অসমচিন্তাজগতভাল খবৰশীৰ্ষ

চলন্ত স্কুটিৰ ওপৰত হেণ্ডেল নধৰাকৈ ১৫০ কি:মি: পথ অতিক্ৰম কৰি ৯ খন বিশেষ ছবি অংকন কৰিলে শিৰোমণি দলেয়ে

ভিলেজ ৰকষ্টাৰ্ছলৈও ছবি আঁকি চলালে প্ৰচাৰ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, ভাল খবৰ: নাকেৰে ছবি অঁকা চিত্ৰশিল্পী শিৰোমণি দলেয়ে আজি লিমকা বুক অৱ ৰেকৰ্ড আৰু গীনিজ বুক অৱ ৰেকৰ্ড ত স্থান লাভৰ বাবে ঢকুৱাখনাৰ পৰা জোনাইলৈ ১৫০ কি:মি:পথ হেণ্ডেল নধৰাকৈ স্কুটিৰে ৪ ঘণ্টা অতিক্ৰম কৰি নাকেৰে ৯ খন ছবি অংকন কৰে।
ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড আৰু সন্মাৰ গৰাকী হোৱা শিৰোমণি দলেয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই “মিছন শ্বহীদ কমলা মিৰি” নামৰে কমলা মিৰিৰ ৬ খন ছবি, মহাত্মা গান্ধীৰ ১ খন আৰু ভগৎ সিঙৰ এখনকৈ ছবি নাকেৰে অংকন কৰে ঢকুৱাখনাৰ পৰা জোনাইলৈ চলন্ত স্কুটিৰ ওপৰত।

উল্লেখযোগ্য যে, ঢকুৱাখনাৰ পৰা জোনাইলৈ ১৫০ কি:মি:পথ হেণ্ডেল নধৰাকৈ অতিক্ৰম কৰা যাত্ৰাৰ পুৱা ১০.৩০ বজাত শুভাৰম্ভ কৰে ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।ইয়াৰ পূৰ্বে ঢকুৱাখনাৰ অতিৰিক্ত আৱৰ্ত ভৱনত এক অনুষ্ঠানত শিৰোমণি দলেক টি,এম,পি,কে’ৰ ঢকুৱাখনা জিলা আৰু টাউন কমিটিৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানত পৰ্যবেক্ষক হিচাপে ঢকুৱাখনা মহকুমাৰ মীন বিষয়া হীৰণ পেগুৱে অংশগ্ৰহণ কৰে। অন্যহাতে ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়া চেনিৰাম শইকীয়াই শিৰোমণিয়ে যাত্ৰা কৰা স্কুটিৰ ষ্টাৰ্ট দিয়ে। এই কাৰ্যসূচীত শিৰোমণিক সহযোগিতা কৰে টি.এম.পি.কেৰ কেন্দ্ৰীয় কমিটি, ঢকুৱাখনা জিলা কমিটি অৰু ঢকুৱাখনা টাউন কমিটিয়ে। জোনাইত গৈ উপস্থিত হোৱা শিৰোমণি দলেয়ে অস্কাৰৰ নমিনেশ্বন লাভ কৰা ছবি “ভিলেজ ৰকষ্টাৰ” ৰ প্ৰচাৰৰ বাবেও এখন ছবি নাকেৰে আঁকি সমবেত জনতাক আমোদ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close