বিচিত্র জগতবিশেষশীৰ্ষ

ছৌদি যুৱৰাজৰ ৩০০ মিলিয়ন ডলাৰৰ অট্টালিকা

ৰঞ্জিত কুমাৰ দাস

অবিশ্বাস্য হলেও সত্য বিশ্বৰ সকলােতকৈ দামী ঘৰৰ স্বীকৃতি পােৱা ফাচি আৱাসটোৰ মালিক হ’ল ছৌদি যুৱৰাজ মহম্মদ বিন ছলমান। দুবছৰ আগতে আৱাসটো ক্ৰয় কৰিছিল তেওঁ। ইমানদিনে সেই আৱাসটোৰ ক্রেতা কোন আছিল জনা নগৈছিল যদিও অলপতে মার্কিন সংবাদ মাধ্যম নিউয়র্ক টাইমছত এই কথা প্রকাশ পায়। উক্ত কাকতত প্রকাশিত প্রতিবেদন অনুসৰি দুবছৰৰ আগতে ফ্ৰান্সৰ শেতাে লুই কেড নামৰ আৱাসটো ৩০০ মিলিয়ন ডলাৰতকৈয়াে বেছি দামত বিক্ৰী হৈছিল। তেতিয়া ফচুন মেগাজিনৰ এক অনুসন্ধানত প্রকাশ পাইছিল যে বিশ্বৰ সকলােতকৈ ব্যয়বহুল ঘৰ হিচাপে ই স্বীকৃত হৈছিল। আৱাসটোত কি কি আছে সেই বিষয়ে তথ্য প্রকাশ পালেও কিন্তু আৱাসটোৰ ক্রেতাগৰাকী কোন আছিল সেই বিষয়ে কোনাে তথ্য ৰাজহুৱা হােৱা নাছিল। তথাপিও এই সংক্রান্তত বিশ্লেষণৰ মাধ্যমেৰে নিউয়র্ক টাইমছে দাবী কৰিছে যে, ছৌদি আৰবৰ যুৱৰাজ মহম্মদ বিন ছলমানেই ইয়াৰ মালিক। লগতে তেওঁলােকে কয় যে, ছৌদি যুৱৰাজৰ অসংখ্য ক্রয়যুক্ত সম্পত্তিৰ ভিতৰত ইয়াে এটা বুলি নিউয়র্ক টাইমছে দাবী কৰে। ৫০০ মিলিয়ন ডলাৰ মূল্যৰ ইয়ত আৰু ভিঞ্চিয়ে অংকণ কৰা ছবি ৪৫০ মিলিয়ন ডলাৰত ক্ৰয় কৰি ছৌদি যুৱৰাজে বিতর্ক সৃষ্টি কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close