অসমশীৰ্ষ

জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন

চন্দন শৰ্মা,জামুগুৰিহাট

দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শোণিতপুৰ জিলাৰ নদুৱাৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আগ্ৰিপাম প্ৰাথমিক বিদ্যালয়, মটিভেছন টিউচন চেন্টাৰ, ৰঙাচকুৱা মাউন্ট চিনাই ইংলিচ হাইস্কুল, ৰঙাচকুৱা প্ৰাথমিক বিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আজি পুৱাৰ ভাগত অঞ্চলটোত চাফাই অভিযান চলায় । ইয়াৰোপৰি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আগ্ৰিপাম প্ৰাথমিক বিদ্যালয়ত এক শোভাযাত্ৰা উলিয়াই । তাৰপিছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ক্ৰিয়া প্ৰতিযোগিতা ক্ৰমে কলহ ভঙা, উঠ-বহৰ লহতে বহুকেইটা খেলৰ লগতে দেশপ্ৰেমমূলক কবিতা, গীত-নৃত্যৰে মুখৰিত কৰিলে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, আগ্ৰিপাম প্ৰাথমিক বিদ্যালয়ৰ লগতে বহুকেইখন বিদ্যালয় তথা অনুষ্ঠান প্ৰতিষ্ঠানত । আগ্ৰিপাম অঞ্চলৰ জেষ্ঠ শিক্ষক প্ৰতাপ হাজৰিকা, মটিভেছন টিউচন চেন্টাৰৰ সভাপতি পাছাং তামাঙৰ লগতে ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলে । আগ্ৰিপাম প্ৰাথমিক বিদ্যালয়ৰ জেষ্ঠ শিক্ষক প্ৰতাপ হাজৰিকাই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জাতীয় পতাকাখনৰ সন্দৰ্ভত সবিস্তাৰে মন্তৱ্য প্ৰদান কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close