অসমবিশেষশীৰ্ষ

জামুগুৰিহাটত বিহু নৃত্য আৰু বিহু ঢোলৰ কৰ্মশালা সম্পন্ন

চন্দন শৰ্মা, জামুগুৰিহাট

“কা” বিৰোধী আন্দোলনে তীব্ৰৰূপ ধাৰণ কৰি থকা মূহুৰ্ত্বটো অসমীয়া বাপোটি সাহোন বিহুটিক লৈ এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈ আহিছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ৷ জামুগুৰিহাট ব্যৱসায় কেন্দ্ৰৰ নিচেই কাষতে অৱস্থিত পৰিদৰ্শন ভৱনৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা বিহু নৃত্য আৰু বিহু ঢোলৰ প্ৰশিক্ষণৰ কৰ্মশালাখনিত যোৱা ১ জানুৱাৰীৰ পৰা অঞ্চলটোৰ বিভিন্ন বয়সৰ প্ৰায় চাৰি শতাধিক শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকলক বিহু নৃত্য আৰু বিহু ঢোলৰ প্ৰশিক্ষণ প্ৰদান কৰে বিহুৰ সাধক হিচাপে পৰিচিত নিৰঞ্জন গোস্বামী, বৰ বিহুৱা জয়ন্ত সোনোৱাল আৰু ২০১২ চনত বিহু সমাজ্ঞী হিচাপে নিৰ্বাচিত হোৱা নিলাক্ষী বৰগোহাঁইয়ে ৷ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সৌজন্যত আৰু জামুগুৰিহাটৰ ভৰলী পৰীয়া বিহুৱা দলৰ সহযোগত অনুষ্ঠিত এই বিহু নৃত্য আৰু বিহু ঢোলৰ কৰ্মশালা যোৱা ১১ জানুৱাৰীত অন্ত পৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close