অসমশীৰ্ষ

জামুগুৰি জুনিয়ৰ কলেজৰ উদ্যোগত : কুইজ প্ৰতিযোগিতাৰ আয়োজন

"অঞ্জলি-মিনতি-পুষ্পকান্তি সোঁঁৱৰণী" প্ৰাইজমানি কুইজ প্ৰতিযোগিতা, চন্দন শৰ্মা

জামুগুৰিহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি জুনিয়ৰ কলেজে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ জামুগুৰি অঞ্চলৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ মাজত আয়োজন কৰিছে “অঞ্জলি-মিনতি-পুষ্পকান্তি সোৱৰণী” প্ৰাইজমানি কুইজ প্ৰতিযোগিতা । অহা ১৬ আগষ্টত স্থানীয় বাপুজীভৱন প্ৰাংগণত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হব লগা প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবলৈ অঞ্চলটোৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জানাইছে উদ্যোগক্তা সকলে । উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যে আয়োজন কৰা প্ৰতিযোগিতাখনিত বিজয়ী সকলক নগদ ধন আৰু মান পত্ৰৰে পুৰষ্কৃত কৰা হব । দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত মুকলি ৰখা প্ৰতিযোগিতাখনিত স্বাধীনতা সংগ্ৰাম, বিজ্ঞান, সাহিত্য-সংস্কৃতি আৰু খেল বিষয়ত অনুষ্ঠিত হব । প্ৰতিটো দলত তিনিজনকৈ সদস্য থাকিব লগা প্ৰতিযোগিতাখনিৰ প্ৰথম শ্ৰেষ্ঠ দলক ৩৩০০(অঞ্জলি সোৱৰণী), দ্বিতীয় শ্ৰেষ্ঠ দলক ২৪০০(মিনতি সোৱৰণী) আৰু তৃতীয় শ্ৰেষ্ঠ দলক ২১০০ (পুষ্পকান্তি সোৱৰণী) টকাৰ লগতে মান পত্ৰ প্ৰদান কৰা হব । প্ৰতিযোগী দল সমূহে তেওঁলোকৰ প্ৰধান শিক্ষক, অধ্যক্ষৰ জৰিয়তে প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব আৰু ভৰ্তি মাচুল ১৫০ টকা ধাৰ্য কৰা হৈছে বুলিও উদ্যোগক্তা সকলে জানিবলৈ দিছে । ইচ্ছুক প্ৰতিযোগী দলে জামুগুৰি জুনিয়ৰ কলেজ, জামুগুৰিহাট নাইবা ৯৮৫৪২৭৪৪০৫, ৬০০০৪৮৪৬৮৩, ৬০০১৭৩৪৭৩২ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close