আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

চকলেট প্রস্তুতকৰণৰ আঁৰৰ কাহিনী

চকলেট হয়তাে সকলােৰে প্রিয়। কম বেছি পৰিমাণে হয়তাে চকলেট সকলােৱে ভালপায়। কিন্তু এই চকলেট কিদৰে প্ৰস্তুত কৰা হয় আপােনালােকে জানেনে? প্রকৃত অর্থত কবলৈ গলে চকলেট তৈয়াৰ কৰা পন্থাটো সহজ নহয়। যদিহে চকলেট প্রস্তুত কৰাত কোনােধৰণৰ ভুল ৰৈ যায় তেন্তে সােৱাদৰ ক্ষেত্ৰত ব্যাঘাত হ’ব পাৰে। সেয়ে একমাত্র বৈজ্ঞানিক পদ্ধতি প্রয়ােগ কৰি আদৰ্শ চকলেট তৈয়াৰ কৰা সম্ভৱ। অৱশ্যে আদর্শ টফি বা চকলেট প্রস্তুত কৰাটো সহজ কথা নহয়। ৰাসায়নিক, প্রাকৃতিক ইত্যাদি বহু প্রকাৰৰ সমস্যাই চকলেট প্রস্তুত কৰণত বাধা প্রদান কৰিব পাৰে। ইয়াৰ ভিতৰত ‘ফ্যাট ব্লুম’অন্যতম। শেহতীয়া তথ্য অনুসৰি ফ্যাট ব্লুম হৈছে চকলেটৰ ওপৰৰ বগা ৰ। অন্য চকলেটৰ সৈতে তুলনা কৰিলেই ইয়াৰ পার্থক্য দেখিবলৈ পােৱা যায়। লিলিয়া আর্নে নামৰ এজন চকলেট বিশেষজ্ঞই ফ্যাট ব্লুম সমস্যাৰ সমাধান বিচাৰি ‘প্র’ প্রালিন নামৰ এটি ইউৰােপীয় প্রকল্পৰ হাতত নেতৃত্ব প্রদান কৰিছে। সেই বৈজ্ঞানিকজনে চকলেট প্রস্তুত কাৰকসকলৰ হাতত তুলি দাঙি ধৰা হ’ব। এই সন্দৰ্ভত এগৰাকী বিশেষজ্ঞই কয় যে ইঞ্জিনীয়াৰসকলে ইতিমধ্যেই এই চকলেটৰ নমুনা পৰীক্ষাগাৰত বিশ্লেষণ আগবঢ়াইছে। বিশ্লেষণৰ পাছতেই প্রতিষ্ঠানটোৱে চকলেট প্রস্তুতকৰণৰ বাবে নতুন যন্ত্র বিনিয়ােগ কৰিছে। চকলেট প্রস্তুতকৰণ প্রক্রিয়াত ফ্যাট ব্লুম আঁতৰােৱাৰ মূল চাবি কাঠি হ’ল সঠিক তাপমাত্রা। তাৰ পিছত মিশ্রণৰ আগতে গৰম কৰিব লাগে। সঠিক মাত্রাত টেমপাৰিং প্রক্রিয়া কৰিলে চকলেটৰ সােৱাদৰ মাত্রা যথেষ্ট বৃদ্ধি পায়। উল্লেখ্য যে চকলেট উৎপাদন প্রক্রিয়া আয়ত্ব কৰিব পাৰিলে সােৱাদৰ ক্ষেত্ৰত আৰু নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব বুলি সদৰী কৰে চকলেট প্রস্তুতকাৰীৰ দলটোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close