শীৰ্ষসাংস্কৃতিক

ঘাঁহিগাঁৱত অভিজ্ঞানমৰ অভিনয় কৰ্মশালাৰ সফল সামৰণি

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছিকিম শাখা প্ৰতিস্থানৰ পৰা ডিপ্ল’মা গ্ৰহন কৰি সফলতাৰে ওলাই আহি পৰবৰ্তী সময়ত শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হৈ বৰ্তমান মাজুলী কমলাবাৰীৰ এখন বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা জাহ্নৱী বৰাই কেইগৰাকীমান নাট্যানুৰাগী সুহৃদ ব্যক্তিৰ লগ হৈ চলিত বৰ্ষতে গঠন কৰে ‘অভিজ্ঞানম আৰ্ট এণ্ড কালচাৰ ছ’চাইটি , ঘাঁহিগাঁও’ নামৰ অনুষ্ঠানটিৰ ৷ নাটকৰ জৰিয়তেই জীৱনৰ জয়গান গাম বুলি ভবা জাহ্নৱী বৰাই পৰিস্থিতিৰ তাগিদাত শিক্ষকতাৰ বৃত্তিৰ লগত জড়িত হৈ পৰে যদিও নিজৰ জন্মভুমি গহপুৰৰ ঘাঁহিগাঁৱত নাট্যচৰ্চাৰ এখন সুকীয়া মঞ্চ সৃষ্টি কৰাৰ মানসেৰে ‘অভিজ্ঞানম আৰ্ট এণ্ড কালছাৰ ছ’চাইটি’ নামৰ অনুষ্ঠানটিক আগবঢ়াই নিয়ে ৰাইজৰ মাজলৈ ৷

ছাত্ৰ ছাত্ৰীৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত প্ৰথম বাৰৰ বাবে অভিজ্ঞানম আৰ্ট এণ্ড কালছাৰ ছ’চাইটিয়ে বৰঙাবাৰীৰ মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫ জুলাইৰ পৰা কুৰিদিনীয়া অভিনয় কৰ্মশালাৰ আয়োজন কৰে ৷ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ বিভিন্ন স্থানৰ ছাত্ৰ ছাত্ৰী আৰু নাটকৰ প্ৰতি আগ্ৰহী বহুকেইগৰাকী মহিলাইও প্ৰশিক্ষাৰ্থী হিচাপে অংশলোৱা কৰ্মশালাত ছিকিমৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় শাখা প্ৰতিষ্ঠানৰ পৰা সফলতাৰে উত্তীৰ্ণ হোৱা বিদ্যুৎ কুমাৰ নাথ, বেনুধৰ পাটোৱাৰী, অঞ্জল বৰা আৰু জাহ্নৱী বৰাই প্ৰশিক্ষক হিচাপে অংশগ্ৰহন কৰে ৷ আজি কৰ্মশালাৰ অন্তিম দিন উপলক্ষে ঘাঁহিগাঁৱৰ সুধাকন্ঠ ড° ভূপেন হাজৰিকা ৰঙ্গমঞ্চত অনুষ্ঠিত কৰে কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ ৷ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপ সভানেত্ৰী, অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী কৃপালী গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলে ভক্তি বন্দনা পৰিৱেশনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ অভিজ্ঞানম আৰ্ট এণ্ড কালছাৰ ছ’চাইটিৰ সম্পাদিকা জাহ্নৱী বৰাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু ছয়দুৱাৰ ক্ৰীড়া সন্থাৰ সম্পাদক তথা শিক্ষক ৰূপম ৰাজখোৱাই আঁতধৰা সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী সিদ্ধেশ্বৰ হাজৰিকাই ৷ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে বিশ্বনাথ জিলা সাহিত্য সভাৰ উপ সভাপতি, শিক্ষাবিদ, সমাজকৰ্মী দ্বিজেন ভূঞাই ভাষণ আগবঢ়াই অভিজ্ঞানম আৰ্ট এণ্ড কালছাৰ ছ’চাইটিয়ে বৃহত্তৰ অঞ্চলটোত এক সুস্থ নাট্য চৰ্চাৰ ক্ষেত্ৰ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰাৰ লগতে জাহ্নৱী বৰাৰ কৰ্ম্যোদমৰ প্ৰশংসা কৰে ৷ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক যাদৱ চলিহাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহন কৰে অনুষ্ঠানটোত ৷ ‘গছ থাকিলেহে মানুহ থাকিব’ বাণীৰে এখন হৃদয়স্পৰ্শী মুকাভিনয়ৰ নাটক সামৰণি অনুষ্ঠানত পৰিৱেশন কৰে কৰ্মশালাৰ প্ৰশিক্ষণ গ্ৰহন কৰা শিক্ষাৰ্থীসকলে ৷ সামৰণি অনুষ্ঠানতে কৰ্মশালাৰ শিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷ অভিজ্ঞানম আৰ্ট এণ্ড কালছাৰ ছ’চাইটিৰ সভানেত্ৰী ৰূপাঞ্জু শৰ্মাই সামৰণি অনুষ্ঠানত বক্তব্য আগবঢ়োৱাৰ লগতে জাহ্নৱী বৰাই শলাগৰ শৰাই আগবঢ়ায় ৷ ইপিনে, মুল অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে ঘাঁহিগাঁও চাৰিআলিত চলিত সময়ৰ অনুভৱেৰে বানপানী কেন্দ্ৰীক এখন বাটৰ নাট পৰিৱেশন কৰে ৷ বাটৰ নাটখনে ৰাইজৰ যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হয় ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close