প্ৰৱন্ধবিশেষশীৰ্ষ

চাইকেল চলোৱা ভাৰতীয় ৰকেট বিজ্ঞানী.

কেৰালা প্ৰদেশৰ থিৰুঅনন্তপুৰমৰ সমীপবৰ্তী এখন অখ্যাত ঠাই – থুম্বা। এখন অখ্যাত মাছমৰীয়া জনবসতিৰ গাওঁ। অখ্যাত হ’লেও বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই গাওঁখনৰ গুৰুত্ব যথেষ্ট বেছি, কিয়নো এই গাওঁখন পৃথিৱীৰ চুম্বকীয় বিষুব ৰেখাৰ তেনেই কাষতে। এই ভৌগোলিক বিশেষত্বৰ বাবেই 1962 চনত হোমী জাহাংগীৰ ভাবা আৰু বিক্ৰম চাৰাভাইৰ নেতৃত্বত থুম্বাত অংকুৰিত হৈ উঠে Indian National Committee for Space Research বা চমুকৈ INCOSPAR নামৰ ভাৰতীয় মহাকাশ বিজ্ঞানৰ প্ৰথমটো বীজ।
সেয়া 1963 চনৰ কথা। INCOSPARত কেইজনমান যুৱ ভাৰতীয় বিজ্ঞানীৰ ওপৰত ন্যস্ত কৰা হ’ল সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰ আধাৰত মহাকাশ পৰিক্ৰমাৰ বাবে ৰকেট তৈয়াৰ কৰাৰ দায়িত্ব। এ পি জে আব্দুল কালাম প্ৰমূখ্যে সকলোবোৰ বিজ্ঞানী ব্যস্ত হৈ পৰিল আৰু যথাসময়ত তৈয়াৰ হৈ উঠিল এটি ক্ষুদ্ৰ ৰকেট। এতিয়া সমস্যা হৈ থিয় দিলে উৎক্ষেপণ ক্ষেত্ৰৰ অভাৱ। পিছে আমাৰ যুৱ বিজ্ঞানী সকলো কম নহয়। থুম্বাৰ St Mary Magadelene’s Church নামৰ স্থানীয় এটা কেথলিক গীৰ্জাৰ চৌহদটোৱেই তেওঁলোকে বাচি ল’লে ৰকেট উৎক্ষেপণ বাবে। গীৰ্জাৰ বিচপৰ কোঠাটো আমাৰ বিজ্ঞানী সকলে প্ৰস্তুত কৰি ল’লে নিয়ন্ত্ৰণ কক্ষ হিচাবে আৰু কাষৰেই নাৰিকল বাগানখন সাজু কৰি উলিয়ালে উৎক্ষেপণ ক্ষেত্ৰ হিচাবে। বিচপৰ গোহালিটো পৰিষ্কাৰ কৰি সজাই তোলা হ’ল বিজ্ঞানী সকলৰ বিশ্ৰাম গৃহলৈ।
উৎক্ষেপণ কৰিবলগীয়া ৰকেটটোৰ সহায়ত বিজ্ঞানী সকলে বায়ুমণ্ডলৰ উষ্ণতা, বায়ুমণ্ডলীয় গেছৰ ব্যাপণ আৰু বতাহৰ গতি সম্বন্ধে অধ্যয়ন কৰিব। ইতিমধ্যে দুখলপীয়া ৰকেটৰ বাবে প্ৰয়োজনীয় ইন্ধন আৰু বায়ুমণ্ডলৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা ছডিয়াম সংগ্ৰহ কৰা হৈছে। বিজ্ঞানীসকল এতিয়া পুনৰ চিন্তাত পৰিল কাৰণ তৈয়াৰ কৰা ৰকেটৰ বিভিন্ন অংশবিশেষ, ইন্ধন, পেল’ড আদিবোৰ গীৰ্জাৰ পৰা নাৰিকলৰ বাগান অৰ্থাৎ উৎক্ষেপণ স্থলীলৈ কঢ়িয়াই নিয়া যায় কেনেকৈ !
শেষত সিদ্ধান্ত লোৱা হ’ল যে ৰকেট আৰু ইয়াৰ বিভিন্ন অংশবোৰ গৰুগাড়ীত তুলি লাহে ধীৰে নাৰিকলৰ বাগানখনলৈ কঢ়িয়াই নিয়া হ’ব। কথা মতেই কাম। 1963 চনৰ 21 নৱেম্বৰৰ কথা। বিজ্ঞানীসকলে গৰুগাড়ীত ৰকেট আৰু চাইকেলৰ কেৰিয়াৰত অন্যান্য প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীবোৰ বান্ধি পুৱাতেই ওলাল নাৰিকলৰ বাগানৰ উৎক্ষেপণ কেন্দ্ৰলৈ বুলি। এ পি জে আব্দুল কালামে সহযোগী বিজ্ঞানী এজনে চলোৱা চাইকেলৰ কেৰিয়াৰতে বহি লৈ উৎক্ষেপণ কেন্দ্ৰলৈ আগবাঢ়িল। গন্তব্য স্থানত গৈ পোৱাৰ পিছত বিজ্ঞানীসকলে ৰকেটৰ বিভিন্ন অংশসমূহ সঠিক ভাবে সংস্থাপন কৰি শেষবাৰৰ বাবে তন্ন তন্নকৈ পৰীক্ষা কৰিলে। যেতিয়া সকলো থিকে থকা বুলি নিশ্চিত হ’ল, তেতিয়া তেওঁলোকে কাউণ্ট ডাউন আৰম্ভ কৰিলে: 5, 4, 3, 2, 1, 0….
মূহুৰ্তৰ ভিতৰতে থুম্বাৰ আকাশত সুমথিৰা হালধীয়া বৰণৰ ছডিয়াম বাষ্পৰ ধোঁৱাৰ একা বেকা ৰেখা আঁকি ভাৰতৰ প্ৰথমটো ৰকেটে মহাকাশলৈ গতি কৰিলে। বিজ্ঞানীসকলে আনন্দত ইজনে সিজনক সাৱটি ধৰিলে। অপলক দৃষ্টিৰে ভাৰতৰ যুৱ বিজ্ঞানীসকলে আকাশৰ পিনে চাই ৰ’ল। ভাৰতবৰ্ষৰ প্ৰথমটো ৰকেটে বিশ্ববাসীক ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ কৃতকাৰ্যতাৰ বাতৰি দিবলৈ যেন উৰি গ’ল ওপৰলৈ আৰু বহু ওপৰলৈ…।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close