বিচিত্র জগতবিশেষশীৰ্ষ

চাৰিশ ফুট উচ্চতাত ‘স্কাইলজ’

যদি আপােনাৰ হােটেলত থকাৰ অভিজ্ঞতা আছে আৰু ভ্ৰমণ কৰি ভাল পায় তেন্তে আপােনাৰ বাবে আছে এটা সুখবৰ। কিয়নাে, বিশ্বৰ আজৱ-গজৱ হােটেলৰ অভিজ্ঞতা এতিয়া আপুনি পাব এইখন ভাৰততে। ভাৰতৰ এখন বিশেষ নগৰীত আছে এই হােটেলখন। জয়পুৰত অৱস্থিত এই হােটেলখন। হােটেলখনত আছে আঠটাকৈ অত্যাধুনিক কোঠা যত আঠজন ব্যক্তি অনায়াসে থাকিব পাৰে। এই হােটেলখনত থাকিবলৈ হ’লে এদিনৰ বাবে আপুনি ভৰিব লাগিব বিশ হাজাৰ টকা। উক্ত হােটেলখন এখন বিশেষ পর্বত অৱস্থিত য’ত থাকিলে ওপৰৰপৰা তললৈ আপুনি খুব সুন্দৰ দৃশ্য উপভােগ কৰিব পাৰিব। এয়া কিছুসংখ্যকৰ বাবে নিশ্চয়কৈ এক সুন্দৰ সপােনসদৃশ। উল্লেখ্য, পেৰুৰৰ চৈকৈডবেলীতাে আছে এনেকুৱা এখন আজৱ-গজৱ হােটেল। যাক জনা যায় ‘স্কাইলজ’ হােটেল নামেৰে। এতিয়া সমগ্র বিশ্বতে চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে হােটেলখন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close