আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানশীৰ্ষ

জোনবাইৰ দেশলৈ আজি চন্দ্ৰযান 2

শ্ৰী হৰিকোটা, 21 জুলাই- জোনবাইৰ দেশলৈ কাইলৈ উৎক্ষেপণ কৰা হ’ব 978 কোটি টকাৰ ব্যয়ৰে নিৰ্মিত চন্দ্ৰযান-2। ইয়াৰ বাবে আজি সন্ধিয়াৰে পৰাই কাউণ্ট-ডাউণ্ট আৰম্ভ হৈছে চন্দ্ৰযান-চ্ উৎক্ষেপণকলৈ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে কাইলৈ দিনৰ 2.43 বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-2 উৎক্ষেপণ কৰিব। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে চন্দ্ৰযান-চ্ উৎক্ষেপণ কৰাৰ কথা আছিল 15 জুলাইত। কিন্তু উৎক্ষেপণ কৰাৰ প্ৰাকক্ষণত ইছৰোৱে চন্দ্ৰযানত ধৰা পৰা কাৰিকৰী বিজুতিৰ বাবেই উৎক্ষেপণ স্থগিত ৰাখিছিল। কিন্তু কাইলৈ সম্পূৰ্ণৰূপে সাজু কৰি চন্দ্ৰযান-চ্ক উৎক্ষেপণ কৰিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো। ইছৰোৰ প্ৰমুখ কে ছিভানে আজি সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে চন্দ্ৰযান-2উৎক্ষেপণৰ বাবে আজি সন্ধিয়াৰ 6.43 বজাৰ পৰাই কাউণ্ট-ডাউণ্ট আৰম্ভ হৈছে। সম্পূৰ্ণৰূপে সাজু কৰি কাইলৈ দিনৰ 2্.43 বজাত উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান2।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close