ জুলাই বুধবাৰে এটি সামৰণি  অনুষ্ঠানেৰে সফল সমাপ্তি ঘটে। ডিমৌ শাখা কবি সন্মিলনৰ সাংগঠনিক সম্পাদিকা দিতীমণি দত্তয়ে আঁতধৰা সামৰণি  অনুষ্ঠানত পুৱা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ডিমৌ শাখা কবি সন্মিলনৰ উপদেষ্টা অৰুন শৰ্মাই । সামৰণি অনুষ্ঠানত মুখ্য  অতিথি হিচাবে উপস্থিত থাকে সদৌ  অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ, সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম । বিশিষ্ট  অতিথি হিচাবে উপস্থিত থাকে যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি মহেন্দ্ৰ হাজৰিকা,  বিশিষ্ট কবি মনোজ নেওগ, বিশিষ্ট কবি সুৱন সিং গাম ,ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বকুল দত্ত  আৰু স্থানীয় বহু কেইজন গণ্য মান্য ব্যক্তি । দুপৰীয়া  বিশিষ্ট কবি প্ৰেম গগৈয়ে সঞ্চালন কৰা কবিতা পাঠৰ অনুষ্ঠানত ডিমৌ শাখা সাহিত্য সভাৰ সভানেত্ৰী পদ্মা লাহন চেতিয়া, ডিমৌ মহাবিদ্যালয়ৰ  অধ্যাপিকা হামিদা বেগমকে ধৰি ভালে সংখ্যক নবীন প্ৰবীন কবিয়ে অংশগ্ৰহণ কৰে । আনহাতে কিছু ব্যক্তিগত অসুবিধাৰ বাবে কৰ্মশালাৰ সমল ব্যক্তি হিচাবে উপস্থিত থকা আবৃত্তিৰত্ন শান্তিছায়া শইকীয়া সামৰণি  অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে ১৬ জুলাই তাৰিখে কৰ্মশালা খনি সমাপ্তিৰ পাছত তেখেতক  বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় । ডিমৌ শাখা কবি সন্মিলনৰ তৰফৰ পৰা তেখেতলৈ এখনি ফুলাম গামোচা, এখনি কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয়। চাৰিদিনীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু নবীন প্ৰবীন কবি সকলৰ লগতে বহুমূলীয়া দিহা পৰামৰ্শৰে সহযোগিতা  আগবঢ়োৱা  শিৱসাগৰ জিলা কবি সন্মিলনৰ সম্পাদক প্ৰশান্ত কুমাৰ নাথকে ধৰি শাখাৰ  সমূহ বিষয়ববীয়াক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ডিমৌ শাখা কবি সন্মিলনৰ সম্পাদক  অভিজিত গগৈয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close