আন্ত-ৰাষ্ট্ৰীয়বিনোদনবিশেষশীৰ্ষ

ট্রেক্টৰ চালকৰ ৰূপত কুকুৰ

এটা বিশেষ কুকুৰ। বর্তমান এই কুকুৰটোৱে সকলােৰে চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে। কিয়নাে, এই কুকুৰটোৱে মানুহৰ দৰেই কাম কৰিবলৈ লৈছে। পূর্বৰ পৰাই কুকুৰ প্রভুভক্ত প্রাণী বুলি সকলােৰে পৰিচিত। প্রশিক্ষণ পালে পােহনীয়া জন্তুবােৰেও যে অসাধাৰণ কাম কৰিব পাৰে তাৰেই প্রমাণ দাঙি ধৰিলে উত্তৰ আয়াৰলেণ্ডৰ এটি পােহনীয়া কুকুৰে। এই বিশেষ কুকুৰটোৰ নাম ৰজাম্ফে। এই কুকুৰটোৱে বর্তমান বুধিয়ক কুকুৰৰাে সন্মান বুটলিবলৈ সক্ষম হৈছে। উত্তৰ আয়াৰলেণ্ডৰ বাসিন্দা এলবার্ট ৰেইডৰ এই পােহনীয়া কুকুৰটোৰ কৰ্মৰাজিয়ে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। অন্য কুকুৰৰ দৰে ৰজায্যে যথেষ্ট প্রভুভক্ত তথা বিশ্বাসী। ৰজায্যেৰ এক আকর্ষণীয় গুণ হ’ল –ই ঘৰৰ গৰাকীক কৃষিকার্যত নিয়মিতভাৱে সহায়- সহযােগিতা আগবঢ়ায়। গৰাকীয়ে যেতিয়া ট্ৰেক্টৰ চলাই মাটি চহােৱাৰ পৰা আদি কৰি বীজ ৰােপণ তথা খেতি চপােৱালৈকে গাৰ ছাঁটোৰ দৰে চিৰলগৰী হৈ থাকে কুকুৰটো। এজন দক্ষ ট্রেক্টৰ চালকৰ দৰেই ৰাজষ্যেৱে ট্রেক্টৰখন সুচাৰুৰূপে চলাই গৰাকীক যথেষ্ট সহায় কৰে। শেহতীয়া তথ্য অনুসৰি ৰাজাম্ফেৰ এই কামবােৰৰ কথা প্রথম অৱস্থাত সকলােৱে বিশ্বাসত ল’ব টান পাইছিল যদিও নিজ চকুৰে দেখাৰ পাছত সকলােৱে অবাক হৈ পৰে। অৱশেষত বহুতে ফটো তথা ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত আপলােডকৰে। ৰজায্যেই অৱশ্যেই ট্ৰেক্টৰখনত নিজেই উঠিব নােৱাৰে। যদিহে তাক ট্রেক্টৰখনত উঠাই দিয়া হয় তাৰ পাছত আৰু তাক কোনাে কামেই ক’বলগীয়া নহয়। এজন সুদক্ষ সৈনিকৰ ৰূপত নিজৰ ক্ষমতা অনুযায়ী কর্ম সম্পাদন কৰে। উল্লেখ্য যে এই উত্তৰ আয়াৰলেণ্ডৰ ৰাজাম্ফো নামৰ কুকুৰটোৱে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে এক বিশ্ব অভিলেখ ৰচিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close