বিনোদনশীৰ্ষ

জীৱনসংগীৰ ৰূপত এটি পােহনীয়া কুকুৰ

বিবাহ বিচ্ছেদ হৈছে চাৰিবাৰ, প্রেমত ব্যৰ্থ হৈছে ২২১ বাৰ। সেয়ে মানুহৰ প্রতি আস্থা হেৰুৱাই অৱশেষত কুকুৰটোৰ সৈতেই বিবাহপাশত আৱদ্ধ হল এগৰাকী ব্রিটিছ মডেল। নাম এলিজাবেথ হাড়। সম্প্রতি এই ঘটনাটো সংঘটিত হৈছে ব্রিটেইনৰ বিখ্যাত টিভি শ’ ‘দ্য মর্ণি’ এটি খণ্ডত। জনপ্রিয় এইগৰাকী মডেলৰ এই কাণ্ডকাৰখানা দেখি হতবম্ভ হৈ পৰে প্ৰতিগৰাকী দর্শক। ৪৯ বর্ষীয়া এলিজাবেথৰ ভাষ্য অনুসৰি তেওঁ জীৱনত প্ৰেমৰ নামত ধাৰাবাহিক ভাবে ব্যর্থতাৰ সন্মুখীন হৈছে।সেয়ে মানৱ জাতিটোৰ প্ৰতিয়ে বিশ্বাস নোহােৱা হৈছে। অৱশেষত তেওঁ এই ব্যতিক্রমী সিদ্ধান্ত গ্রহণ কৰে। এলিজাবেথৰ প্রিয় সংগী অর্থাৎ এই কুকুৰটি হল এটি গল্ডেন ৰিট্ৰাইভাৰ। নাম ল’গান। অন এক তথ্যত পােহৰলৈ আহিছে যে এই ল’গানে একাধিকবাৰ এলিজাবেথ প্ৰাণৰক্ষা কৰি আহিছে। আনকি প্রেমত ব্যর্থতাৰ পাছৰ সময়টো এই ল’গানেই এলিজাবেথক সংগ দি আহিছে। মুঠৰ ওপৰত  ঘৰুৱা প্রতিটা দিশেই চালিজাৰি চাইছে ল’গানে। কেতিয়াবা যদি এলিজাবেথৰ সৈতে বজাৰলৈ গৈছে, কেতিয়াবা। আকৌ গাড়ীত উঠি ভ্রমণলৈ গৈছে। মুঠতে প্রতিটা সময়তে ল’গানে তেওঁৰ সৈতে গাৰ ছাটোৰ দৰে ধৰা দিছে। কিন্তু এই কামবােৰ এগৰাকী মানুহে কৰা নাই। কাম কৰাটো বাদেই এলিজাবেথৰ জীৱনলৈ অহা প্ৰতিগৰাকী লোকেই তেওঁক দিছে দুখ-বেদনা সেয়ে এই সকলাে পাহৰি এলিজাবেথে দুবছৰীয়া লােগানৰ সৈতে ৰীতিগতভারে বিবাহপাশত আৱদ্ধ হৈছে। উল্লেখ্য যে বিয়াৰ পােছাকত দুয়ােজনকে একেলগে দেখি ভুম্ভিত হৈ পৰে অনুষ্ঠানটিৰ হেজাৰ হেজাৰ দৰ্শক। কিছু সংখ্যাকে এলিজাবেথৰ এই চিন্তাধাৰাক প্রশংসা কৰিছে যদিও আন একাংশই আকৌ সমালোচনাৰে থকা-সৰকা কৰিছে ছ’চিয়েল মিডিয়াত। কোনোৱে আকৌ ব্ৰিটিছু মডেল এলিজাবেথ হাড় আৰু লােগানৰ বিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে। আৰু লগে লগেই ভাইৰেল হৈ পৰিছে সমগ্র বিষয়টো। কাৰণ যিয়ে নহওক কিয় এই ব্যতিক্রমী বিবাহখানে সমগ্র বিশ্ববাসীৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close