অসমআন্ত-ৰাষ্ট্ৰীয়শীৰ্ষ

চীনত উজলিল অসমৰ মহিলা আৰক্ষী

চীনৰ চেংডুত চলি থকা ৱৰ্ল্ড পুলিচ এন্ড ফায়াৰ গেমচৰ আৰ্চাৰীত স্বৰ্ন পদকেৰে উজলিছে আন এগৰাকী অসম কন্যা। অসম আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত পল্লবী দাসে ৩৮৮ ৰ স্কৰ কৰি এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে পল্লবীয়ে তিনিদিনত দুটা স্বৰ্ণ আৰু এটা ৰূপেৰে নিজৰ বিজয়ধ্ববজা উৰুৱাবলৈ সক্ষম হৈছে। বিগত বৰ্ষতো এছ এন্জেলছত অনুস্থিত ৱৰ্ল্ড পুলিচ স্পৰ্টছ মীটত পল্লবীয়ে দুটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক অৰ্জন কৰিছিল। পল্লবীৰ এই সাফল্যৰ বাবে সমগ্র অসমবাসীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেওলৈ অভিনন্দন জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close