অসমবিশেষশীৰ্ষ

জামুগুৰি থানা প্ৰাঙ্গনত সজাগতা সভা

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰি থানাৰ প্ৰাঙ্গনত বিশ্বনাথ জিলা আৰক্ষী বিষয়াৰ নিৰ্দ্দেশ মৰ্মে জামুগুৰি চক্ৰ বিষয়া প্ৰতুল ভূঞা, জামুগুৰি থানা গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক গৌতম মহন্ত আৰু জামুগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মানিক বৰমূদৈয়ে জামুগুৰি অঞ্চলত থকা ধৰ্মীয় অনুষ্ঠান ক্ৰমে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা সমুহৰ পৰিচালনা সমিতিৰ বিষয় ববীয়া সকলৰ লগতে সমুহ গাওঁৰক্ষী বাহিনীৰ সম্পাদক সকলক আমন্ত্ৰন জনাই আজি বৃহস্পতিবাৰে পুৱা ১১ বজাত এখন সজাগতা সভা সম্পন্ন কৰে । সভাত প্ৰত্যেক ধৰ্মীয় অনুষ্ঠানৰ বিষয় ববীয়া সকলৰ লগতে গাওঁৰক্ষী বাহিনীয়ে সহায়-সহযোগিতা কৰি নৈশ পহৰাৰ ব্যৱস্থা কৰিব বুলি সকলোৰে মতামত ও সিন্ধান্ত অনুসৰি প্ৰস্তাৱ গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close