আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানশীৰ্ষ

চন্দ্ৰৰ টুকুৰাৰ নিলাম

চন্দ্ৰৰ তিনিটা ক্ষুদ্র কণাৰ মূল্য ৮ লাখ ৫৫ হাজাৰ ডলাৰ উঠিল নিলামত। ১৯৭০ বৰ্ষত ৰাছিয়াৰ ‘লুনা ১৬’ অভিযানত পৃথিৱীৰ বুকুলৈ লৈ অহা হৈছিল চন্দ্ৰৰ কিছু ক্ষুদ্র কণা। পৰৱৰ্তী সময়ত ইয়াৰ তিনিটা টুকুৰা ৰুছ চৰকাৰে ছােভিয়েট স্পেচ প্ৰগ্ৰেমৰ প্রয়াত চীফ ডিজাইনাৰ তথা পৰিচালক পাভলােচিচ কোৰােলেভৰ পত্নী নিনা ইভানােভানাক উপহাৰ হিচাপে দিয়ে। ১৯৯৩ বৰ্ষত উক্ত টুকুৰা তিনিটা কোনাে অজ্ঞাত পৰিচয়ৰ ব্যক্তিয়ে ৪ লাখ ৪২ হাজাৰ ৫০০ ডলাৰৰ বিনিময়ত নিলামত ক্ৰয় কৰিছিল। অলপতে পুনৰবাৰ চন্দ্ৰৰ টুকুৰাকেইটা নিলামত উঠোৱা হয়। এইবাৰ উক্ত টুকুৰা তিনিটা ক্রয় কৰে এজন মার্কিন সংগ্রাহকে। নিৰাপত্তাৰ খাতিৰত এইবাৰাে গােপনে ৰখা হয় ক্রেতাৰ নাম। ১৯৬৯ বৰ্ষৰ পৰা ১৯৭২ বৰ্ষৰ ভিতৰত আমেৰিকাই চন্দ্ৰৰ পৰা প্রায় ৩৮২ কেজি মাটি ক্রয় কৰিছিল। তাৰ তুলনাত লুনা ল্যাণ্ডার্ডে আনিছিল ৩০১ গ্রাম। আমেৰিকাৰ লগতে ৰাছিয়াই অনা প্রায়ভাগ নমুনা চৰকাৰীভাৱে গােপনে ৰখা হৈছে। সেইবােৰ ক্ৰয় কৰা বা বিক্ৰী কৰা নহয়। লুনা-১৬ ৰ নমমিনাই একমাত্র ব্যতিক্রম। ইয়াৰ আঁৰত আছে এটি কাহিনী। এই অভিযানত কোনাে মানুহ পঠিওৱা হােৱা নাছিল। পঠিওৱা হৈছিল এটি ৰবৰ্ট। সেই ৰবৰ্টটিয়ে কঢ়িয়াই আনিছিল চন্দ্ৰৰ এই তিনিটা ক্ষুদ্র কণা। এটি সৰু কাচৰ বাকচত সজাই থােৱা হৈছে। চন্দ্ৰৰ কণা তিনিটা। তলত ৫.৪ ছেঃমিঃ ধাতৱ প্লেটত সুন্দৰকৈ লিখা আছে “লুনা-১৬’ৰ অনা মুখৰক। এখন মেগনিফিয়াৰ লগাই ৰখা হৈছে চন্দ্র কণাবােৰ ডাঙৰকৈ দেখা পাবৰ বাবে। এই চন্দ্র কণাবােৰ প্রথমে চৰকাৰী সম্পত্তি আছিল পিছৰ পৰ্যায়ত বাৰােলেভৰ পত্নীক উপহাৰ হিচাপে দিয়া হয়। ছােভিয়েটৰ মহাকাশ গৱেষণাৰ স্তম্ভ আছিল কোৰােলেভ। ১৯৬৬ চনত তেওঁৰ মৃত্য হয়। কোৰােলেভৰ তত্বাৱধানতে প্রথম ৰকেট উৎক্ষেপণ যন্ত্র নির্মাণ, কৃত্রিম উপগ্রহ মহাকাশলৈ প্ৰেৰণ, প্রথম মহাকাশলৈ মানুহ পঠিওৱা, প্রথম মহিলাক মহাকাশলৈ পঠিওৱা আদি হৈছিল। কাৰােলেভৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীক স্বীকৃতি বা ক্ষতিপূৰণ হিচাপে দিছিল। ১৯৯৩ চনত প্ৰথমবাৰ সেই চন্দ্র কণাখিনি নিলামত উঠিছিল আৰু এইবাৰ চদবিজৰ দ্বাৰা পুনৰ নিলামত উঠোৱা হয় চন্দ্র কণাখিনি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close