অসম

জল ব্যৱস্থাপনা”শীৰ্ষক সজাগতা সভা ৷

প্রদিপ দাস, তামুলপুৰ

কেন্দ্ৰীয় চৰকাৰৰ জল শক্তি মন্ত্ৰনালয়ৰ অধীনস্থ কেন্দ্ৰীয় ভূ – জল বোৰ্ড, উত্তৰ- পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় কাৰ্যলয়ৰ উদ্যোগত তামুলপুৰ মহকুমাৰ কচুবাৰীস্থ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰ চৌহদত আজি অৰ্থাৎ ৫ জুলাই তাৰিখে দিনযোৰা কাৰ্যসূচীৰে স্থানীয় ভূ – জল সম্পৰ্কীয় আলোচনা আৰু অংশীদাৰী ভূ – জল ব্যৱস্থাপনা ” শীৰ্ষক সজাগতা সভা অনুষ্ঠিত হয় ৷
কেন্দ্ৰীয় ভূ – জল বোৰ্ডৰ বিজ্ঞানী ডি খনিকৰে আতঁধৰা সজাগতা সভাখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কচুবাৰী হাইস্কুলৰ সহঃশিক্ষক গনেশ ৰাভা,সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে
 বাকসা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকা, কচুবাৰী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক দীনেশ মেধি, কেন্দ্ৰীয় ভূ – জল বোৰ্ডৰ উত্তৰ পূৱৰ ক্ষেত্ৰৰ ক্ষেত্ৰীয় সঞ্চালক জি এল মিনা , কাৰ্যবাহী অভিযন্তা মঞ্জু সহিতে অন্যান্য বিজ্ঞানী সকল উপস্থিত থাকে ৷ সজাগতা সভাখন বন্তি প্ৰজলনেৰে শুভাৰম্ভ কৰি ভূ – জল বোৰ্ডৰ কাৰ্যবাহী অভিযন্তা মঞ্জুৱে “ জল বচাও জীৱন বচাও” শীৰ্ষক শ্লোগানৰ কথা সোৱৰাই দি কয় যে — ভূ-জল অমূল্য সম্পদ , ইয়াক প্ৰদূষিত নকৰিব ৷ বিজ্ঞানী গৰকাীয়ে ভূ – জল  সংৰক্ষনৰ ওপৰত  গুৰুত্ব দিবলৈ ৰাইজক আহ্বান জনাই ভূ – জলৰ মহত্ব সম্পৰ্কতো বক্তব্য আগবঢ়ায় ৷  আমি সকলোৱে শিশু সকলকো ভৱিষ্যতৰ বাবে জল সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰা আমাৰ দায়িত্ব ৷ সভাত সঞ্চালক প্ৰমুখ্যে আন অতিথি সকলেও ভূ – জলৰ সংৰক্ষন ইয়াৰ মহত্ত্ব আদিৰ বিষয়ে বহলাই কয় ৷ সজাগতা সভাতে ভূ- জল বিজ্ঞানী ড° এছ এছ সিং য়েপ্ৰজেক্টৰৰ সহায়ত জল চক্ৰ কি ? ই কি দৰে চলে,  ভূ – জলৰ সংকট আৰু সংৰক্ষণ ,ভূ জলৰ প্ৰকৃত ব্যৱহাৰ আদিৰ ওপৰত সজাগতা সৃষ্টিৰ দিহা কৰে ৷ লগতে বোৰ্ডৰ বিজ্ঞানী সকলে জলৰ গুনগত ব্যৱহাৰ আৰু ভূ – জলৰ স্তৰ , বাকসা জিলাত ভূ – জলৰ অৱস্থান, সজাগতা সভাত অংশ গ্ৰহন কাৰীৰ স’তে আলোচনা কৰা হয় ৷ ভূ  – জলত থকা আৰ্চেনিক, ফ্লৰাইড আৰু আইৰন আদিৰ অৱস্থিতি, ইয়াৰ পৰা হব পৰা ৰোগৰ লক্ষণ আৰু নিৰাময়  আদিৰ উপৰিও ভূ-জলৰ ব্যৱস্থাপনা, ব্যৱহাৰ, সংৰক্ষণ সম্পৰ্কত বক্তব্য ৰাখে ৷
আজিৰ সজাগতা সভাত কচুবাৰী গাঁৱৰ তিনি শতাধিক পুৰুষ – মহিলা, যুৱক-যুবতী উপস্থিত থকাৰ উপৰিও গোপাল আৰু জগন্নাথ থান সত্ৰৰ সভাপতি ধনেশ্বৰ দাস উপদেষ্টা হলধৰ দাস যতীন ৰাভা দিম্বেশ্বৰ ৰাভা প্ৰমুখে আন সদস্য সকল উপস্থিত থাকি সজাগতা সভাখন সফল কৰি তোলে ৷
Attachments area

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close