ৰাষ্ট্ৰীয়শীৰ্ষ

জম্মু-কাশ্মীৰ আৰু লাডাখৰ মানচিত্র প্রকাশ : পাক অধ্যুষিত কাশ্মীৰক লাডাখৰ অংশ হিচাপে স্বীকৃতি

জম্মু আৰু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্রত্যাহাৰ কৰাৰ পাছতে জম্মু-কাশ্মীৰক পৃথক কৰি লাডাখ আৰু জম্মু-কাশ্মীৰ হিচাপে দুখনকৈ কেন্দ্রীয় শাসিত ৰাজ্য গঠন কৰাৰ পথ প্রশস্ত হৈ পৰিছিল আৰু ভাৰতবৰ্ষত ২৪ খন ৰাজ্যৰ লগতে কেন্দ্রীয় শাসিত অঞ্চলৰ সংখ্যা ৯ খনলৈ বৃদ্ধি ঘটিছিল। যােৱা ৩১ অবেৰৰ পৰা জম্মু-কাশ্মীৰক পৃথক কৰা হয়। আৰু দুখনকৈ কেন্দ্রীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে নতুনকৈ গঠিত জম্মু-কাশ্মীৰ আৰু লাডাখৰ মানচিত্র প্রকাশ কৰিছে। গৃহমন্ত্রণালয়ে প্রকাশ কৰা চিত্ৰত স্পষ্টভাৱে দেখা পােৱা গৈছে যে পাক অধ্যুষিত কাশ্মীৰ আৰু চীন অধ্যুষিত লাডাখৰ অংশ যাক আকচাই চীন হিচাপে জনা যায় সেয়া এতিয়া লাডাখৰ অংশ হিচাপে চিহ্নিত হ’ব। লাখ কেন্দ্রীয় শাসিত অঞ্চলৰ মানচিত্রত চিয়াচেন গ্লাছিয়াৰৰ লগতে পাকিস্তান আৰু আফগানিস্তানৰ সীমান্তৱর্তী গিলগিট-বাল্টিস্তান আন্তঃৰাষ্ট্ৰীয় সীমা হ’ব। ইপিনে পা অধ্যুষিত কাশ্মীৰত পশ্চিমফালৰ অংশ জম্মু-কাশ্মীৰ কেন্দ্রীয় শাসিত অঞ্চলৰ অংশ হিচাপে চিহ্নিত কৰিছে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close