ক্ৰীড়াঙ্গণ

টাইকোৱান্ডোত উজ্বলিল জামুগুৰিহাট

সোণ, ৰূপ, ব্ৰঞ্জৰ পদক আজুৰিলে ৩৪ প্ৰতিযোগীয়ে

যোৱা ১৪ আৰু ১৫ জুুুুলাইত তেজপুৰত অনুুুষ্ঠিত হোৱা শোণিতপুৰ জিলা ভিত্তিক টাইকোৱান্ডো প্ৰতিযোগিতাত শীৰ্ষ ৩৪ টা পদকেৰে জামুগুৰি অঞ্চলটোলৈ বিশেষ সফলতা কঢ়িয়াই আনিছে ৩৪ গৰাকী কৃতিমানে । উল্লেখযোগ্য যে অঞ্চলটোৰ জামুগুৰি টাইকোৱান্ডো একাডেমী আৰু কুসুমটোলা টাইকোৱান্ডো একাডেমীৰ মুঠ ৪৪ গৰাকী বিভিন্ন শাখাৰ প্ৰতিযোগীয়ে প্ৰতিযোগিতাখনি অংশগ্ৰহণ কৰিছিল । জিলাখনৰ কেইবা শতাধিক প্ৰতিযোগীয়ে ভাগ লোৱা প্ৰতিযোগিতা খনিৰ চাব জুনিয়ৰ শাখাত হিমাংশু দাস, অনিজ মহন্ত, উজ্জ্বল বৰা, জ্যোতিময় শইকীয়া, দ্ৰুপদ বৰা, মাৰ্চেন্ট বৰুৱা, কৃষ্ণভ শইকীয়া, বিশাখা গগৈ আৰু নিষ্ঠা প্ৰয়াস কলিতাই সোণৰ পদক লাভ কৰিবলৈ সক্ষমতা হয় । সেইদৰে চাব কেডেট শাখাত ৰাজনীশ লাহন, নিয়ৰ বৰাই সোণৰ পদক লাভ কৰাৰ বিপৰীতে চাব চিনিয়ৰ শাখাত নয়নজ্যোতি ৰাজখোৱা আৰু সমীৰ মেচে সোণৰ পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে । ইয়াৰ উপৰিও চাব জুনিয়ৰ শাখাত চিতেন মুখীয়া, প্ৰিন্স ভূঞা, প্ৰত্যুষ প্ৰিয়ম হাজৰিকা, ডেইজি দাস, শুভাংগি বৰাই ৰোপৰ পদক লাভ কৰাৰ বিপৰীতে চাব কেডেট শাখাত প্ৰদ্যুৎ শইকীয়া, মৰাণ দাস, ত্ৰিশাগ্নী লক্ষ্মী বৰা, পূৰৱী চৌধুৰীয়ে লাভ কৰে ৰূপৰ পদক । চাব চিনিয়ৰ শাখাত ঋতুপৰ্ণ বৰাই ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে কেউটা শাখাতে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে বেদ কুনাল দৈমাৰী, প্ৰিয়া শইকীয়া, মনচুম লাহন, আয়ান বৰা, আশীষ মুখীয়া, হিমশিখা ডেকা, নিলোৎপল বৰকাকতী, অনুষ্কা মহাভানু, ধীমান দাস, লক্ষজিৎ নাথ আৰু ৰিকি বাৰুতীয়ে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close