বিশেষশীৰ্ষসম্পাদকীয়

জ্বালামুখীৰ পৰা জীৱত্ব

হিমাংশু অনুপম

উৎপৰিৱর্তনৰ সুত্র অতীজৰে পৰাই জীৱৰ বসবাস আৰু ক্ৰমবিকাশৰ সৈতে সংলগ্ন হৈ আহিছে। উৎপৰিৱর্তন অবিহনে পৃথিৱীত নতুন নতুন প্রজাতিৰ আগমন নঘটিলেহেঁতেন। নতুন নতুন ভূখণ্ডৰ সৃষ্টি নহ’লহেঁতেন পৰিৱৰ্তন নহলে। কি এই উৎপৰিৱর্তন। প্রাকৃতিকভাৱে কোনাে এখন ঠাইত আগ্নেয়গিৰি উদগিৰণ, ছুনামি, বনজুই, ভূমিস্খলন আদিৰ ফলত নতুন এখন ক্ষেত্র সৃষ্টি হয়। এই ক্ষেত্ৰত ক্রমশঃ জীৱৰ উৎপত্তি হয় আৰু প্রাণীকুলে বসবাসৰ বাবে বাসভূমি সাজি লয়। প্রাকৃতিক পৰিঘটনাৰ ফলতনতুন ক্ষেত্র এখনতশীতল হােৱাৰ পিছত প্রথম অৱস্থাত শেলুৱৈজাতীয় উদ্ভিদে বসতি আৰম্ভ কৰে। ইয়াৰ পিছত ক্রমবিকাশ ঘটি মছ বৰ্গৰ উদ্ভিদে উক্ত শিলাখণ্ডক আৱৰি লয়। মছ বৰ্গৰ উদ্ভিদে তৰপসমূহ বাঢ়ি যােৱাৰ লগে লগে শিলাসমূহত মাটিৰ উৎপত্তি ঘটে। যাৰ ফলত তাত তেঁকীয়া বৰ্গৰ উদ্ভিদে গজালি মেলিবলৈ সুবিধা লাভ কৰে। তেঁকীয়া বৰ্গৰ উদ্ভিদেৰে উৎপৰিৱর্তনৰ ফলত সৃষ্টি হােৱা ঠাইখিনি আৱৰি ৰখাৰ পিছত লাহে লাহে বৃক্ষসমূহে বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰে।  এনেকৈয়ে প্রাকৃতিকভাৱে ভূমি সৃষ্টি হৈজীৱৰ অনুকূলে বসবাসৰ সুবিধা কৰি দিয়ে।

প্রাচীন কালৰে পৰাই সময়ে সময়ে নীৰৱে প্রাকৃতিকভাৱে উৎপৰিৱৰ্তন সংঘটিত হৈ আহিছে যদিও সেয়া সাধাৰণতে আমাৰ চকুত নপৰে। শেহতীয়াভাৱেনাছাৰ চেটেলাইটে হাৱাই সাগৰীয় উপকূলত এনে এক পৰিঘটনা সংগ্রহ কৰে। ২০১৪ চনৰ ডিচেম্বৰ মাহৰ পৰা একেলেঠাৰিয়ে এমাহজোৰা কাল অর্থাৎ ২০১৫ চনৰ জানুৱাৰী মাহলৈকে হাৱাই সমুদ্র উপকূলত অকস্মাৎ বৃহৎ পৰিমাণৰ জলীয় বাষ্প প্রত্যক্ষ কৰিছিল মাছমৰীয়াসকলে। পৰৱর্তী পর্যায়ত ক্রমান্বয়ে ভাপপিণ্ড সমুদ্রপৃষ্ঠত লাগি থকাত ইয়াৰ অন্তর্নিহিত কাৰণ বিশ্লেষণত নামি পৰে নাছা।

সাগৰৰ গৰ্ভত থকা আগ্নেয়গিৰি উদগিৰণৰ ফলত হাৱাই সমুদ্র উপকূলত জলীয় বাষ্প আৰু ধোঁৱাৰ সৃষ্টি হৈছিল। উক্ত অঞ্চলৰ শেহতীয়া উপগ্রহীয় চিত্র অনুসৰি হাৱাই সমুদ্রপৃষ্ঠত সৃষ্টি হৈছে এটা নতুন লাভা দ্বীপ। আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ ফলত নির্গত হােৱা লাভাসমূহ তিনিটা বছৰ ধৰি শীতল হ’বলৈ ধৰে আৰু কঠিন শিললৈ ৰূপান্তৰিত হয়। কঠিন শিলাখণ্ডলৈ ৰূপান্তৰিত হােৱা দ্বীপটোৰ ব্যাসার্ধ চাৰিশ ফুটৰ। এশ বিশ ফুট উচ্চতাত এইনতুন লাভা দ্বীপটোৰ শেহতীয়া ছবি অনুসৰি ক্ৰমশঃ উৎপৰিৱর্তনৰ প্রভাৱত লাভা দ্বীপটোত জীৱৰ ক্ৰমবিকাশ আৰম্ভ হৈছে।

নাছাৰ তথ্য অনুসৰি দ্বীপটোত মছবৰ্গৰ উদ্ভিদে বংশবৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। যদি এই পৰিঘটনা আৰু ত্রিশ বছৰলৈ চলি থাকে তেতিয়াহ’লে লাভা দ্বীপটোৰ বৰণ সম্পূর্ণ  সেউজীয়া হৈ পৰিব। এয়াই হৈছে প্রাকৃতিকভাৱে নীৰৱে চলি থকা উৎপৰিৱৰ্তনৰ চাক্ষু পৰিঘটনা। উদগিৰণৰ পৰা সৃষ্টি হােৱা দ্বীপ এটা কেনেদৰে জীৱৰ অনুকূল পৰিৱেশলৈ ৰূপান্তৰিত হয়, সেয়া শেহতীয়াভাৱে হাৱাইৰ সমুদ্র উপকূলত চলি থকা প্রাকৃতিক পৰিঘটনাই প্রমাণিত কৰিছে। উল্লেখ্য যে, ভাৰতত আন্দামান নিকোবৰ, জাপানৰ বহুতাে দ্বীপ এনে ধৰণৰ উদগিৰণৰ ফলতে সৃষ্টি হৈছিল। যত এতিয়া জীৱই স্বচ্ছন্দে জীৱন উদ্যাপন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close