অসমশীৰ্ষ

চৰাইদেউ জিলাৰ উপায়ুক্তৰ প্ৰশংসনীয় পদক্ষেপ

চৰাইদেউ শিক্ষা খণ্ডৰ উন্নয়নত গুৰুত্ব দিয়া উপায়ুক্তৰ, উদ্বোধন কৰিলে গ্ৰাম্য পুথিভঁৰাল

নিউজ ডেস্ক, ভাল খবৰ: চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সাপেখাতী ৰাজহ চক্ৰৰ অন্তৰ্গত টিমন বৰটানি ভেচেলী আদৰ্শ গাঁৱৰ নামঘৰ প্ৰাংগণত এখনি ‘সংহত উন্নয়ন শিবিৰ’ অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ পৰিচালনাত আয়োজিত এই সংহত উন্নয়ন শিবিৰত গাঁওখনৰ প্ৰায় শতাধিক লোকৰ উপস্থিতিত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি, আমাৰ গাঁও আমাৰ আঁচনি, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী উজলা যোজনা, কিষান ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনা, অটল অমৃত অভিযানকে আদি কৰি দৰিদ্ৰ শ্ৰেণীৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰৱৰ্তন কৰা আঁচনিসমূহৰ বিশদ বিৱৰণ দাঙি ধৰা হয়।

প্ৰতিখন গাঁও তথা গ্ৰামাঞ্চলৰ প্ৰতিজন ব্যক্তিৰ উন্নয়ন সমগ্ৰ দেশৰ উন্নয়নৰ আধাৰ বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে উপস্থিত সকলোকে প্ৰশাসনৰ লগত দ্বিধাহীনভাৱে পোনপটীয়া যোগাযোগ ৰাখিবলৈ আহ্বান জনায়। উপায়ুক্তই গ্ৰামাঞ্চলৰ প্ৰতিজন ব্যক্তিক চৰকাৰী আঁচনিৰ সকলো তথ্যৰ বিষয়ে অৱগত হোৱাৰ লগতে আঁচনিসমূহৰ সুবিধা লাভ কৰোতে কিবা অসুবিধাৰ সন্মুখীন হ’লে তত্ক্ষণাত জিলা প্ৰশাসনক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি যিকোনো বিভাগকে কিবা অভিযোগ থাকিলে বিভাগীয় বিষয়া তথা উপায়ুক্তক অৱগত কৰিবলৈ আহ্বান জনায়।

সভাত উপস্থিত থকা চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বৰাই উপস্থিত ৰাইজক প্ৰাকৃতিক দুৰ্যোগত হোৱা যিকোনো ধৰণৰ ক্ষয়ক্ষতিৰ ফটো তুলি ৰখাৰ লগতে গাঁওবুঢ়া, অঞ্চলটোৰ লাট মণ্ডল আৰু চক্ৰ বিষয়াক তাত্ক্ষণিকভাৱে ক্ষয়ক্ষতিৰ সম্পূৰ্ণ তথ্য দাখিল কৰিবলৈ আহ্বান জনায়। বিষয়াগৰাকীয়ে যিকোনো প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকৰ তালিকা প্ৰস্তুত কৰোতে কোনোধৰণৰ বেমেজালি তথা দুৰ্নীতি হ’লে প্ৰশাসনে আইনগত শাস্তিমূলক ব্যৱস্থা হাতত ল’ব বুলিও বক্তব্যত উল্লেখ কৰে। এই ক্ষেত্ৰত সকলো ৰাইজক সজাগ হ’বলৈ আহ্বান জনায়। ভাৰতীয় তেল নিগমৰ গ্ৰাহকৰ সেৱা বিষা জিনা শইকীয়াই উপস্থিত মহিলাসকলক প্ৰধানমন্ত্ৰীৰ উজলা আঁচনিৰ সৱিশেষ তথ্য দাঙি ধৰাৰ লগতে প্ৰতিগৰাকী মহিলাকে এই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে স্থানীয় গেছ এজেন্সীসমূহৰ লগত সঘন যোগাযোগ ৰাখিবলৈ আদেশ দিয়ে।

সভাত সাপেখাতী খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁই, জনস্বাস্থ্য কাৰিকৰী বিষায়ৰ কনিষ্ঠ অভিযন্তা ৰাজীৱ ভট্ট, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সঞ্চালক ছাদিকুৰ ৰহমান, কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া ছফিকুৰ ৰহমানৰ লগতে পঞ্চায়তৰ বিষয়ববীয়া তথা অঞ্চলটোৰ অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close