অসম

টংলাত আৰক্ষীৰ ব্যতিক্ৰমী পদক্ষেপ

হেলমেট পিন্ধা চালকক গোলাপ ফুলেৰে আদৰণি

ৰাজ্যত যানবাহন সংশোধিত আইন বলবৎ হোৱাৰ সময়তে ওদালগুৰি জিলাতো এই আইনৰ প্ৰভাৱ পৰিছে৷ প্ৰথমবাৰৰ বাবে যানবাহন আৰক্ষী আৰু ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াই আজি ৰাতিপুৱাৰ পৰা চাৰিচকীয়া গাড়ী, দুচকীয়া বাহন ৰখোৱাই চালকৰ নথিপত্ৰ বিচাৰে৷নথিপত্ৰ থকা চালক তথা হেলমেট পিন্ধা একাংশ লোকক ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া নিৰ্মল ঘোষে ফুলৰ উপহাৰ দি ভৱিষ্যতে সকলোকে নথিপত্ৰ লৈ বাহন চলাবলৈ আহ্বান জনোৱাৰ লগতে পৰৱৰ্তী সময়ত নথিপত্ৰ নোহোৱা লোকক চৰকাৰী আইনৰে ব্যৱস্থা লোৱাৰ কথা জনায়৷৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close