বিজ্ঞান

চার্কৰ আটাইতকৈ পুৰণি মস্তিষ্ক উদ্ধাৰ

উদ্ধাৰ হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি চার্কৰ মস্তিষ্ক। বৰফীয় আর্কেটিক পানীত উদ্ধাৰ হৈছে এই মস্তিষ্কটো। বৈজ্ঞানিকসকলৰ মতে এই চার্কৰ মস্তিষ্কটো ৫১২ বছৰ পুৰণি। কিয়নাে ৫১২ বছৰ পূৰ্বৰ চার্কসমূহৰ ওজন প্রায় এক টনতকৈ বেছি আছিল। ইয়াৰ উপৰি জন্মাৱস্থাত ইয়াৰ ওজন ১৫০৫ কিঃ গ্রাঃ আছিল। এই গ্রীনলেণ্ডৰ চার্কসমূহ ১ ডিগ্রী চেলচিয়াছৰ পৰা ১০ ডিগ্রী চেলচিয়াছৰ পানীত বাস কৰে। ৭,২০০ ফুট গভীৰতালৈকে সাঁতুৰিব পাৰে এই বিশেষ চার্কবিধে। মেট্র ব্রিটেইনৰ শেহতীয়া তথ্য অনুসৰি এই চার্কবিধ দীঘলে প্রায় ১৮ ফুট। এই বিশেষ চার্কসমূহ এবছৰত প্রায় ১ ছেঃমিঃ উচ্চতা বৃদ্ধি পায়। উদ্ধাৰ হােৱা মস্তিষ্কবিধ প্রায় ২৭২-৫১২ বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে। গ্রীনলেণ্ডৰ চার্কসমূহৰ জীৱনকাল আনুমানিক ৪০০ বছৰ। সেয়েহে উদ্ধাৰ হােৱা এই মস্তিষ্কটো আটাইতকৈ পুৰণি চার্কৰ বুলি ঠাৱৰ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close