অসম

গুৱাহাটীৰ ভৰলুমুখত সাংবাদিকতাৰ কৰ্মশালাৰ আয়োজন

নিউজ ডেক্স, ভাল খবৰ: গুৱাহাটীৰ ভৰলুমুখত ১১ জুলাইৰ পৰা গুৱাহাটীৰ এখন শৈক্ষিক প্ৰতিষ্ঠান ইনফোকেচনৰ উদ্যোগত আৰু ইনফোকেচন প্ৰফেচনেল ইনষ্টিটিউতৰ সহযোগত সাতদিনীয়াকৈ সাংবাদিকতাৰ ওপৰত এখনি কৰ্মশালাৰ আয়োজন কৰিছে। সাংবাদিকতা কেনেকৈ আৰু কিয় কৰা উচিত, সফল সাংবাদিক এজন হ’বলে কি কৰিব লাগিব কিহৰ ওপৰত অধিক জ্ঞান থাকিব লাগিব, এনেধৰণৰ বিভিন্ন বিষয়ৰ ওপৰতেই এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপ আদিৰ মাধ্যমৰে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ এই প্ৰশিক্ষণ কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব জেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী , জ্যেষ্ঠ সাংবাদিক কিৰণ কুমাৰ গগৈ, জ্যেষ্ঠ সাংবাদিক দিগন্ত মাধব গোস্বামী, সাংবাদিক জগদিশ ডেকা, চি কে জগদিশ, অংশুমান ভূষণ পাঠক লগতে বহুতো অভিজ্ঞ প্ৰশিক্ষক।

তাৰোপৰি কৰ্মশালাখনিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকিব অল ইণ্ডিয়ান ৰিপ’ৰ্টাৰ এছ’চিয়েশ্বন চমুকৈ আইৰাৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক পংকজ নাথৰ লগতে এসময়ত অসমীয়া বোলছবি জগতৰ অন্যতম নায়ক জনপ্ৰিয় অভিনেতা নিপন গোস্বামী৷ উক্ত অনুষ্ঠানত যোগদানৰ বাবে ইতিমধ্যে ভৰলুমুখস্থিত এছ বি আই বেংকৰ লগতে থকা ইনফোকেচনৰ কাৰ্যালয়ত প্ৰ-পত্ৰ দি থকাৰ কথা উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে।

ইয়াৰ উপৰিও আয়োজক সমিতিৰ তৰফৰ পৰা ৭০০২৫২৮৯৫০, ৯৮৬৪৪৩৪৫৭৪ নম্বৰত যোগাযোগ কৰি সবিশেষ তথ্য লাভ কৰিব পাৰিব লগতে অনুষ্ঠানটোত যোগদান কৰিব পাৰিব বুলি আয়োজক সমিতিৰ ফালৰ পৰা সাংবাদিক ছি কে জগদিশে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close