অসমচলচ্চিত্ৰজগতবিশেষশীৰ্ষ

জুবিনৰ “বাঘ”

মিছন চাইনা,কাঞ্চজংঘাৰ পিছত এইবাৰ "বাঘ"

সদ্য মুক্তিপ্ৰাপ্ত ছবি কাঞ্চজংঘাৰ জনপ্ৰিয়তাৰ পিছতেই এইবাৰ ৰাইজৰ মাজলৈ আহি আছে জুবিনৰ পৰৱৰ্তী ছবি “বাঘ”। তথ্য অনুসৰি এক-ডেৰ বছৰৰ ভিতৰত এই ছবিখনে মুক্তি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ছবিখনৰ মুখ্য চৰিত্ৰ অৰ্থাৎ “বাঘ”ৰ চৰিত্ৰত অভিনয় কৰিব জুবিন গাৰ্গে। ৰঙিয়াৰ ‘ডিলাইট’ ছবিগৃহত এই কথা সদৰী কৰে নৱপ্ৰজন্মৰ হাৰ্ডথ্ৰ’ৱগৰাকীয়ে। কাঞ্চজংঘাৰ প্ৰতি ৰঙিয়াৰ ৰাইজৰ বিপুল সহাৰিক ধন্যবাদ জ্ঞাপন কৰে জুবিন তথা গৰিমা শইকীয়া গাৰ্গে। উল্লেখযোগ্য যে, এতিয়া সকলোৱে জুবিনৰ পৰৱৰ্তী ছবি “বাঘ”ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close