অসমশিক্ষা

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ফলাফলত উজ্বলিল বজালী মহাবিদ্যালয়

চিন্ময় লহকৰ ,পাঠশালা

বিগত বছৰ সমূহৰ দৰে এইবাৰো বজালী মহকুমাৰ শিক্ষানগৰী পাঠশালাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কেবাজনো কৃতী ছাত্ৰ- ছাত্ৰীয়ে সুনাম কাঢ়িয়াই অনাৰ পিছত সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক শাখাৰ ফলাফলে এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে শিক্ষানগৰী পাঠশালাত । উল্লেখযোগ্য যে শিক্ষা , সংস্কৃতি আৰু মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰাৰ বাবে ১৯৫৫ চনতে পাঠশালাৰ বুকুত স্থাপন হৈছিল চৰকাৰী খণ্ডৰ বজালী মহাবিদ্যালয় । স্থাপন হোৱা কালৰে পৰা বহুতো কৃতী ছাত্ৰী ছাত্ৰীয়ে শৈক্ষিক , সাংস্কৃতিকে ধৰি বিভিন্ন দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি পাঠশালালৈ সুনাম কঢ়িয়াই আনিছে । ইতিমধ্যে বহুতো কৃতী ছাত্ৰী ছাত্ৰীয়ে বজালী মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিয়ে বিভিন্ন দেশত এক মৰ্যাদাসম্পন্ন কৰ্ম সংস্থান লাভ কৰিবলৈ সক্ষম হৈছে । NAAC দ্বাৰা A গ্ৰেড প্ৰাপ্ত নামনি অসমৰ উল্লেখযোগ্য এই শিক্ষানুষ্ঠানখনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০১৮-১৯ বৰ্ষৰ স্নাতক শাখাৰ ফলাফলত কেবাগৰাকী ছাত্ৰ – ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ভিতৰতে স্থান ভাল কৰি বজালী মহাবিদ্যালয় তথা বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিছে । যি সময়তে চৰকাৰী বিদ্যালয় – মহাবিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰীৰ উত্তীণৰ হাৰ নিন্মগামী হৈছে সেই সময়তে বজালী মহাবিদ্যালয় তথা বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উত্তীণৰ হাৰ বৃদ্ধি হোৱাত উৎফুল্লিত শিক্ষক – শিক্ষয়ত্ৰী তথা বজালীবাসী ৰাইজ । উল্লেখনীয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ঘোষণা হোৱা স্নাতক শাখাৰ ফলাফলত উদ্ভিদ বিজ্ঞান বিভাগত বিশ্ববিদ্যালয় খনৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে প্ৰাঞ্জনা নিয়াগি । ঠিক তেনেদৰে দৰ্শন বিভাগত প্ৰথম স্থান লাভ কৰিছে নিৰুপমা ৰয় , দ্বিতীয় স্থান লাভ কৰিছে য়াছমিন চুলতান , সংস্কৃত বিভাগত প্ৰথম স্থান লাভ কৰিছে জুৰি তালুকদাৰ , গণিত বিভাগত তৃতীয় স্থান লাভ কৰিছে পৰাগ শৰ্মা । উল্লেখ্য যে দৰ্শন বিভাগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা নিৰুপমা ৰয়ে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০১৫-১৬ বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলা শাখাৰ পৰা দশম স্থান লাভ কৰিছিল । উক্ত ফলাফলক লৈ উৎফুল্লিত হৈ পৰা উপৰিও কৃতী ছাত্ৰ – ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাতঃ অধ্যক্ষা তথা বৰ্তমানৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° চন্দনা শৰ্মাই । আনহাতে উক্ত ফলাফলৰ পিছতে কৃতী ছাত্ৰ – ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে ছাত্ৰ একতা সভাৰ সভাপতি শুভ্ৰজিৎ কলিতা আৰু সাধাৰণ সম্পাদক অৰ্ণৱ বৰ্মনে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close