অসমশীৰ্ষ

জামুগুৰিহাটত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা উদ্বোধন

চন্দন শৰ্মাৰ প্ৰতিবেদন

“গতানুগতিক কৰ্ম জীৱণৰ ধামমুখিয়াই মানুহক চেপি খুন্দি আনিছে । মন-মগজুৰ অৱসাদ দূৰ কৰাৰ যেন আজি কোনো পথ নাই । অলপত সুখানুভূতিৰ তাগিদাত মানুহ চটফটাই থাকে । কিন্তু নৃত্যই মানুহৰ মনবোৰ বিগলীত কৰি তুলিব পাৰে । কথাৰে, বলেৰে নোৱাৰা কামবোৰ নৃত্যই অনায়াসে কৰি পেলাব পাৰে । এক কথাত নৃত্যই সমাজ সংস্কাৰ কৰিব পাৰে । সমাজ গঠনত লব পাৰে নিৰ্নায়াক ভূমিকা । সেয়ে সৌ তাহানিৰ পৰা নৃত্যৰ জনপ্ৰিয়তা পৃথিৱীত আজিও বিদ্যমান”– এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ । জামুগুৰিহাটৰ অন্যতম নৃত্যানুষ্ঠান “নৃত্যম ডান্স একাডেমী”ৰ উদ্যোগত আয়োজন কৰা তথা স্থানীয় বাপুজী ভৱনত অনুষ্ঠিত হোৱা ১৩ দিনীয়া গ্ৰীষ্মকালিন এক নৃত্যৰ কৰ্মশালা খনি আজি শুভ উদ্বোধন কৰি বিধায়ক গৰাকীয়ে ভাষণ প্ৰসংগত অঞ্চলটোত নৃত্যৰ পৰিবেশ গঢ় দিয়াত অনুষ্ঠানটোৱে লোৱা ভূমিকাৰ শলাগ লয় । নৃত্য প্ৰশিক্ষণৰ জৰিয়তে জামুগুৰিহাটত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা এই নৃত্যানুষ্ঠানটিয়ে এইবেলি অনুষ্ঠিত কৰা কৰ্মশালাখনিত মুলত হিপ-হপ, লকিং-পপিং, লিৰিকেল, ক্ৰামপিং, ফ্ৰী ষ্টাইল, আৰ্বান কনটেমপৰেৰীকে আদি কৰি মৰ্দান ডান্সৰ প্ৰশিক্ষণ প্ৰদান কৰিব বুুুলিও জানিবলৈ দিয়ে । পুৱা ১০ বজাৰপৰা বিয়লি ৪ বজালৈকে অনুষ্ঠিত হ’বলগীয়া মৰ্দান ডেন্সৰ প্ৰশিক্ষণটিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ হেমাংগৰাজ আৰু চন্দন দাসক । উল্লেখ্য যে আজিৰ উদ্বোধনী অনুষ্ঠানত অঞ্চলটোৰ ভালে কেইগৰাকী বিশিষ্ট লোকৰ লগতে শতাধিক প্ৰশিক্ষাাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close