আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

চালকবিহীন হেলিকপ্টাৰ

পূৰ্বৰ পৰাই আধুনিক প্রযুক্তিবিদ্যাৰে চীনে শীর্ষস্থান দখল কৰি আহিছে। কিন্তু এইবাৰ চীনৰ সমান্তৰালকৈ জার্মানেও প্রযুক্তিবিদ্যাৰে শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। জার্মান প্রযুক্তিবিদ্যা নির্মাতা প্রতিষ্ঠান ইনটেলে’ মুকলি কৰিব চালকবিহীন হেলিকপ্টাৰ। হেলিকপ্টাৰখনৰ নাম ভি চি টু এ। ইতিমধ্যে ইয়াৰ প্রস্তুতি পূর্ণগতিত চলি আছে। যুক্তৰাষ্ট্ৰত অনুষ্ঠিত হােৱা কনজিউমাৰ ইলেনি’ শ্বত এই হেলিকপ্টাৰখন আনুষ্ঠানিকভাৱে প্রদর্শন কৰা হয়। এই বিশেষ হেলিকপ্টাৰখনত ১৮টা মটৰ সন্নিৱিষ্ট কৰা হৈছে। এয়াৰ টেীৰ আৰ্হিত নির্মাণ কৰা হৈছে এই হেলিকপ্টাৰখন। এই হেলিকপ্টাৰখন নির্মাণ কৰি উলিয়াইছে ৫০জনীয়া এটি জার্মান গােটে। এই হেলিকপ্টাৰখনে একেৰাহে ৩০ মিনিট উৰিব পৰা ক্ষমতা আছে। ইয়াৰ উপৰি একেৰাহে ১৭ কিঃমিঃ পথ অতিক্রম কৰাৰ সুবিধা আছে এই হেলিকপ্টাৰখনত। এই বিশেষ হেলিকপ্টাৰখনৰ বজাৰ মূল্য বর্তমানেও নির্ধাৰণ কৰা নাই প্রতিষ্ঠানটোৱে। শীঘ্ৰেই ইয়াৰ মূল্য তথা বজাৰত মুকলি কৰাৰ কথা সদৰী কৰে প্রতিষ্ঠানটোৱে। মুকলিৰ পূর্বেই এই বিশেষ হেলিকপ্টাৰখনে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close