মনৰ খবৰশীৰ্ষ

গ্ৰীষ্মবন্ধত শিকা হাতৰ কামবোৰ

bhaskarjyoti boro

প্ৰতিজন স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে সেই গ্ৰীষ্ম বন্ধৰ মাহটো অধিৰ আগ্ৰহেৰে ওপেক্ষা কৰে।আনকি আমিও অতি আগ্ৰহেৰে বাট চাই ৰৈছিলো সেই বিশেষ মাহটোৰ বাবে।ছয়মাহিলী পৰীক্ষাৰ শেষত যেতিয়া গ্ৰীষ্মবন্ধৰ আৰাম্ভনি হয় তেতিয়া চিঞৰি চিঞৰি আনন্দত গাইছিলো-
“কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ”।
এৰা,সচাকৈয়ে আমি গোলাপ ফুলৰ গোন্ধ লৈছিলো।প্ৰকৃতি আৰু মানুহৰ সৈতে কেনেদৰে একাত্ম হব লাগে সেয়া আমি গ্ৰীষ্মবন্ধত শিকিছিলো।গ্ৰীষ্ম বন্ধৰ সময়ছোৱা যে আমি এনেয়ে পাৰ কৰিছিলো তেনে নহয়।জীৱন আৰু জীৱিকাৰ পাঠ শিকা সেই সময়ছোৱা সচাকৈয়ে অন্যতম সোনালী সময় আছিল।নতুন নতুন কথা আৰু অভিজ্ঞতাৰ সমল গোটাইছিলো গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত।গ্ৰীষ্ম বন্ধত ভ্ৰমন অথবা ফুৰিবলৈ যোৱাৰ কথা বঢ়াই নকলেও সকলোৱে বুজিব।পৰীক্ষাৰ আগৰে পৰাই চলি থাকে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা।বিশেষকৈ মামাৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ কথা প্ৰথমে মনলৈ আহে।আত্মীয় কুটুম্বৰ সৈতে মিলা মিচা কৰি নতুন নতুন কথা শিকাৰ লগতে সম্বন্ধৰ বান্ধ মজবুত হৈ পৰিছিল।মামাৰ ঘৰত শিকি অহা খেলসমূহ লগৰবোৰৰ লগত খেলি যিমান আনন্দ পাইছিলো সেয়া আজিৰ যান্ত্ৰিক পৃথিৱীৰ ভিডিওগেমেও দিব নোৱাৰে।আনহাতে গ্ৰীষ্ম বন্ধৰ সময়ত স্কুলৰ চাৰে কৰিব দিয়া হাতৰ কামবোৰে ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিছিল আৰু আজিও কৰে।ঘৰুৱা সৰু সুৰা কাম শিকাৰ লগতে মা দেউতাক কিছুমান কামত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে গ্ৰীষ্মবন্ধই আছিল বিশেষ সময়।শাওনৰ পথাৰত কঠিয়া তোলা আৰু নাঙলৰ মুঠি ধৰা হালোৱাজনলৈ চাহ জলপান দিবলৈ যোৱাটো এক নিয়মত পৰিণত হৈছিল।তাৰ লগে লগে বোকা পানীত উমলি পথাৰত মাছ ধৰা সময়বোৰে শৈশোৱৰ কোমল মনত বিমল আনন্দৰ বীজ ৰোপন কৰিছিল।গাঁওৰ অকৃতিম পৰিৱেশত বোকা পানী গচকি ডাঙৰ হোৱা প্ৰতিজন ব্যক্তিৰে সেয়া চিৰস্মৰণীয় মূহুৰ্ত হৈ ৰয় আৰু তেতিয়াই মানুহে উপলদ্ধি কৰে মানুহ আৰু প্ৰকৃতিৰ সম্বন্ধৰ কথা।


গ্ৰীষ্ম বন্ধই আমাক দৈনন্দিন জীৱনৰ ব্যৱহাৰ্য সা-সজুলিৰ সৈতে পৰিচিত কৰি তুলিছিল।ছাত্ৰ ছাত্ৰীৰ কোমল মনত উৎসুকতা,কলা আৰু সৃষ্টিমূলক দিশৰ বিকাশত গ্ৰীষ্মবন্ধ আছিল সচাকৈয়ে লেখত লবলগীয়া বিশেষ সময়।স্কুলৰ চাৰে দিয়া হাতৰ কামবোৰৰ ভিতৰত বাঢ়নি বনোৱা,চালনি,পাচি আদি বাহবেতৰ সামগ্ৰী অথবা মাটিৰ আম,অমিতা,ৰঙালাও তৈয়াৰ কৰি বন্ধৰ শেষত জমা দিয়া কামবোৰ উৎসুকতাৰে কৰিছিলো।তাৰ লগতে নিজৰ নিজৰ নাম ৰোল নম্বৰ লিখি লেবেল লগোৱা কামৰ আনন্দই আছিল সুকীয়া।বাঁহ বেতৰ কামবোৰ জনা ব্যক্তিৰ পৰা শিকি লোৱা অথবা কৌতুহলপূৰ্বকভাৱে সেইসমূহ কেনেকৈ তৈয়াৰ কৰে সেইবোৰ চাই থাকিয়েই অনাবিল তৃপ্তি পাইছিলো।উঁই মাটি বিচাৰি আনি আম,ৰঙালাও,অমিতা তৈয়াৰ কৰি সেইবোৰ ৰদত শুকাই ৰং কৰি গ্ৰীষ্ম বন্ধৰ শেষত স্কুলত জমা দিয়াটো আছিল আমাৰ অন্য এক দায়িত্ব।এইক্ষেত্ৰত ছোৱালীবোৰো ব্যতিক্ৰম নাছিল।সিহতৰ বাবেও আছিল সুকীয়া কিছুমান গৃহকাৰ্য।ৰুমাল,টেবুল ক্লথ আদি চিলাই কৰি স্কুলত জমা দিয়াৰ বাবে ছাত্ৰীসকলে এম্ব্ৰইডাৰী কৰি আকৰ্ষনীয়ভাৱে সজাই তুলিছিল।সেই টেবুল ক্লথসমূহ স্কুললৈ ডাঙৰ মানুহ আহিলে টেবুলত পাৰি দিয়া দেখিলে মনত যি আনন্দ প্ৰদান কৰিছিল সেয়া সচাকৈয়ে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।এইসমূহ হাতৰ কলাই আমাৰ দৈনন্দিন জীৱনৰ চাহিদাসমূহ পূৰণৰ বাবে উপযোগি শিক্ষা প্ৰদান কৰিছিল।হাতে কামে লাগি শিকাৰ ফলস্বৰূপে এইসমূহ কাৰ্য ছাত্ৰ ছাত্ৰীয়ে অতি সহজে আয়ত্ব কৰি লব পাৰিছিল।তদুপৰি হাতৰ কামসমূহে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যৎ নিৰাপত্তা আৰু বৃত্তিমূলক দিশটোও সামৰি লয়।সেয়ে এইসমূহৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰিক বিষয়সমূহৰ জ্ঞান লাভ কৰাৰ উপৰিও জীৱন আৰু জীৱিকাৰ উপযুক্ত পাঠ শিকে।


বৰ্তমান সময়ত যান্ত্ৰিকতা আৰু চহৰমুখী জীৱনে ক্ৰমাৎ বন্ধৰ দিন কমাই আনিছে।টিউচন,কচিং এইবোৰৰ মাজতেই ছাত্ৰ ছাত্ৰীসকল সোমাই থাকিবলগা হয়।আৰু প্ৰতিযোগিতাৰ ধামখুমিয়াত নিজকে একো একোটা যন্ত্ৰলৈ ৰূপান্তৰিত কৰি তোলে।যাৰ বাবে যন্ত্ৰবৎ হৈ পৰা মানুহে অফুৰন্ত সময় পায়ো প্ৰকৃতিৰ সৈতে একান্ত হৈ পৰিবলৈ সময় নোপোৱা হৈ পৰে।কৃত্ৰিম পৃথিৱীত মৰম,একতা,সহানুভূতি,জীৱনৰ আনন্দ,হৰ্ষ সকলোবোৰতেই কৃত্ৰিমতাই আৱৰি ধৰে।গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীক মূল্যবোধ আৰু জীৱনমুখী শিক্ষা প্ৰদান কৰা উচিত।কিন্তু এইসমূহ তেতিয়াহে লাভ কৰিব যেতিয়া ছাত্ৰ বা ছাত্ৰীসকলে নিজকে বুজিবলৈ নিজৰ হাতত সময় পাব।কেৱল মাত্ৰ মুখস্থবিদ্যা আৰু নম্বৰ উৎপাদনৰ মাজতেই সীমাবদ্ধ নাৰাখি জীৱনৰ মূল্যবোধক উপলদ্ধি কৰোৱাতো প্ৰতিজন অভিভাৱকৰে কৰ্তব্য।কাৰণ ব্যক্তি এজনৰ শিক্ষাৰ মূল্য কেৱল মাত্ৰ চাকৰি আৰু টকা উপাৰ্জনতেই সীমাবদ্ধ নহয়।আত্মপলোদ্ধি,দায়বদ্ধতা,জীৱনৰ সুখ দুখ অথবা জীৱন নিৰ্বাহৰ প্ৰয়োজনীয় জ্ঞান কৌশল প্ৰদান কৰাটোও শিক্ষাৰ গুৰুত্বপূৰ্ণ দিশ।গ্ৰীষ্মবন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীক মুক্তমনে আনন্দ উপভোগ আৰু আত্মোপলদ্ধিৰ যোগেদি চিন্তাশীল কৰি তোলা প্ৰয়োজন।গ্ৰামাঞ্চলৰ শিক্ষানুস্থানসমূহত গ্ৰীষ্মবন্ধৰ সময়ছোৱাত কৰা বিভিন্ন হাতৰ কামৰ মাজেৰে ছাত্ৰ ছাত্ৰীয়ে যি বৃত্তিমূলক শিক্ষা লাভ কৰিছিল সেয়া আজিৰ যান্ত্ৰিক অথচ উন্নত শিক্ষা ব্যৱস্থায়ো কৰিব পৰা নাই।পুথিগত বিদ্যাকে সাৰথি কৰি সংস্থাপনৰ বাট মোকোলাব পৰাটোও আজিৰ দিনত পৰ্বতত কাছৰ কনী বিচৰাৰ লেখিয়া।স্কুলীয়া দিনৰ বিভিন্ন ধৰণৰ হাতৰ কামে ছাত্ৰ ছাত্ৰীৰ কলাত্মক দিশ আৰু সুপ্ত সৃষ্টিশীলতাক বিকশিত কৰি তোলাই নহয়,ই স্বাৱলম্বিতাৰ পথ সুচল কৰি তোলে।যাৰ যোগেদি ছাত্ৰ বা ছাত্ৰী এজনে ভৱিষ্যতে হস্তকলাৰ যোগেদিয়েই আত্মসংস্থাপনৰ বাট মুকলি কৰিব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close