আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

চালকবিহীন নৌকা

বর্তমান তথ্য প্রযুক্তি তথা বিজ্ঞানৰ যুগ। চৌদিশে কেৱল অঘােষিত প্রতিযােগিতা। ন-ন সামগ্রী উদ্ভাৱনেৰে বিশ্বাবাসীক চমক দিছে বৈজ্ঞানিকসকলে। কেতিয়াবা যদি ৰাজপথত দেখা গেছে চালকবিহীন গাড়ী কেতিয়াবা আকৌ চালকবিহীন হেলিকপ্টাৰ। শেহতীয়াকৈ এদল বৈজ্ঞানিকে নির্মাণ কৰি উলিয়াইছে চালকবিহীন নাও। এই চালকবিহীন নাওখন উদ্ধাৱন কৰিছে এম আইটিৰ এদল গৱেষকে। ফিল্টৰৰ আৰ্হিত তৈয়াৰী এই নাওখনে বর্তমান জলপথত পৰিবহণৰ বাবে সাজু হৈ উঠিছে বুলি সদৰী কৰে বৈজ্ঞানিকৰ দলটোৱে। ইয়াৰ উপৰি নাওখনক প্রটটাইপৰ আকাৰ প্ৰদান কৰা হৈছে। ভৱিষ্যতে এই নাওখনে বাণিজ্যিক দিশতাে এক অগ্রণী ভূমিকা লাভ কৰিব। এই নাওখন নির্মাণ কৰােতে বৈজ্ঞানিকৰ দলটোৱে ল’ কষ্ট প্রিন্টাৰ তথা মেটেৰিয়াল ব্যৱহাৰ কৰিছে। বৈজ্ঞানিকসকলৰ দাবী ভৱিষ্যতে এই ধৰণৰ যানসমূহ চহৰৰ সৰু সৰু পুখুৰীত পৰিবহণৰ সুবিধার্থে ব্যৱহাৰ কৰিব পৰা যাব। কিয়নাে এই ধৰণৰ নৌকাযাত্রা পৰিচালনা খৰচ তেনেই কম। স্বয়ং চালিত এই নাওখনত আছে বিশেষ ধৰণৰ চেন্সৰ, মাইক্ৰ’কন্ট্রোলাৰছ, লকেচন ট্ৰেকাৰছৰ লগতে ৱাইফাই কানেকটিভিটি। উল্লেখ্য যে এই নাওখনত ব্যৱহাৰ কৰা অত্যাধুনিক প্রযুক্তিবিদ্যাই নাওখনক এক ব্যতিক্রমী ৰূপ প্ৰদান কৰিছে। প্রথম অৱস্থাত চালকবিহীন নাওকলৈ বহুতৰে মাজত এক আলােচনাৰ সৃষ্টি হৈছিল। কিন্তু বৈজ্ঞানিকসকলৰ নিখুত হাতৰ পৰশত প্রাণ পােৱা নাওখনে সেই বিতর্কৰ যেন সম্পূৰ্ণৰূপে অৱসান ঘটাইছিল। বর্তমান এই চালকবিহীন নাওখনে সকলােৰে মন জয় কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close