ক্ৰীড়াঙ্গণৰাষ্ট্ৰীয়শীৰ্ষ

টী-২০ বিশ্বকাপলৈ শাস্ত্ৰীৰ পঞ্চপাণ্ডৱ

দ্বিতীয় বাৰৰ বাবে ভাৰতীয় পুৰুষ ক্রিকেট দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্বভাৰ গ্রহণ কৰিয়েই ২০২০ত হ’বলগীয়া অষ্ট্রেলিয়া টী-২০ বিশ্বকাপৰ বাবে দলটোৰ পঞ্চপাণ্ডৱৰ কথা উল্লেখ কৰে ৰবি শাস্ত্রীয়ে। সদ্যসমাপ্ত ইংলেণ্ড ক্রিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাস্ত হােৱাৰ পাছৰে পৰাই আগন্তুক টী-২০ বিশ্বকাপৰ খিতাপ দখলৰ লক্ষ্যৰে কেতবােৰ নতুন ৰণকৌশল ৰচনা কৰিছে মুখ্য প্রশিক্ষকগৰাকীয়ে। দলটোৰ ভিতৰত চলি থকা অধিনায়ক বিৰাট কোহলি আৰু উপ-অধিনায়ক ৰােহিত শর্মাৰ বিতৰ্কৰ অৱসান ঘটাই টীম ইণ্ডিয়াৰ ৫গৰাকীকৈ খেলুৱৈক টী-২০ বিশ্বকাপলৈ দলত স্থান নিশ্চিত বুলি ঘােষণা কৰে শাস্ত্রীয়ে। খেলুৱৈসকল হ’ল ক্রমে বিৰাট কোহলি, ৰােহিত শর্মা, ঋষভ পন্ত, কে এল ৰাহুল আৰু যশপ্রীত বুমৰাহ। মুঠতে এই পাঁচগৰাকী খেলুৱৈয়ে হ’ব টীম ইণ্ডিয়াৰ আগন্তুক টী-২০ বিশ্বকাপৰ মূল অস্ত্র। ৰােহিতৰ বিস্ফোৰক অপেনিঙেৰে ইনিংছ আৰম্ভ কৰি ঋষভ বা কে এল ৰাহুলৰ মিডল অর্ডাৰৰ শক্তিয়ে ভাৰতীয় দলক এক নতুন শক্তি প্রদান কৰিব বুলি বিশ্বাসী শাস্ত্রী। ইফালে, বিৰােধী পক্ষৰ বেটমেনক মষিমূৰ কৰিবলৈ দলটোৰ বলিং লাইন আপক নেতৃত্ব দিব যশপ্রীত বুমৰাহে। টীম ইণ্ডিয়াৰ প্রশিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পাছৰে পৰাই শাস্ত্ৰীৰ মনত এতিয়া টী-২০ বিশ্বকাপৰ খিতাপ দখলৰ লক্ষ্য। এই সন্দৰ্ভত তেওঁ সাংবাদিকৰ আগত কয় ঃ অনাগত দিনত টীম ইণ্ডিয়াই অধিক প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। টী-২০ বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি আমি প্রস্তুতি আৰম্ভ কৰিব লাগিব। ইফালে, ২২ আগষ্টৰ পৰা ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অভিযান আৰম্ভ কৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close