অসম

জামুগুৰিহাটৰ পাঞ্চজন্য বৰনামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ পাঞ্চজন্য বৰনামঘৰত কালি জামুগুৰি আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱৰ নামধৰ্ম সমাজৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাব মহোৎসৱ উলহ-মালহৰে উদযাপন হৈ যায় । আঞ্চলিক সমাজৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিচতে ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত নামধৰ্ম সমাজৰ আই মাতৃ শাখাৰ ৰাজ্যিক সভানেত্ৰী হেমলতা শইকীয়াই । ইয়াৰ পিচতে নাম-কীৰ্তনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে । আজি অনুষ্ঠিত হ’বলগা ধৰ্মালোচনা সভাত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ, জামুগুৰি আঞ্চলিক শাখাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close