আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিজ্ঞানবিশেষশীৰ্ষ

জিনগত পৰিৱর্তনেৰে প্ৰথমটো মানৱ সন্তান

চিকিৎসা বিজ্ঞানত আন এক অভিনৱ পদ্ধতি সংযােজন। এইবাৰ জিনগত পৰিৱৰ্তনৰ জৰিয়তে পৃথিৱীত জন্ম লাভ কৰিছে এটি মানৱ সন্তান। এই দাবী উত্থাপন কৰিছে চীনৰ বৈজ্ঞানিকে। কিন্তু এই পদ্ধতি পৃথিৱীৰ অধিকাংশ দেশতেই নিষিদ্ধ। তথাপিও যেন চীনে এই প্রযুক্তিৰে সমগ্র বিশ্বকে প্রত্যাহ্বান জনাই পােনপ্ৰথমবাৰলৈ জন্ম দিছে এটি মানৱ সন্তান। কিন্তু ভৱিষ্যৎ প্রজন্মৰ প্রতি লক্ষ্য কৰিলে এই পদ্ধতি কিছু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’ব বুলি জানিবলৈ দিয়ে বিশেষজ্ঞৰ দলে। মানৱ ভ্রুণৰ জেনেটিক পৰিৱৰ্তন অনাৰ পিছত এই বিষয়টো ব্যক্তি তথা আগন্তুক ভৱিষ্যৎ প্রজন্মও যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব বুলি সদৰী কৰে বিশেষজ্ঞৰ দলটোৱে। সেয়ে ইংলেণ্ডসহ পৃথিৱীৰ অইন দেশতাে ‘জেনেটিকেল মডিফায়েড’ শিশু জন্ম দিয়াটো নিষিদ্ধ কৰা হৈছে। কিন্তু এই বিষয়টোক লৈ বৈজ্ঞানিকসকলক গৱেষণা চলাই যাবলৈ অনুমতি প্রদান কৰা হৈছে। দক্ষিণ চীনৰ চেনজেন চহৰৰ গৱেষণাগাৰত ইয়াৰ গৱেষণা চলি আছে। অধ্যাপক হিৰ শেহতীয়া তথ্য অনুসৰি তেওঁ যমজ দুটি কন্যা শিশুৰ জিন সম্পাদনৰ ক্ষেত্ৰত জিন এডিট যন্ত্র ব্যৱহাৰ কৰিছে। যমজ এই দুটি শিশুৰ নাম লুলু আৰু নানা বুলি জানিব পৰা গৈছে। গৱেষণাকালত এটি ক্ষতিকৰ জিন আঁতৰাই পেলােৱাৰ লগতে এইচ আই ভি প্রতিৰােধক ক্ষমতাৰ জৰিয়তে এই শিশুটি জন্ম দিয়া হয়। এইসমূহ পদ্ধতিৰ জৰিয়তে জন্ম লাভ কৰা শিশুক ‘ডিজাইনাৰ বেবি’ বুলি নামাকৰণ কৰা হৈছে। এই পদ্ধতি যদিও বিতর্কিত তথাপিও যেন ইয়াৰ প্ৰয়ােজন আছে বিশ্বত। কিয়নাে কিছু বিশেষ কাৰণত কিছুসংখ্যকে সন্তান জন্ম দিব নােৱাৰে। তেনেস্থলত এই পদ্ধতিয়ে যে এক ইতিবাচক দিশ উন্মােচন কৰিব তাত কোনাে সন্দেহ নাই। এই পদ্ধতিক ইতিমধ্যে বহুকেইটা প্রতিষ্ঠান তথা চিকিৎসালয়েও সহাৰি জনাইছে। এই পদ্ধতিয়ে এইচ আই ভি চিকিৎসাৰ ক্ষেত্ৰতাে নিৰাময়যােগ্য ঔষধ হিচাপে কাৰ্যকৰী হ’ব। সেয়ে পিতৃ-মাতৃৰ দেহত এই ৰােগৰ অৱস্থিতি ধৰা পৰিলেও এই পদ্ধতিৰ সহায়ত নির্মূল কৰিব পাৰি। উল্লেখ্য যে, ইতিমধ্যে এই পদ্ধতিয়ে যদি সমগ্র বিশ্বতে আগস্থান পায় তেন্তে ই চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক যুগান্তকাৰী দিশ হিচাপে উন্মােচিত হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close