অসম

গোবিন্দপুৰত প্ৰীতিমূলক নগদ ধনৰ ফুটবল খেল সম্পন্ন

ভাল খবৰ সেৱা, চাচনী

যোৱা ইং. ১৫ আগষ্ট ২০১৯ তাৰিখে তিনিচুকীয়া জিলাৰ পূৱ গোবিন্দপুৰ খেল পথাৰত দুদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস উপলক্ষে নগদ ধনৰ ফুটবল খেল অনুষ্ঠিত হয় । যোগী পথাৰ , লাচিত যুৱক সংঘ , ওকনিমৰিয়া গাওঁ , গোবিন্দপুৰ গাওঁ , দেওশাল বাগিচা , ঈগল ক্লাৱ শ্ৰীপুৰীয়া , লাইপুলি যুৱক সংঘৰ দল , তিনিচুকীয়া চিভিল দলকে ধৰু মুঠ ষোল্লটা দলে অংশগ্ৰহণ কৰে । ১৮ আগষ্ট তাৰিখে চূড়ান্ত খেলখন লাচিত যুৱক সংঘ বনাম লোণপুৰীয়া এফ্ চি দলৰ মাজত অনুষ্ঠিত হয় । খেলখনৰ আৰম্ভণিতে দুয়ো দলৰ খেলুৱৈ সকলৰ মাজত চিনাকি কৰায় দিয়া হয় ক্ৰমে লেখক তথা শিক্ষক অমৃত ৰাজখোৱা আৰু সমাজসেৱক দ্বিগেন গগৈ দেৱক । চূড়ান্ত খেলত লোণপুৰীয়া এফ্ চি দলে ট্ৰাইবেকাৰ পদ্ধতিৰে লাচিত যুৱক সংঘক ২ – ১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে । খেল খনৰ পৰিচালক আছিল বাবুল দাস । লাইনমেন গণেশ গগৈ আৰু নৰেন্দ্ৰ চেতিয়া । বিজয়ী দলক দহ হাজাৰ আৰু বিজিত দলক সাত হাজাৰ টকাৰে পুৰষ্কৃত কৰা হয় । শ্ৰেষ্ঠ গলকীপাৰৰ বঁটা লাভ কৰে বিকু শইকীয়া আৰু শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে গৌতম তপ্নই । ৰুবুল বৰুৱাই আঁত ধৰা অনুষ্ঠানত ত্ৰৈলোক্য গগৈ , দিগন্ত গোহাঁই , ৰূপম চেতিয়া , বিতুপন বৰুৱা , ৰবি সোনোৱাল আদি উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close