অসমশীৰ্ষ

টিংখাঙত পৰম্পৰাগত লখিমী সভা সম্পন্ন 

টিংখাঙৰপৰা দেৱজিৎ গগৈ, ভাল খবৰ: অসমৰ সোণোৱাল- কছাৰী সম্প্ৰদায়ৰ কৃষি ভিত্তিক উৎসৱ হৈছে লখিমী সবাহ। লখিমী সবাহ পৰম্পৰাগত ভাৱে ফাগুন মাহৰ সোম, বুধ বা বৃহস্পতিবাৰে পূৰ্ণিমা তিথিত তিনিদিনীয়াকৈ অনুস্থিত কৰা হয়। টিংখাঙৰ সোণোৱাল- কছাৰী অধ্যুষিত কৃষিপ্ৰধান গাঁও ২ নং চৰাই হাবিত তিনিদিনীয়া ধৰ্মীয় ৰীতি- নীতিৰে লখিমী সবাহ সম্পন্ন হয়। গাঁওখনত প্ৰতি ৭ বছৰৰ মূৰত লখিমী সভা ৰাজহুৱা ভাৱে সম্পন্ন কৰা হয়। এই উপলক্ষে ২নং চৰাইহাবি হৰিমন্দিৰৰ লগতে গাঁওখনৰ বাট-পথ, ঐতিহাসিক ‘হাকৈ বিল’ আদি পৰিষ্কাৰ কৰি তোলা হয়। মঙলবাৰে ৰাজহুৱা নামঘৰত ভক্তিভাৱেৰে ‘ৰাজহুৱা দালী’ প্ৰতিষ্ঠা কৰাৰ পাচতে নামঘৰ প্ৰাঙ্গণ ভকতৰ নাম-কীৰ্ত্তন, গোপিনী আই সকলৰ গোসাঁই নাম, লখিমী নাম, গায়ন-বায়নৰ ধ্বনিৰে মুখৰিত হৈ পৰে। বৃহস্পতিবাৰে গাঁওখনৰ সকলো পুৰুষ-মহিলাই নামঘৰত বিধিমতে শৰাই সজাই নাম-কীৰ্ত্তন, গায়ন-বায়নৰ মাজেৰে দালীধৰা, কলচীধৰা, জাকৈয়তি, দোলাভাৰী, উঘাধাৰী সকলে বিলৰ পৰা লখিমী তুলিবলৈ যাত্ৰা আৰম্ভ কৰে। এই বৰ্ণিল ধৰ্মীয় শুভাযাত্ৰাত সোণোৱাল-কছাৰী সকলৰ হাইডাং, লেচেৰী আদি ধৰ্মীয় আৰু সাংস্কৃতিক ৰীতি-নীতিৰ প্ৰদৰ্শন কৰা হয়। য’ত অঞ্চলটোৰ প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি আনন্দ-উল্লাস প্ৰকাশ কৰে। ইয়াৰ পাছতে ঐতিহাসিক ‘হাকৈ বিল’ত লখিমী তোলাৰ ধৰ্মীয় নীতি-নিয়ম পালন কৰে। উল্লেখযোগ্য যে লখিমী সবাহত তান্ত্ৰিক আৰু বৈষ্ণৱ ধৰ্মৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায়। বিলৰ পাৰত ধূপ-দ্বীপ আৰু মা-প্ৰসাদেৰে প্ৰায় ছকুৰি দেৱ-দেৱীৰ প্ৰতি শৰাই আগবঢ়োৱা হয়। শৰাই আগবঢ়োৱাৰ পাচতে কলচীধৰাই কাচি এখনেৰে পৰম্পৰা অনুসৰি চাৰিও দিশত পানীত ৩, ৫ বা ৭ বাৰ ৰেপ দি কলচীত পানী ভৰায়। ইয়াৰ পাচত জাকৈয়তিয়ে চাৰিও দিশৰ পৰা বিলত জাকৈ মাৰি দোলাত ভৰায়। ইয়াৰ পাছতে গায়ন-বায়ন, দিহা নাম, লখিমী নাম, বিহু আদিৰ মাজেৰে লখিমীক আদৰি অনা হয়। সমান্তৰাল ভাৱে পৰস্পৰে-পৰস্পৰৰ গালৈ পিঠাগুৰি ছটিয়াই আনন্দ প্ৰকাশ কৰে। সোণোৱাল সকলৰ ধৰ্মীয় পৰম্পৰা অনুসৰি পিঠাগুৰিক শিৱ-পাৰ্বতী, আই লখিমীৰ পৰশ আৰু বিষ্ণুৰ ঘাম বুলি জ্ঞান কৰি মুখত সনা হয়। লখিমীক আঁদৰি আনি নামঘৰৰ চাৰিওফালে সাতপাক ঘূৰাৰ পাচতে ঘৰে-ঘৰে লখিমী বিতৰণ কৰা হয়।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close