লাইফষ্টাইলস্বাস্থ্য

ডঃ অঞ্জনজ্যোতি চৌধুৰীৰ সৌজন্যত ‘জীৱনৰ ৰং’

আপুনিও কাৰোবাৰ জীৱন বচোৱাত সহায়ক হ'ব পাৰে

এখন অনুষ্ঠানত এগৰাকী ভদ্ৰ মহিলাই উজুটি খাই পৰি থাকিল । উঠি থিয় হৈ তেওঁ কলে, সকলো ঠিকেই আছে, আৰু তেওঁ ইটা টুকুৰাত ভৰিতো লাগি উজুতি খালে বুলি জনালে । কোনোবাই এম্বুলেঞ্চ অনাৰ কথা কলে যদিও তেওঁ মান্তি নহ’ল আৰু সম্পূৰ্ণ সুস্হ বুলি নিজকে ঘোষনা কৰিলে।

সকলো ঠিকঠাক কৰি, পৰিস্কাৰ কৰি তেওঁ প্লেট লৈ খাবলৈ ধৰিলে।অনুষ্ঠানত সম্পূর্ণ সময় তেওঁ উপস্থিত থাকিল,কিন্তু পিছৰ দিনা তেওঁৰ স্বামীৰ মুখেৰে গম পোৱা গল যে মহিলা গৰাকী হস্পিতালত আছে। সন্ধ্যা ছয় বজাত তেওঁৰ মৃত্যু ঘটে ।

মূলতে আচলতে যিটো ঘটনা ঘটিছিল, সেইটো হল, তেওঁ অনুষ্ঠান চলি থকাৰ সময়তে তেও স্ট্রোকত আক্ৰান্ত হৈছিল। তাত কোনোবাই জনা হেতেন কেনেকৈ স্ট্ৰোক চিনাক্ত কৰা সম্ভৱ,তেনেহলে হয়তো মহিলা গৰাকী আজি জীৱিত হ’ল হেতেন।

এজন মস্তিষ্কবিশেষজ্ঞ কৈছিল, যদি এজন স্ট্রোক আক্ৰান্ত ৰোগীক স্ট্রোক হোৱাৰ তিনি ঘন্টাৰ ভিতৰত হস্পিতাললৈ লৈ অনা হয়, তেন্তে তেওঁক সম্পূর্ণভাবে সুস্থ অবস্থাত ঘুৰাই পোৱা সম্ভব। কেৱল আমি জানিব লাগিব কেনেদৰে ষ্ট্ৰোক চিনাক্ত কৰা যায়, আৰু জানিব লাগিব চিনাক্তকৰনৰ পিছত কিমান সময়ৰ ভিতৰত ৰোগীক হস্পিতালত দাখিল কৰিব লাগে।

স্ট্রোক কেনেদৰে চিনাক্ত কৰিব…

সহজ তিনিটি উপায়ঃ- S, T আৰু R…প্ৰথম তিনিটা আখৰ।

S – Smile ৰোগীক হাঁহিবলৈ দিয়ক।

T – Talk ৰোগীক আপোনাৰ লগে লগে এটা বাক্য কবলৈ দিয়ক । উদাহৰণঃ আজিৰ দিনটো বহুত সুন্দৰ।

R – Raise hands. ৰোগীক একেলগে দুইখন হাত ওপৰলৈ তুলি ধৰিব দিয়ক।

ইয়াৰ যিকোনো এটাতে যদি ৰোগীৰ সমস্যা বা কষ্ট হয়, তৎক্ষণাৎ দেৰি নকৰি তেওঁক হস্পিতাললৈ লৈ যাওক। আৰু চিকিৎসকক সমস্যাতো খুলি কওক।

চিনাক্তকৰণৰ আৰু এটি উপায় হৈছে, ৰোগীক তেওঁৰ জিভা বাহিৰ কৰিবলৈ। যদি তেওঁৰ জিভাখন মুখৰ ভিতৰতে ভাঁজ হৈ থাকে,অথবা যদি বেঁকা হৈ যিকোনো
এফালে পৰি যায়, সেইটোও স্ট্রোকৰ লক্ষণ। তৎক্ষণাৎ তেওঁক হস্পিতাললৈ যাওক।
.
এজন খ্যাতনামা হৃদৰোগ বিশেষজ্ঞই কৈছিল, যদি আমি সকলোৱে এই সহজ কৌশল বোৰ জানি ৰাখো, তেনেহলে আমি যিকোনো এজনৰ হলেও জীৱনতো বচাব পাৰো।

এতিয়া, আপুনি শিকিলে, আপোনাৰ বন্ধু আৰু প্রিয়জনকো শিকাই ৰাখক ! কাৰোবাৰ জীৱনতো বচোৱাত সহায় হ’ব।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close