অসম

টাটা কুচিবল কৰ্প’ৰেট কুইজ ২০১৯

ফাইনেলত জয়লাভ মন্ত্র এছচিয়েটছৰ দলৰ মন্ত্র এছচিয়েটছৰ বিজিত দাস আৰু শ্বাহবাজ আহমেদৰ

টাটা কুচিবল কৰ্প’ৰেট কুইজ ২০১৯ৰ গুৱাহাটী অঞ্চলৰ ফাইনেলত জয়লাভ মন্ত্র এছচিয়েটছৰ দলৰ মন্ত্র এছচিয়েটছৰ বিজিত দাস আৰু শ্বাহবাজ আহমেদে লাভ কৰিলে গুৱাহাটী সংস্কৰণৰ টাটা চিবল কৰ্প’ৰেট কুইজ ২০১৯ৰ খিতাপ। গুৱাহাটীৰ তাজ ভিভাণ্টাত অনুষ্ঠিত চহৰ পৰ্যায়ৰ প্রতিযােগিতাখনত মুঠ ৩১টা দলে অংশগ্রহণ কৰে। বিজয়ী বিজিত দাস আৰু শ্বাহবাজ আহমেদক ৭৫,০০০ টকাৰ প্রাইজমানি আগবঢ়োৱা হয়। প্রতিযােগী দুগৰাকীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফিনালেলৈ যােগ্যতা অর্জন কৰিবলৈ পৰৱর্তী পর্যায়ত মাণ্ডলিক ৰাউণ্ডত প্রতিদ্বন্দ্বিতা কৰিব লাগিব। গুৱাহাটী সংস্কৰণৰ চুড়ান্ত প্রতিযােগিতাখনত অসম চৰকাৰৰ জ্যোতিষ কলিতা আৰু গুলচন নুনিছাক ৰাণাৰ্ছ-আপ হিচাপে উপস্থিত আছিল তাজ ভিভাণ্টাৰ মহাপ্রবন্ধক অশ্বানি আনন্দ। প্রখ্যাত কুইজ মাষ্টাৰ ‘পিকব্রেইন’ গিৰি বালাসুব্রমণিয়মে পৰিচালনা কৰিছিল গুৱাহাটীৰ এই প্রতিযােগিতাখন। ভাৰতৰ সর্ববৃহৎকৰ্প’ৰেট কুইজখনৰ ষষ্ঠদশ সংস্কৰণ অনুষ্ঠিত হ’ব ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈ। ২৫ খন চহৰত অনুষ্ঠিত হােৱাৰ পাছত চাৰিটা মালিক ৰাউণ্ড অনুষ্ঠিত হৈ শেষত মুম্বাইত অনুষ্ঠিত হ’ব গ্রেণ্ড নেচনেল ফিনালেখন। ৰাষ্ট্রীয় পর্যায়ৰ বিজয়ীয়ে লাভ কৰিব টাটা কুচিবল ট্ৰফীসহ ৫,০০০ টকাৰ গ্ৰেণ্ড পুৰস্কাৰ।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close