বিজ্ঞানশীৰ্ষ

চন্দ্ৰৰ কক্ষপথত পদাৰ্পণ চন্দ্ৰ যান ২

২২ জুলাইত শ্ৰীহৰিকোট্টাৰ পৰা মহাকাশলৈ উৰা মৰা চন্দ্ৰযান ২ য়ে আজি অৰ্থাৎ ২০ আগষ্টত চন্দ্ৰৰ কক্ষপথত সফলতাৰে পদাৰ্পণ কৰে। ভাৰতীয় সময় অনুসৰি পুৱা ৯.০২ মিনিটত যানখনে পৃথিৱীৰ মায়া এৰি চন্দ্ৰৰ কক্ষপথলৈ গতি কৰে। সম্প্ৰতি চন্দ্ৰযান ২ য়ে অৱস্থান কৰিছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ পোনপটীয়া পথত। ইয়াৰ পূৰ্বে যানখনে ১৭ দিনত পৃথিৱীক পাঁচবাৰ প্ৰদক্ষিণ কৰিছে।

চন্দ্ৰৰ কক্ষপথত পদাৰ্পণ কৰা যানখনে চন্দ্ৰৰ ১০০ কি:মি: নিলগেৰে চন্দ্ৰক প্ৰদক্ষিণ কৰিব। এইদৰে লুনাৰ অৰ্বিটাৰ, লুনাৰ লেন্ডাৰ আৰু লুনাৰ ৰ’ভাৰে নিজৰ কাৰ্য ক্ৰমান্বয়ে সম্পাদন কৰি ৭ চেপ্টেম্বৰত বিক্ৰমে চন্দ্ৰপৃষ্ঠত অৱতৰন কৰিব। এয়া সচাকৈয়ে প্ৰত্যাহ্বানজনক। কিয়নো চন্দ্ৰপৃষ্ঠত সুকলমে এটি যন্ত্ৰ বা পদাৰ্থ অৱতৰন কৰাটো যথেষ্ট কঠিনতম প্ৰক্ৰিয়া। ইয়াৰ পিছতেই লেন্ডাৰ বিক্রমৰ পৰা পৃথক হৈ চন্দ্ৰৰ বুকুলৈ ওলাই যাব লুনাৰ ৰভাৰ প্ৰজ্ঞান। এই প্ৰজ্ঞানেই একাধিক পৰীক্ষা নিৰীক্ষা কৰি ভাৰতীয় মহাকাশ বিজ্ঞানৰ ভঁৰাল চহকী কৰিব।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close