বিশেষশীৰ্ষস্বাস্থ্য

গেষ্ট্ৰিক-এচিডিটি সমস্যাৰ কেইটামান ঘৰুৱা দিহা

জিন্তি বৈশ্য

গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যা আমাৰ মাজত প্ৰায়েৰে থাকে বুলি কলেও ভুল নহব কিজানি! আৰু এই সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমান সময়ত আমি বা আধুনিক চিকিৎসা বিজ্ঞানেও আমাৰ ওপৰত ব্যৱহাৰ কৰি আহিছে অনেক নামি দামি ঔষধ। কিন্তু আমাৰ হাতৰ মুঠিতে পোৱা প্রাকৃতিক উপাদান বোৰৰ দ্বাৰা যদি এনে সমস্যাৰ সমাধান কৰিব পৰা যায় তেনে ভাবকচোন কিমান ভাল হব।
আহক আজি জানো গাঠিৰ ধন খৰচ নকৰাকৈ ঘৰতেই পোৱা কি কি উপাদানৰ দ্বাৰা এনে সমস্যা নিৰাময়ৰ কৰিব পৰা যায়।
১)লং: যদি আপুনি গেষ্ট্ৰিকৰ সমস্যাত জর্জৰিত, তেনে লং হব পাৰে আপোনাৰ বাবে সঠিক পথ্য। মাত্ৰ দুটি লং দৈনিক মুখত লৈ চুবাওক আৰু ওলোৱা ৰস খিনি গিলি দিয়ক।এচিডিটিৰ সমস্যা নোহোৱা হব।
২)জিৰা: এক চাহ চামুচ জিৰা ভাজি লৈ গুড়ি কৰি লওক। মনত ৰাখিব যাতে একেবাৰে পাউদাৰৰ দৰে হৈ নপৰে। এই গুড়িৰ অলপ এক গ্লাচ পানীত মিহলাই প্ৰতিবাৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত পান কৰক।
গেষ্ট্ৰিক বা এচিডিটিৰ সমস্যা নোহোৱা হব।


৩)গুঁৰ: গুঁৰে আপোনাৰ বুকু জ্বলা-পূৰা তথা এচিডিটি পৰাও মুক্তি দিব পাৰে। যেতিয়াই বুকু জ্বলা-পূৰা কৰিব লগে লগে এটুকুৰা গুঁৰ মুখত লৈ চুপিব । ক্ৰমান্বয়ে জ্বলা-পূৰা কমি আহিব।
৪)পদিনা পাত: পদিনা পাতৰ ৰস গেষ্ট্ৰিকৰ সমস্যা দূৰীকৰণত বহু যুগ ধৰিয়েই ব্যৱহৃত হৈ আহিছে। প্রতিদিন পদিনা পাতাৰ ৰস বা পাত চোবাই খালে এচিডিটি ও বদহজমৰ সমস্যা নোহোৱা হয়।
৫)তুলসী পাত: হাজাৰ গুণেৰে সমৃদ্ধ তুলসীৰ কথা নজনা ব্যক্তি বোধে নাইয়ে। এচিডিটি দূৰীকৰণত তুলসীৰ ভূমিকা অনন্য। যেতিয়াই গেষ্ট্ৰিকৰ সমস্যাই উকাব লগে লগে ৫-৬ টি তুলসী পাত চুবাই খাওক। এচিডিটি ক্ৰমে কমি আহিব।
৬)আঁদা: আঁদাও এনে এটি ভেষজ উপাদান যি নেকি আমাৰ অনেক ৰোগত ব্যৱহাৰ কৰা হয়। প্রতিবাৰে খাদ্য গ্রহনৰ আধা ঘন্টা আগত সৰু এটুকোৰা আঁদা খালে গেষ্ট্ৰিকৰ সমস্যা সমূলি নোহোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close