অসমশীৰ্ষ

জামুগুৰিহাটৰ পিছত এইবাৰ চাৰিদুৱাৰত স্থাপন হব গামোছা আৰু জাতীয় সাজ-পাৰৰ উদ্যোগ

পদ্ম হাজৰিকাৰ আন এক যুগান্তকাৰী পদক্ষেপ, চন্দন শৰ্মা

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পিছত এইবাৰ চতিয়া সমষ্টিৰ সীমান্ত অঞ্চল চাৰিদুৱাৰত গামোছা আৰু জাতীয় সাজ পাৰৰ উদ্যোগ স্থাপনৰ প্ৰস্তুতি চলাইছে বিধায়ক পদ্ম হাজৰিকাই । চাৰিদুৱাৰ জিলা পৰিষদৰ অন্তৰ্গত অঞ্চলটোৰ মহিলা সকলে যাতে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তথা এই স্বাৱলম্বীতাৰ জৰিয়তে যাতে থলুৱা গামোচা আৰু কেতবোৰ বোৱা কটা সামগ্ৰী কম মূল্যত ৰাইজে ক্ৰয় কৰিব পাৰে তাৰ তাৰ প্ৰতি বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰি বিধায়ক গৰাকীয়ে এই পদক্ষেপ লৈছে । ইতিমধ্যে উদ্যোগটো স্থাপনৰ বাবে প্ৰয়োজন হোৱা গৃহৰ লগতে অত্যাধুনিক তাঁত শালকে ধৰি কেতবোৰ আহিলা ক্ৰয় কৰি আনিছে । কালি বিধায়ক গৰাকীয়ে উদ্যোগটো আৰম্ভ হব লগা চাৰিদুৱাৰৰ উক্ত স্থান পৰিদৰ্শন কৰি কামৰ বুজ লয় । অতি শীঘ্ৰে আৰম্ভ হব লগা উদ্যোগটোত বোৱা কটা কৰিবৰ বাবে ইতিমধ্যে নিৰ্বাচন কৰা হৈছে শিপিনী । জানিব পৰা মতে উদ্যোগটোৰ বাবে এশ গৰাকী শিপিনীক উন্নতমানৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে বিধায়ক গৰাকীয়ে । থলুৱা তাঁতৰ উপৰিও ইউভিং আৰু মাইনাও শালো এই উদ্যোগটোত স্হাপন হব । উদ্যোগটোত অন্ততঃ দুশ গৰাকী মহিলাই কৰ্মসংস্হাপন লাভ কৰিব । বিধায়ক গৰাকীৰ একক প্ৰচেষ্টাত স্থাপন হব লগিয়া উদ্যোগটোত উৎপাদন হব লগা গামোচা আৰু আন বোৱা কটা সামগ্ৰী সমূহ বিক্ৰীৰ বাবে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন স্থাপনত বিপনী খোলা হৈছে আৰু নতুন নতুন স্থানত বিপনী খুলাৰ প্ৰস্তুতি চলি থকাৰ কথাও জানিব পৰা গৈছে । জনজাতীয় অধ্যুষিত অঞ্চলটোৰ সাজ পাৰৰ চাহিদা পূৰণৰ বাবে এই উদ্যোগটোত তৈয়াৰ কৰা হব জনজাতীয় সাজ-পাৰোঁ । উল্লেখ্য যে বিগত বৰ্ষত সমষ্টিটোৰ জামুগুৰিহাটত আৰম্ভ কৰা হৈছিল “কন্যকা” নামেৰে এক বোৱা-কটাৰ উদ্যোগ । উক্ত উদ্যোগত গামোছাৰ উপৰি চেলেং, চাদৰ, মেখেলাকে ধৰি বিভিন্ন জনজাতীয় সাজপাৰ উৎপাদন কৰি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ সমান্তৰালভাবে অঞ্চলটোৰ প্ৰায় দুশ গৰাকী মহিলাই উদ্যোগটোত লাভ কৰিছে সংস্থাপন ৷ ইয়াৰ উপৰিও অঞ্চলটোৰ গাঁৱে গাঁৱে মহিলা সকলে তাতঁশাল স্থাপন কৰি গামোছা বৈ কন্যকা বোৱা কটা সমবায়ত যোগান ধৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাও পৰিলক্ষিত হৈছে । জামুগুৰিহাটৰ এই কন্যকা বোৱা-কটা উদ্যোগটোত উৎপাদন হোৱা গামোচা বিক্ৰী কৰি এই পৰ্যন্ত ৭০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা কাৰ্যই স্বাভাৱিকতে উৎসাহিত কৰি তুলিছে চাৰিদুৱাৰ বাসী ৰাইজকো । সমষ্টিটোৰ সীমান্ত অঞ্চল চাৰিদুৱাৰত এইবাৰ অনুৰূপ ধৰণে বোৱা-কটা সমবায় সমিতি এখন আৰম্ভ কৰিবলৈ চিন্তা কৰি বিধায়ক পদ্ম হাজৰিকাই ইতিমধ্যে যাবতীয় সকলোবোৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ কথা জানিব পৰা গৈছে । অহা কেইটামান দিনৰ ভিতৰতে চাৰিদুৱাৰস্থিত এই উদ্যোগটোতো আৰম্ভ হব উৎপাদন কাৰ্য ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close