অসমবিশেষশীৰ্ষ

চন্দ্ৰ লুইটেলক অসম মৌচম কবি সন্মিলনৰ মৌচম বঁটা প্ৰদান

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

অসম মৌচম কবি সন্মিলনে বিশ্বনাথ চাৰিআলিৰ কবি গল্পকাৰ তথা সাংবাদিক চন্দ্ৰ লুইটেললৈ এই বৰ্ষৰ মৌচম বঁটা সন্মান প্ৰদান কৰিছে। গুৱাহাটী নীলাচল পাহাৰস্থিত কামাখ্যা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ১৭ নৱেম্বৰত অনুষ্ঠিত হোৱা অসম মৌচম কবি সন্মিলনৰ সপ্তম বাৰ্ষিক মৌচম বঁটা সন্মান প্ৰদান এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বঁটা সন্মান গ্ৰহণ কৰে লুইটেলে। ইয়াৰে চাৰিআলি একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা লেহুগাওঁ নিবাসী চন্দ্ৰ লুইটেলে বহু বছৰ ধৰি অতি নিষ্ঠা আৰু সততাৰে সাহিত্য চৰ্চাৰ লগতে বিভিন্ন কাকতত সংবাদ সেৱা আগবঢ়াই আহিছে। অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য চৰ্চা কৰি ভালপোৱা এই গৰাকী সাহিত্যিকৰ ইতিপূৰ্বে কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। বিশেষকৈ চুটিগল্প আৰু কবিতা প্ৰতি বেছিকৈ অনুৰক্ত তথা কবিতা আবৃত্তি কৰি অতি ভালপোৱা এই জন কবি সাহিত্যিকৰ কেইবাটাও গল্প আৰু কবিতা ইতিমধ্যে গুৱাহাটী অনাতাঁৰ যোগে সম্প্ৰচাৰ হৈছে। বিশ্বনাথ চাৰিআলি এজন কবি হিচাপে লাভ কৰা উক্ত সন্মানৰ বাবে গুণী সমাজে গৌৰৱ অনুভৱ কৰিছে লগতে তেওঁলৈ আন্তৰিক শুভেচ্ছা জনাইছে।
.

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close