অসম

গ্লোবেল এডুকেশ্যন এণ্ড টেকন’বাৰ্ল্ডৰ অভিনন্দন অনুষ্ঠান

ভাল খবৰ, নলবাৰী: নলবাৰী জিলা চমতা আৰু হাৰিভাঙ্গাত অৱস্থিত কাৰিকৰী শিক্ষানুষ্ঠানখনে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। অভিনন্দন অনুষ্ঠানখনত নলবাৰী জিলাৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ সকলক সম্বৰ্ধনা জনোৱাৰ লগতে মানপত্ৰ প্ৰেৰণ কৰা হয়।

অতি গুৰু গম্ভীৰ অনুষ্ঠানটো ছাত্ৰ-ছাত্ৰী সকলক উদ্দ্যেশ্যি গ্লোবেল এডুকেশ্যন এণ্ড টেকন’বাৰ্ল্ডৰ শিক্ষাগুৰুসকলে ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিব কয় লগতে লক্ষ্য স্থিৰ কৰি ৰাখিবলৈ অনুৰোধ জনায়। লগতে মোবাইল ফোন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ’বলৈ জনায়। উক্ত অনুষ্ঠানৰ উপস্থিত আছিল নলবাৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক পুলক শৰ্মা, গ্লোবেল পৰিয়ালৰ শুভাকাংক্ষী ভাস্কৰ শৰ্মা, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দশম স্থান লাভ কৰা পম্পী বৰ্মন ( কলা শাখা ) আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত চতুৰ্থ স্থান লাভ কৰা দেৱাশীষ ভৰদ্বাজ। অভিভাৱক, শিক্ষক কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীৰ, আৰু সংবাদকৰ্মীৰ উপস্থিতিত অতি সুন্দৰ ৰূপত অনুষ্ঠানটো অনুষ্ঠিত হৈ যায়।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close