বিজ্ঞানবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ছবি নির্মাণৰ বাবে কৃত্রিম উপগ্রহ

চলচ্চিত্র নির্মাণৰ ক্ষেত্ৰত কাৰিকৰী দিশত যথেষ্ট উন্নতি হৈছে। বিজ্ঞান প্রযুক্তিৰ অগ্ৰগতিৰ লগে লগে ছবি নির্মাণত ব্যৱহৃত হৈছে অত্যাধুনিক প্রযুক্তি। এতিয়া ছবি নির্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰিব কৃত্রিম উপগ্রহ। কৃত্রিম উপগ্রহৰ জৰিয়তে লােৱা ভিডিঅ’ ছবি নির্মাতাসকলে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰিব। কিয়নাে ব্রিটেইনৰ এটা কৃত্রিম উপগ্রহ প্ৰেৰণ কৰা গৈছে মহাকাশলৈ। সতীশ ধাৱন মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা কাৰ্বনাইট-২ নামৰ কৃত্রিম উপগ্ৰহটোৱে পৃথিৱীপৃষ্ঠৰ সম্পূৰ্ণ ৰঙীন ছবি বা ভিডিঅ’ সংগ্রহ কৰিব। কৃত্রিম উপগ্ৰহটোত অত্যাধুনিক যন্ত্র ব্যৱহাৰ কৰা হৈছে যত মহাকাশৰ পৰা চলচ্চিত্র নির্মাণৰ সুবিধাও আছে। উৎসাহী লােকে ইয়াৰ জৰিয়তে ছবি সংগ্রহ কৰি চলচ্চিত্র নির্মাণ কৰিব পাৰিব। গতিকে বিজ্ঞান প্রযুক্তিয়ে চলচ্চিত্ৰৰ কাৰিকৰী দিশ সলনি কৰি পেলাইছে। পূর্বতে ছবি নির্মাণত বিমান, হেলিকপ্টাৰ, দ্রোন আদি ব্যৱহাৰ হৈছিল।বর্তমান ইয়াৰ কথাই সুকীয়া।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close